Khetha Ulimi

mic

Ukwabelana

Yabelana ngesixhumanisi

QR code for https://globalrecordings.net/script/as/1202

unfoldingWord 02 - জগতত পাপৰ প্ৰৱেশ

unfoldingWord 02 - জগতত পাপৰ প্ৰৱেশ

Uhlaka: Genesis 3

Inombolo Yeskripthi: 1202

Ulimi: Assamese

Itimu: Sin and Satan (Sin, disobedience, Punishment for guilt)

Izilaleli: General

Inhloso: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Isimo: Approved

Imibhalo ayiziqondiso eziyisisekelo zokuhunyushwa nokuqoshwa kwezinye izilimi. Kufanele zishintshwe njengoba kunesidingo ukuze ziqondakale futhi zihambisane nesiko nolimi oluhlukene. Amanye amagama nemiqondo esetshenzisiwe ingase idinge incazelo eyengeziwe noma ishintshwe noma ikhishwe ngokuphelele.

Umbhalo Weskripthi

আদম আৰু তেওঁ ভাৰ্য্যই ঈশ্বৰে সৃষ্টি কৰা সুন্দৰ বাৰীখনত অতি আনন্দেৰে বস বাস কৰিছিল।তেওঁলোকৰ কোনোৱেও বস্ত্ৰৰ পৰিধান কৰা নাছিল আৰু তাৰ বাবে তেওঁলোকে কোনো প্ৰকাৰৰ লাজ অনুভবো কৰা নাছিল। কিয়নো সেই সময়লৈকে জগতত পাপ প্ৰবেশ কৰা নাছিল। তেওঁলোকে প্ৰায়েই বাৰীত ঘূৰি ফুৰি ঈশ্বৰৰ সৈতে কথা বতৰা পাতিছিল।

সেই বাৰী খনেত এটা সৰ্প আছিল। সি বৰ ধূৰ্ত আছিল। সি স্ত্ৰীক সুধিলে,“বাৰীৰ কোনো গছৰ ফল তোমালোকে নাখাবা বুলি বাস্তৱিকতে ঈশ্বৰে তোমালোকক ক’লেনে?”

স্ত্ৰীয়ে গৰাকিয়ে উত্তৰ দিলে,“বাৰীৰ সকলোবোৰ গছৰ ফল আমি খাব পাৰো মাত্ৰ জ্ঞান বৃক্ষৰ ফলহে খাব নোৱাৰো। ঈশ্বৰে আমাক কৈছে. যদিহে আমি সেই ফল খাওঁ বা চোওঁ তেন্তে আমি মৰিম।

উত্তৰত সৰ্পই স্ত্ৰীক ক’লে, “ই সত্য নহয়!তুমি নমৰা,কিয়নো ঈশ্বৰে জানে যি দিনাই তোমালোকে তাৰ ফল খাবা সেইদিনাই তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ দৰে ভাল বেয়া জনা হ’বা।

তেতিয়া নাৰীয়ে, সেই গছৰ ফল খাবলৈ ভাল, আৰু চকুৰ লোভজনক,আৰু জ্ঞান দিয়াৰ কথাতো মনোমোহা যেন দেখি তাক চিঙি খালে আৰু লগত থকা গিৰিয়েককো দিলত, তেৱোঁ খালে।

হঠাৎ তেওঁলোকৰ চকু মুকলি হ’ল, আৰু তেওঁলোকে নাঙঠ হৈ থকা কথা উপলিদ্ধ কৰিলে। তেওঁলোকে পাতেৰে বস্ত্ৰ তৈয়াৰ কৰি নিজৰ শৰীৰ ঢাকিবলৈ চেষ্ঠা কৰিলে।

এনেতে মানুজন আৰু পত্নীয়ে ঈশ্বৰৰে বাৰিৰ মাজেদি অহা যোৱা কৰা শব্দ শুনিবলৈ পালে৷ আৰু তেওঁলোকে ঈশ্বৰৰ পৰা লুকাবলৈ ধৰিলে। এনেতে ঈশ্বৰে মানুহক ক’লে,“ তুমি ক’ত”? আদমে ক’লে, আপুনি বাৰীত প্ৰবেশ কৰা শুনি ভয় মই পাইছো, কিয়নো মই নাঙঠ। সেইবাবে লুকাই আছো।

ঈশ্বৰে শুধিলে, তোমালোকে নাঙঠ বুলি কোনে ক’লে। মই তোমালোকক নিষেধ কৰা ফল তোমালোকে খালা নে ? তাতে মানুহে কলে,তুমি মোক যি নাৰী দিলা, তাই মোক ফল দিলে”। তাতে ঈশ্বৰে নাৰীক ক’লে তুমি এইটো কি কৰিলা?”নাৰীয়ে উত্তৰ দিলে, “সৰ্পই মোক ভুলালে”।

ঈশ্বৰে সৰ্পক ক’লে, তই এই কৰ্ম কৰাৰ হেতুকে, সকলো বনৰীয়া জন্তুৰ মাজত অভিসপ্ত, তই পেটেৰে গতি কৰিবি, আৰু তোৰ বংশ আৰু নাৰীৰে মাজত, আৰু তোৰ বংশ আৰু নাৰীৰে মাজত শত্ৰূভাৱ উৎপন্ন কৰিম, সি তোৰ মুৰ গুৰি কৰিব আৰু তই তাৰ গেৰোৱা গুৰি কৰিবি।

তাৰ পাচত ঈশ্বৰে নাৰীক ক’লে, “মই তোমাৰ গৰ্ভ বেদনা অতিশয় ৰূপে বৃদ্ধি কৰিম, তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা, আৰু গিৰিয়েৰালৈ তোমাৰ ইচ্ছা থাকিব, আৰু তেওঁ তোমাৰ ওপৰত অধিকাৰ চলাব।

ঈশ্বৰে আদমক ক’লে, “তুমি তোমাৰ তিৰোতাৰ কথা শুনি তাক খোৱা হেতুকে, তোমাৰ কাৰণে ভূমি অভিসপ্ত হৈছে, তুমি জীৱনৰ গোটেই কালত, দুখেৰে তাৰ পৰা ফল খাবলৈ পাবা। তুমি মৰিবা, আৰু তুমিৰ শৰিৰ ধুলিলৈকে উলটি যাবা। তাতে আদমে তেওঁৰ তিৰোতাৰ নাম হাৱা থলে যাৰ অৰ্থ হল জীৱন দাতা, কিয়নো তেওঁ সকেলা লোকৰ মাতৃ হব। পাছে ঈশ্বৰে আদম আৰু তেওঁৰ ভাৰ্য্যাক জন্তুৰ ছালৰ বস্ত্ৰ কৰি তেওঁলোকক পিন্ধালে।

তেতিয়া ঈশ্বৰে ক’লে, “মানুহ আমাৰ নিছিনা ভাল বেয়া জানোতা হৈছে, এতেকে তেওঁলোকক জীৱন বৃক্ষৰ ফল খাই চিৰজীৱী হব দিব নোৱাৰি৷, এই বুলি আদম আৰু হাৱাক এদেন বাৰীৰ পৰা উলিয়াই পাঠালে। আৰু ঈশ্বৰে ক্ষমত থকা এগৰাকি দূতক বাৰিৰ প্ৰৱেশ পথত ৰাখিলে, যাতে কোনেও জীৱন বৃক্ষৰ ফল আৰু খাব নোৱাৰে৷

Ulwazi oluhlobene

Amazwi Okuphila - Imiyalezo yevangeli elalelwayo ngezinkulungwane zezilimi equkethe imiyalezo esekelwe eBhayibhelini mayelana nensindiso nokuphila kobuKristu.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons