unfoldingWord 49 - ঈশ্বৰৰ নতুন নিয়ম

概要: Genesis 3; Matthew 13-14; Mark 10:17-31; Luke 2; 10:25-37; 15; John 3:16; Romans 3:21-26, 5:1-11; 2 Corinthians 5:17-21; Colossians 1:13-14; 1 John 1:5-10
文本編號: 1249
語言: Assamese
聽眾: General
目的: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
狀態: Approved
腳本是翻譯和錄製成其他語言的基本指南,它們需要根據實際需要而進行調整以適合不同的文化和語言。某些使用術語和概念可能需要有更多的解釋,甚至要完全更換或省略。
文本文字

এজন দূতে মৰিয়ম নামৰ এগৰাকী যুৱতীক কলে, যে তাই ঈশ্বৰৰ পুত্ৰক জন্ম দিব ৷ তাই তেতিয়াও কুমাৰী হৈয়ে আছিল, কিন্তু পবিত্ৰ আত্মা তাইৰ ওপৰলৈ আহিল আৰু তেওঁ গৰ্ভৱতী হয় ৷ তাই এজন পুত্ৰ সন্তান জন্ম দিয়ে আৰু তেওঁৰ নাম যীচু থলে ৷ গতিকে, যীচু ঈশ্বৰ আৰু মানুহ উভয়ে হয় ৷

যীচুৱে অনেক আচৰিত কাৰ্য্য কৰিছিল যাৰ দ্বাৰাই প্ৰমাণ হয় যে তেওঁ ঈশ্বৰৰ পুত্ৰ হয় ৷ তেওঁ পানীৰ ওপৰত খোজ কাঢিছিল আৰু ধুমুহা বতাহক শান্ত কৰিছিল ৷ তেওঁ লোক সকলৰ পৰা বেয়া আত্মা খেদিছিল আৰু তেওঁলোকৰ ৰোগৰ পৰা সুস্থতা প্ৰদান কৰিছিল ৷ তেওঁ মৰা মানুহক জীৱন দিছিল আৰু পাঁচটা পিঠা আৰু দুটি মাছাৰে পাঁচ হাজাৰ মানুহক খুৱাইছিল ৷

যীচু এজন মহান শিক্ষকো আছিল ৷ তেওঁ শিক্ষা সমূহ সদায়ে নিৰ্ভুল আৰু নিখুত আছিল ৷ লোকসমূহে তেওঁৰ শিক্ষা মানি চলিব লাগে কিয়নো তেওঁ ঈশ্বৰৰ পুত্ৰ আছিল ৷ তেওঁ সকলো মানুহকে নিজৰ নিচিনাকৈ প্ৰেম কৰিবৰ বাবে শিকাইছিল ৷

তেওঁ ইয়াকো শিক্ষা দিছিল যে সকলোতকৈ, আনকি আমাৰ সম্পতিতকৈ, ঈশ্বৰক আধিক প্ৰেম কৰিবলৈ৷

যীচুৱে কৈছিল যে জগতৰ সকলো বিষয়তকৈ ঈশ্বৰৰ ৰাজ্যৰ উত্তম হয় ৷ ঈশ্বৰে আমাক আমাৰ পাপ সমূহৰ পৰা উদ্ধাৰ কৰাৰ দ্বাৰাই আমি তেওঁৰ ৰাজ্যত নিবাস কৰিবলৈ পাম ৷

যীচুৱে কৈছিল যে কিছুমান লোকে তেওঁক গ্ৰহণ কৰিব ৷ ঈশ্বৰে সেই লোকসকলক উদ্ধাৰ কৰিব ৷ কিন্তু, কিছুমান মানুহে তেওঁক গ্ৰহণ নকৰিব ৷ তেওঁ লগতে কৈছিল যে কিছুমান লোক সাৰুৱা মাটিৰ দৰে, কিয়নো তেওঁলোকে যীচু খ্ৰীষ্টৰ শুভবাৰ্তাক গ্ৰহণ কৰে আৰু ঈশ্বৰে তেওঁলোকক ৰক্ষা কৰে ৷ ঈশ্বৰৰ বাক্য বাটৰ কাষত পৰা কঠিয়া স্বৰূপ, পাছে তাৰ পৰা একো উৎপন্ন নহয় ৷ এই লোক সকলে যীচুৰ শুভবাৰ্তা অগ্ৰাস্য কৰে ৷ তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত সোমাবৰ বাবে অমান্তি হল ৷

যীচুৱে শিকাইছিল যে ঈশ্বৰে পাপীক প্ৰেম কৰে ৷ তেওঁ তেওঁলোকক ক্ষমা কৰিব বিচাৰে আৰু নিজৰ সন্তান কৰিব খোজে ৷

যীচুৱে আৰু শিকাইছিল যে ঈশ্বৰে পাপ ঘিণ কৰে ৷ আদম আৰু হৱাই যিহেতু পাপ কৰিলে, সেয়েহে তেওঁৰ বংশৰ সকলোৱে পাপ কৰিলে ৷ এই পৃথিবীৰ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ পৰা পৃথক হ’ল ৷ সকলোৱে ঈশ্বৰৰ শত্ৰু হ’ল ৷

কিন্তু ঈশ্বৰে পৃথিবীৰ সকলোকে এনে ধৰণে প্ৰেম কৰে: যে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে তেওঁত বিশ্বাস কৰা সকলক ঈশ্বৰে শাস্তি নিদিব ৷ ইয়াৰ সলনি তেওঁলোকে অনন্ত জীৱন লাভ কৰিব ৷

আপুনি আপোনাৰ পাপৰ বাবে মৃত্যুজনক শাস্তি পোৱাৰ যোগ্য আছিলে ৷ তেওঁ আমাৰ ওপৰত খং উঠা অধিকাৰ আছিল, কিন্তু ইয়াৰ সলনি তেওঁৰ ক্ৰোধৰ ভাৰ যীচুৱে গ্ৰহণ কৰিলে ৷ তেওঁ যীচুক ক্ৰুচত বধ কৰাৰ দ্বাৰাই শাস্তি বিহিলে ৷

যীচুৱে কেতিয়াও পাপ কৰা নাছিল, কিন্তু তেওঁক শাস্তি বিহিবৰ বাবে ঈশ্বৰে তেওঁক অনুমতি দিলে ৷ তেওঁ মৰিবৰ বাবে সাজু হল ৷ আৰু ইয়াৰ দ্বাৰাই, তেওঁ আমাৰ পাপৰ ভাৰ লবৰ বাবে এক নিখূত বলি স্বৰূপ হল ৷ যীচুৱে নিজকে ঈশ্বৰৰ উদ্দেশ্যে বলি হল, যাৰ বাবে সকলো ধৰণৰ পাপ ঈশ্বৰে ক্ষমা কৰিব ৷

আপুনি অনেক ধৰণৰ ভাল কাম কৰিলেও ঈশ্বৰে আপোনাক ৰক্ষা নকৰিব ৷ কিয়নো এনে কোনো কাম নাই যাৰ দ্বাৰাই আপুনি তেওঁৰ বন্ধু হব পাৰিব ৷ কিন্তু আপুনি যীচুক ঈশ্বৰৰ পুত্ৰ বুলি বিশ্বাস কৰি, তেওঁ যে আপোনাৰ পাপৰ বাবে মৰিলে আৰু ঈশ্বৰে পুনৰ তেওঁক জীয়াই তুলিলে ইয়াক বিশ্বাস কৰিব লাগিব ৷ যদিহে আপুনি ইয়াত বিশ্বাস কৰে, তেনে হলে ঈশ্বৰে আপোনাৰ পাপ ক্ষমা কৰিব ৷

যীচুত বিশ্বাস কৰা আৰু তেওঁক নিজৰ হৃদয়্ত প্ৰভু বুলি গ্ৰহণ কৰা সকলোকে ঈশ্বৰে উদ্ধাৰ কৰিব ৷ পাছে তেওঁত বিশ্বাস নকৰা সকলক তেওঁ ৰক্ষা নকৰিব ৷ আপুনি ধনীয়ে হওঁক বা দুখীয়া হওঁক, পুৰুষ বা মহিলা হওঁক, ডেকা বা বয়সীয়াল হওঁক, সেয়া কোনো কথা নহয় ৷ ঈশ্বৰে আপোনাক প্ৰেম কৰে আৰু আপুনি যীচুত বিশ্বাস কৰাটো তেওঁ বিচাৰে যাতে তেওঁ আপোনাৰ বন্ধু হব পাৰিব ৷

যীচুত বিশ্বাস কৰি বাপ্তিস্ম লবৰ বাবে তেওঁ আপোনাক মাতি আছে ৷ যীচু যে উদ্ধাৰকৰ্তা হয় আৰু ঈশ্বৰৰ একমাত্ৰ পুত্ৰ হয় এই কথা আপুনি বিশ্বাস কৰে নে ? আপুনি নিজকে পাপী বুলি আৰু ঈশ্বৰৰ পৰা শাস্তি পাবৰ যোগ্য বুলি বিবেচনা কৰেনে ? যীচুৱে আপোনাক পাপৰ পৰা উদ্ধাৰ কৰিবৰ বাবে ক্ৰুচত বলি হ’ল ?

যীচুৱে আপোনাৰ বাবে যি কৰিলে তাত আপুনি যদি বিশ্বাস কৰে, তেনে হলে আপুনি এজন খ্ৰীষ্টিয়ান ! চয়তানে আৰু আপোনাৰ ওপৰত প্ৰভূত্ব কৰিব নোৱাৰিব ৷ এতিয়া ঈশ্বৰে তেওঁৰ পোহৰৰ ৰাজ্যৰত আপোনালোকক পৰিচালনা কৰিছে ৷ ঈশ্বৰে আপোনাক আগৰ দৰে পাপ কৰিবলৈ নিদিব ৷ তেওঁ আপোনাক এক নতুন আৰু শুদ্ধ জীৱন ধাৰণৰ পথ দিব ৷

যদি আপুনি খ্ৰীষ্ট অনুগামী হয়, তেনে হলে যীচুৱে আপোনাৰ বাবে যি কৰিলে তাৰ বাবে ঈশ্বৰে আপোনাৰ পাপ ক্ষমা কৰিলে ৷ এতিয়া, ঈশ্বৰে আপোনাক শত্ৰু হিচাপে নহয় কিন্তু এজন ওচৰৰ বন্ধু হিচাপে গ্ৰহণ কৰিছে ৷

যদিহে আপুনি ঈশ্বৰৰ বন্ধু হয় আৰু প্ৰভূ যীচুৰ দাস হয়, তেনে হলে আপুনি যীচুৰ শিক্ষা পালন কৰিব ৷ আপুনি খ্ৰীষ্টক গ্ৰহন কৰাৰ পাছতো চয়তানে আপোনাক পৰীক্ষাত পেলাব পাৰে ৷ পাছে ঈশ্বৰে যেনে দৰে কৈছে তেনে দৰে সকলো সময়তে আপোনালৈ কৰিব ৷ তেওঁ কৈছে, যদিহে আমি আমাৰ পাপ সমূহ স্বীকাৰ কৰোঁ, তেওঁ আমাৰ পাপ সমূহ ক্ষমা কৰিব ৷ পাপৰ বিৰুদ্ধে যুঁজ কৰিবলৈ তেওঁ আপোনাক শক্তি যোগাব ৷

ঈশ্বৰে আপোনাক তেওঁৰ বাক্য অধ্যায়ন আৰু প্ৰাৰ্থনা কৰিবৰ বাবে কৈছে ৷ লগতে তেওঁ আপোনাক আন আন খ্ৰীষ্টিয় বিশ্বাসী সকলৰ সৈতে ঈশ্বৰৰ আৰাধনা কৰিব কৈছে ৷ আপোনাৰ বাবে তেওঁ কি কৰিলে সেই কথা আপুনি আনৰ আগত কব লাগে ৷ আপুনি যদি এই সকলো কৰিছে, তেনে হলে আপুনি তেওঁৰ প্ৰকৃত বন্ধু হব পাৰিব ৷