unfoldingWord 27 - এজন দয়ালু চমৰীয়াৰ কাহিনী
![unfoldingWord 27 - এজন দয়ালু চমৰীয়াৰ কাহিনী](https://static.globalrecordings.net/300x200/z42_Lk_10_09.jpg)
เค้าโครง: Luke 10:25-37
รหัสบทความ: 1227
ภาษา: Assamese
ผู้ฟัง: General
เป้าหมายของสื่อบันทึกเสียง: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
สถานะ: Approved
บทความเป็นแนวทางพื้นฐานสำหรับการแปลและบันทึกเสียงภาษาอื่นๆ ควรดัดแปลงตามความจำเป็นเพื่อให้เข้าใจและเหมาะสมกับวัฒนธรรมและภาษาแต่ละภาษา คำศัพท์และแนวคิดบางคำที่ใช้อาจต้องอธิบายเพิ่มเติม หรือแทนที่ หรือตัดออก
เนื้อหาบทความ
![](https://static.globalrecordings.net/300x200/z42_Lk_10_01.jpg)
এদিনাখন, এজন বিধান-পণ্ডিতে যীচুৰ ওচৰলৈ আহিলে ৷ তেওঁ সকলোৰে আগত যীচুৰ ভুল ধৰিবলৈ বিচাৰিছিল ৷ গতিকে তেওঁ সুধিলে, “গুৰু, অনন্ত জীৱন পাবৰ বাবে মই কি কৰিব লাগিব ?” যীচুৱে উত্তৰ দি কলে, “ঈশ্বৰৰ বিধানত কি লিখা আছে ?”
![](https://static.globalrecordings.net/300x200/z42_Lk_10_04.jpg)
তাতে তেওঁ কলে, “ইয়াত কোৱা হৈছে, তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা ৷ আৰু তোমাৰ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা ৷” তেতিয়া যীচুৱে কলে, “তুমি ঠিক উত্তৰ দিছা! তুমি যদি সেই দৰে কৰা তেনে হলে তুমি অনন্ত জীৱন লাভ কৰিবা ৷”
![](https://static.globalrecordings.net/300x200/z42_Lk_10_03.jpg)
কিন্তু বিধান পণ্ডিত জনে তাত উপস্থিত থকা মানুহৰ আগত নিজকে শুদ্ধ জীৱনৰ অধিকাৰী বুলি দেখুৱাবলৈ বিচাৰিলে ৷ গতিকে তেওঁ যীচুক সুধিলে, “তেনে হলে, মোৰ ওচৰ-চুবুৰীয়া কোন ?”
![](https://static.globalrecordings.net/300x200/z42_Lk_10_05.jpg)
যীচুৱে সেই বিধান পণ্ডিত গৰাকীক এটা কাহিনী কোৱাৰ দ্বাৰাই উত্তৰ দিলে, “এবাৰ এগৰাকী ইহুদী লোকে যিৰূচালেমৰ পৰা যিৰীহোলৈ যাত্ৰা কৰিছিল ৷”
![](https://static.globalrecordings.net/300x200/z42_Lk_10_06.jpg)
“কিন্তু কিছুমান ডকাইতে তেওঁক আক্ৰমণ কৰিলে ৷ আৰু তেওঁক মৰিয়াই আধামৰা কৰি বাটৰ দাঁতিত পেলাই থলে৷ তাৰ পিছত সিঁহত গুচি গল ৷”
![](https://static.globalrecordings.net/300x200/z42_Lk_10_07.jpg)
“তাৰ পিছতেই এজন যিহূদী পুৰোহিত সেই বাটেদি গৈছিল ৷ সেই পুৰোহিতে সেই মানুহজনক বাটৰ দাঁতিত পৰি থকা দেখিবলৈ পালে ৷ তেওঁ যেতিয়া সেই মানুহজনক দেখিলে তেতিয়া সেই মানুহ জন নেদেখাৰ ভাও ধৰিলে তেওঁ বাটৰ সিটো কাষেদি গুছিগল৷”
![](https://static.globalrecordings.net/300x200/z42_Lk_10_08.jpg)
“কিছু সময়ৰ পিছতে, এগৰাকী লেবীয়াও সেই বাটেদি গৈছিল ৷ (লেবীয়া বিলাক ইস্ৰায়েলৰ এটা গোষ্ঠি হয়, যিয়ে পুৰোহিত সকলক মন্দিৰৰ পৰিচৰ্যাত সহায় কৰে ৷) সেই লেবীয়া লোক জনেও সেই মানুহজনক পৰি থকা দেখিও আওকাণ কৰি এফলীয় হৈ গুচি গল”
![](https://static.globalrecordings.net/300x200/z42_Lk_10_09.jpg)
“ইয়াৰ পিছত এজন চৰমীয়া (চমৰীয়া আৰু যিহূদী সকলে ইজনে সিজনক ঘিণ কৰিছিল ৷) লোক সেই বাটেদি গৈছিল ৷ চমৰীয়া ব্যক্তি জনক বাটৰ কাষত পৰি থকা লোক জনক দেখিলে, আৰু তেওঁৰ সেই মানুহ জনৰ প্ৰতি তেওঁৰ বৰ দয়া উপজিল ৷ তাতে তেওঁ সেই লোকজনৰ কাষলৈ গল আৰু তেওঁৰ আঘাত পোৱা ঠাই বান্ধি দিলে ৷ ”
![](https://static.globalrecordings.net/300x200/z42_Lk_10_10.jpg)
“তাৰ পিছত সেই চমৰীয়া লোক জনে তেওঁক নিজৰ গাধৰ ওপৰত বহুৱাই লৈ গল৷ তেওঁ বাটৰ কাষতে থকা এটা আলহী ঘৰত ৰাখি তেওঁৰ শুশ্ৰূষা কৰিবলৈ ধৰিলে৷”
![](https://static.globalrecordings.net/300x200/z42_Lk_10_11.jpg)
“পিছদিনা, চমৰীয়া জনে যাত্ৰা কৰিব হল ৷ তেওঁ সেই ঘৰৰ গৰাকীক অলপ ধন দি তেওঁৰ দায়িত্ব দি তেওঁক কলে, ‘এই লোক জনক চোৱা-চিতা কৰিবা ৷ আৰু ধনৰ প্ৰয়োজন হলে মই উভতি অহাৰ সময়ত সেই ধন পৰিশোধ কৰিম ৷’”
![](https://static.globalrecordings.net/300x200/z42_Lk_10_12.jpg)
ইয়াৰ পিছত যীচুৱে সেই বিধান পণ্ডিত জনক সুধিলে, “তুমি কি ভাবা ? সেই ডকাইতৰ কবলত পৰা লোক জনৰ বাবে সেই বাটেদি যোৱা তিনিজনৰ ভিতৰৰ কোন জন লোক ওচৰ-চুবুবৰীয়া হল ?” তেওঁ উত্তৰ দি কলে, “যি জনে তেওঁলৈ দয়া দেখুৱালে ৷” তাতে যীচুৱে তেওঁক কলে, “তুমিও গৈ সেইদৰে কৰা ৷”