एउटा भाषा चयन गर्नुहोस्

unfoldingWord 07 - ঈশ্বৰে যাকোবক আৰ্শীৰ্বাদ কৰা

unfoldingWord 07 - ঈশ্বৰে যাকোবক আৰ্শীৰ্বাদ কৰা

रूपरेखा: Genesis 25:27-35:29

लिपि नम्बर: 1207

भाषा: Assamese

दर्शक: General

उद्देश्य: Evangelism; Teaching

विशेषताहरू: Bible Stories; Paraphrase Scripture

स्थिति: Approved

लिपिहरू अन्य भाषाहरूमा अनुवाद र रेकर्डिङका लागि आधारभूत दिशानिर्देशहरू हुन्। तिनीहरूलाई प्रत्येक फरक संस्कृति र भाषाको लागि बुझ्न योग्य र सान्दर्भिक बनाउन आवश्यक रूपमा अनुकूलित हुनुपर्छ। प्रयोग गरिएका केही सर्तहरू र अवधारणाहरूलाई थप व्याख्याको आवश्यकता हुन सक्छ वा पूर्ण रूपमा प्रतिस्थापन वा मेटाउन पनि सकिन्छ।

लिपि पाठ

লৰা দুজন ডাঙৰ হৈ অহাৰ লগে লগে, যাকোবে ঘৰতে থাকি ভাল পাইছিল, কিন্তু এচৌৱে চিকাৰ কৰি ভাল পাইছিল। যাকোব ৰেবিকাৰ অতি প্ৰিয় আছিল। কিন্তু এচৌ ইচাহাকৰ প্ৰিয় আছিল।

এদিনাখন এচৌৱে চিকাৰৰ পৰা অহাৰ পিছত, তেওঁৰ বৰ ভোক লাগিছিল। তাতে এচৌৱে যাকোবক ক’লে, “ মই বিনয় কৰো তুমি ৰন্ধা কিছু আহাৰ মোক খাবলৈ দিয়া। “ তেতিয়া যাকোবে তেওঁৰ ক’লে, “প্ৰথমতে তুমি প্ৰতিজ্ঞা কৰা যে জ্যেষ্ঠাধিকাৰত তুমি যিসকলো পাবা সেই সকলো মোক দিবা। তাতে এচৌ সকলো তেওঁক দিম বুলি প্ৰতিজ্ঞাবদ্ধ হ’ল। তেতিয়া যাকোবে কিছু আহাৰ দিলে৷

ইচাহাকে এচৌক তেওঁৰ আশীৰ্ব্বাদ দিবলৈ বিচাৰিছিল। কিন্ত তেওঁ সেই আশীৰ্ব্বাদ দিয়াৰ আগতেই ৰেবিকাই যাকোবক এচৌৰ দৰে ভাও দিয়াই এক চলনা কৰিলে। কিয়নো ইচাহাকে বৃদ্ধ হৈ চকুৰ দৃষ্টি শক্তি হেৰুৱাইছিল। তাৰ সুযোগ লৈ যাকোবে এচৌৰ কাপোৰ পৰিধান কৰি, দিঙিত আৰু হাতত ছাগৰ নোম লগালে।

যাকোবে ইচাহাকৰ ওচৰলৈ আহি ক’লে, “ মই এচৌ। মই তোমাৰ ওচৰলৈ আহিছো তোমাৰ পৰা আশীৰ্ব্বাদ লবলৈ।‘‘ এনেকি ছাগৰ নোম আৰু কাপোৰৰ গোন্ধত ইচাহাকে যাকোবকে এচৌ বুলি অনুভৱ কৰি তেওঁ আশীৰ্ব্বাদ কৰিলে।

এচৌৱে যাকোবক ঘিণ কৰিলে, কিয়নো যাকোবে চলকৰি জেষ্ঠ সনতানৰ জন্মধিকাৰ আৰু আশীৰ্ব্বাদ সমূহক বুদ্ধি কৰি ল’লে।সেয়েহে তেওঁ তেওঁৰ পিতৃ ইচাহাকৰ মৃত্যুৰ পাছত যাকোবক হত্যা কৰিবলৈ মনস্ত কৰিলে।

কিন্ত ৰেবিকাই এচৌৰ পৰিকল্পনা জানিব পাৰিলে। সেয়েহে ৰেবিকা আৰু ইচাহাকে যাোকবক দুৰণিত থকা তেওঁলোকৰ পৰিয়াল বোৰৰ ওচৰলৈ পাঠাই দিলে।

যাকোবে ৰিবেকাৰ পৰিয়ালৰ সৈতে বহু বছৰ কটালে। সেই সময়তে তেওঁ বিয়া কৰিল আৰু তেওঁৰ বাৰ জন পুত্ৰ আৰু এজনী ছোৱালী হ’ল। ঈশ্বৰে তেওঁক ঐশ্বৰ্য্যবান কৰিলে।

বাৰ বছৰ কানান দেশৰ নিজ ঘৰৰ পৰা আতৰত থাকি, যাকোবে তেওঁৰ পৰিয়াল, তেওঁৰ দাস, পোহনীয়া জন্তুৰে সৈতে পুণৰ ঘৰলৈ আহিল।

যাকোবে সেই সময়তো এচৌৱে তেওঁক হত্যা কৰিব বুলি শংকাকূল হৈ আছিল।সেয়েহে তেওঁ এচৌলৈ বুলি বহুতো পোহনীয়া জন্তু উপহাৰ স্বৰূপে আগবঢ়ালে। যি গৰাকী দাসে এচৌক এই সকলোবোৰ আনি দিছিল তেওঁ এচৌক ক’লে, “ আপোনাৰ দাস যাকোবে এই সকলোবোৰ আপোনাক দিছে, আৰু তেওঁ আহি আছে।”

কিন্তু এচৌৱে সেই সময়লৈকে যাকোবৰ প্ৰতি থকা সকলো ক্ৰোধ সামৰিলে আৰু তেওঁক হানি কৰিবলৈ মন নকৰিলে। বৰঞ্চ তেওঁ যাকোবক দেখি আনিন্দত হ’ল। তাতে যাকোবে আনন্দেৰে কানান দেশত বাস কৰিবলৈ ল’লে। কিছুসমৰ পাছত ইচাহাকৰ মৃত্যু হ’ল, যাকোব আৰু এচৌৱে তেওঁক মৈদাম দিলে। যি নিয়মটি ঈশ্বৰে আব্ৰাহামৰ সৈতে স্থাপন কৰিছিল সেই নিয়ম এতিয়া ইচাহাকৰ পৰা যাকোবলৈ আহিল।

सम्बन्धित जानकारी

जीवनका शब्दहरू - मुक्ति र ख्रीष्टियन जीवनको बारेमा बाइबलमा आधारित सन्देशहरू भएका हजारौं भाषाहरूमा अडियो सुसमाचार सन्देशहरू।

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

सेयर गर्नुहोस्

Logo Baidu Teiba Logo Blogger Logo Bluesky Logo Facebook Logo Line Logo LinkedIn Logo OK Logo Pinterest Logo Qzone Logo Reddit Logo Telegram Logo Threads Logo Tumblr Logo Viber Logo VK Logo Weibo Logo WhatsApp Logo X e-mail इमेल

लिङ्क साझा गर्नुहोस्