unfoldingWord 07 - ঈশ্বৰে যাকোবক আৰ্শীৰ্বাদ কৰা

Garis besar: Genesis 25:27-35:29
Nomor naskah: 1207
Bahasa: Assamese
Pengunjung: General
Tujuan: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Status: Approved
Naskah ini adalah petunjuk dasar untuk menerjemahkan dan merekam ke dalam bahasa-bahasa lain. Naskah ini harus disesuaikan seperlunya agar dapat dimengerti dan sesuai bagi setiap budaya dan bahasa yang berbeda. Beberapa istilah dan konsep yang digunakan mungkin butuh penjelasan lebih jauh, atau diganti atau bahkan dihilangkan.
Isi Naskah

লৰা দুজন ডাঙৰ হৈ অহাৰ লগে লগে, যাকোবে ঘৰতে থাকি ভাল পাইছিল, কিন্তু এচৌৱে চিকাৰ কৰি ভাল পাইছিল। যাকোব ৰেবিকাৰ অতি প্ৰিয় আছিল। কিন্তু এচৌ ইচাহাকৰ প্ৰিয় আছিল।

এদিনাখন এচৌৱে চিকাৰৰ পৰা অহাৰ পিছত, তেওঁৰ বৰ ভোক লাগিছিল। তাতে এচৌৱে যাকোবক ক’লে, “ মই বিনয় কৰো তুমি ৰন্ধা কিছু আহাৰ মোক খাবলৈ দিয়া। “ তেতিয়া যাকোবে তেওঁৰ ক’লে, “প্ৰথমতে তুমি প্ৰতিজ্ঞা কৰা যে জ্যেষ্ঠাধিকাৰত তুমি যিসকলো পাবা সেই সকলো মোক দিবা। তাতে এচৌ সকলো তেওঁক দিম বুলি প্ৰতিজ্ঞাবদ্ধ হ’ল। তেতিয়া যাকোবে কিছু আহাৰ দিলে৷

ইচাহাকে এচৌক তেওঁৰ আশীৰ্ব্বাদ দিবলৈ বিচাৰিছিল। কিন্ত তেওঁ সেই আশীৰ্ব্বাদ দিয়াৰ আগতেই ৰেবিকাই যাকোবক এচৌৰ দৰে ভাও দিয়াই এক চলনা কৰিলে। কিয়নো ইচাহাকে বৃদ্ধ হৈ চকুৰ দৃষ্টি শক্তি হেৰুৱাইছিল। তাৰ সুযোগ লৈ যাকোবে এচৌৰ কাপোৰ পৰিধান কৰি, দিঙিত আৰু হাতত ছাগৰ নোম লগালে।

যাকোবে ইচাহাকৰ ওচৰলৈ আহি ক’লে, “ মই এচৌ। মই তোমাৰ ওচৰলৈ আহিছো তোমাৰ পৰা আশীৰ্ব্বাদ লবলৈ।‘‘ এনেকি ছাগৰ নোম আৰু কাপোৰৰ গোন্ধত ইচাহাকে যাকোবকে এচৌ বুলি অনুভৱ কৰি তেওঁ আশীৰ্ব্বাদ কৰিলে।

এচৌৱে যাকোবক ঘিণ কৰিলে, কিয়নো যাকোবে চলকৰি জেষ্ঠ সনতানৰ জন্মধিকাৰ আৰু আশীৰ্ব্বাদ সমূহক বুদ্ধি কৰি ল’লে।সেয়েহে তেওঁ তেওঁৰ পিতৃ ইচাহাকৰ মৃত্যুৰ পাছত যাকোবক হত্যা কৰিবলৈ মনস্ত কৰিলে।

কিন্ত ৰেবিকাই এচৌৰ পৰিকল্পনা জানিব পাৰিলে। সেয়েহে ৰেবিকা আৰু ইচাহাকে যাোকবক দুৰণিত থকা তেওঁলোকৰ পৰিয়াল বোৰৰ ওচৰলৈ পাঠাই দিলে।

যাকোবে ৰিবেকাৰ পৰিয়ালৰ সৈতে বহু বছৰ কটালে। সেই সময়তে তেওঁ বিয়া কৰিল আৰু তেওঁৰ বাৰ জন পুত্ৰ আৰু এজনী ছোৱালী হ’ল। ঈশ্বৰে তেওঁক ঐশ্বৰ্য্যবান কৰিলে।

বাৰ বছৰ কানান দেশৰ নিজ ঘৰৰ পৰা আতৰত থাকি, যাকোবে তেওঁৰ পৰিয়াল, তেওঁৰ দাস, পোহনীয়া জন্তুৰে সৈতে পুণৰ ঘৰলৈ আহিল।

যাকোবে সেই সময়তো এচৌৱে তেওঁক হত্যা কৰিব বুলি শংকাকূল হৈ আছিল।সেয়েহে তেওঁ এচৌলৈ বুলি বহুতো পোহনীয়া জন্তু উপহাৰ স্বৰূপে আগবঢ়ালে। যি গৰাকী দাসে এচৌক এই সকলোবোৰ আনি দিছিল তেওঁ এচৌক ক’লে, “ আপোনাৰ দাস যাকোবে এই সকলোবোৰ আপোনাক দিছে, আৰু তেওঁ আহি আছে।”

কিন্তু এচৌৱে সেই সময়লৈকে যাকোবৰ প্ৰতি থকা সকলো ক্ৰোধ সামৰিলে আৰু তেওঁক হানি কৰিবলৈ মন নকৰিলে। বৰঞ্চ তেওঁ যাকোবক দেখি আনিন্দত হ’ল। তাতে যাকোবে আনন্দেৰে কানান দেশত বাস কৰিবলৈ ল’লে। কিছুসমৰ পাছত ইচাহাকৰ মৃত্যু হ’ল, যাকোব আৰু এচৌৱে তেওঁক মৈদাম দিলে। যি নিয়মটি ঈশ্বৰে আব্ৰাহামৰ সৈতে স্থাপন কৰিছিল সেই নিয়ম এতিয়া ইচাহাকৰ পৰা যাকোবলৈ আহিল।