Bir dil seç

mic

Paylaş

Linki paylaş

QR code for https://globalrecordings.net/script/7959

unfoldingWord 12 - যাত্ৰা কৰা

unfoldingWord 12 - যাত্ৰা কৰা

Anahat: Exodus 12:33-15:21

Komut Dosyası Numarası: 1212

Dil: Assamese

Kitle: General

Amaç: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Durum: Approved

Komut dosyaları, diğer dillere çeviri ve kayıt için temel yönergelerdir. Her bir farklı kültür ve dil için anlaşılır ve alakalı hale getirmek için gerektiği gibi uyarlanmalıdırlar. Kullanılan bazı terimler ve kavramlar daha fazla açıklamaya ihtiyaç duyabilir veya hatta tamamen değiştirilebilir veya atlanabilir.

Komut Dosyası Metni

ইস্ৰায়েলিয়া সকলে মিচৰৰ দেশ ত্যাগ কৰি অতিশয় আনন্দিত হৈছিল। কিয়নো তেওঁলোকে এতিয়াৰ পৰা দাস নহয় আৰু এতিয়া তেওঁলোকে প্ৰতিজ্ঞাৰ দেশলৈ যাত্ৰা কৰিছে! ইজিপ্তৰ লোক সকলে তেওঁলোকে বিচৰা সোন, ৰূপ আৰু অনেক বহুমূলীয়া বস্তু ইস্ৰায়েলিয়া সকলক দিলে। বহুতো আন দেশৰ লোকেও তেওঁলোকৰ সৈতে ঈশ্বৰক বিশ্বাস কৰি ইজিপ্ত দেশ ত্যাগ কৰিলে।

দিনৰ সময়ত এক ডাঙৰ ডাৱৰৰ ছপৰা তেওঁলোকৰ পিছে পিছে গ’ল। এনেকি ৰাতিও ই জুই স্তম্ভ হৈ তেওঁলোকক পোহৰ দিলে। ঈশ্বৰ,যি জনে জুই আৰু ডাৱৰৰ স্তম্ভ হৈ তেওঁলোকৰ যাত্ৰাত সদায় তেওঁলোকক পৰিচালনা কৰিছিল। তেওঁলোকে কেৱল তাক অনুসৰণ কৰি আগবাঢি়ব লাগিছিল।

কিছু সময়ৰ পাছত, ফৌৰণ আৰু তেওঁৰ লোক সকলে তেওঁলোকৰ মন সলনি কৰিলে। পুণৰ তেওঁলোকে ইস্ৰায়েল জাতিক তেওঁলোকৰ দাস কৰিবলৈ ইচ্ছা কৰিলে। সেয়েহে তেওঁলোকে ইস্ৰায়েল জাতিৰ পিছত সৈন্য সামন্ত পঠিয়ালে। তেওঁলোকক খেদি যোৱা কাৰ্য্য ঈশ্বৰেই কৰোৱাইছিল, কাৰণ তেওঁ দেখুৱাব বিছাৰিলে যে, তেওঁৱেই সেই একমাত্ৰ যিহোৱা, যিজন ফৌৰণ আৰু ইজিপ্তৰ আন আন দেৱতাতকৈ অনেক গুনে মহান ।

ইস্ৰায়েলৰ লোক সকলে যেতিয়া ইজিপ্তৰ লোক সকলে তেওঁলোকক খেদি অহা দেখিলে, তেওঁলোকে ইজিপ্তৰ সৈন্য আৰু চূফ সাগৰৰ মাজতে নিজেক ফান্দত পৰা যেন অনুভৱ কৰি শংকাকূল হ’ল। তেওঁলোকে এনেকি ভয়তে ক্ৰন্দন কৰিবলৈ ধৰিলে, ‘‘ আমি কিয় মিচৰ এৰিলো? আমি এতিয়া মৰিম!’’

মোচিয়ে তেওঁলোকক ক’লে, তোমালোকে ভয় নকৰিবা! ঈশ্বৰে আজি তোমালোকৰ হৈ যুদ্ধ কৰিব আৰু তোমালোকে ৰক্ষা পাবা।’’ তাতে ঈশ্বৰে মোচিক ক’লে, ‘‘ পুফ সাগৰৰ দিশে লোক সমূহক আগবাঢি়বলৈ দিয়া।’’

তাতে ঈশ্বৰে ডাৱৰৰ টুকুৰা ইস্ৰায়েল লোক সকল আৰু ইজিপ্তৰ সৈন্য সকলৰ মাজলৈ আনিলে, যাতে তেওঁলোকে ইস্ৰায়েলৰ লোক সকলক দেখি নাপায়|

ঈশ্বৰে মোচিক তেওঁৰ হাত ডাঙি চূফ সাগৰৰ ওপৰৰ দিশে কৰিবলৈ ক’লে। তাতে ঈশ্বৰে বৰ এজাক বতাহ বলাই সাগৰৰ পানী দুফাল কৰিলে। ক্ৰমাত সেয়ে তেওঁলোকৰ বাবে পথ স্বৰপ হ’ল।

পাছে ইস্ৰায়েলৰ লোক সকলে দুয়ো কাষে সাগৰৰ পানীৰ মাজৰ শুকান পথৰে গতি কৰিলে।

তাতে ঈশ্বৰে সেই ডাৱৰ ইজিপ্তৰ সৈন্য বিলাকৰ আগৰ পৰা গুচালত তেওঁলোকে ইস্ৰায়েল লোক সকলক পলোৱা দেখা পালে। ইজিপ্তৰ সৈন্য সকলেও তেওঁলোকৰ পিছত খেদি গ’ল।

তেওঁলোকে ইস্ৰায়েল লোক সকলক এনেকি সাগৰৰ মাজেদিও খেদি গ’ল, কিন্তু ঈশ্বৰে মিচৰৰ সৈন্য সকলক সংহাৰ কৰিলে। তেওঁলোকৰ ৰথবোৰ আপোনা আপুনি লাগি ধৰিল। তাতে তেওঁলোকে আতাহ পাৰিবলৈ ধৰিলে,‘‘ ইয়াৰ পৰা পলোৱা! ঈশ্বৰে ইস্ৰায়েলৰ হৈ যুদ্ধত নামিছে!’’

ইস্ৰায়েল লোক সকলে সাগৰৰ ইতোপাৰে গৈ পাইছিলগৈ। তাতে ঈশ্বৰে মোচিক সাগৰৰ পানীৰ ওপৰৰ ফালে তেওঁৰ হাত মেলিবৈল ক’লে। মোচিয়ে যেতিয়া ঈশ্বৰে কোৱাৰ দৰে কৰিলে, তেতিয়া সাগৰৰ সমূহ পানী মিচৰৰ সৈন্য আৰু লোক সকলৰ ওপৰত পৰিল আৰু সাগৰ আগৰ দৰে হল৷ গোটেই মিচৰৰ লোক সকল পানীত দুবি মৰিল।

ইস্ৰায়েল লোক সকলে যেতিয়া মিচৰৰ লোক সকলক মৃত হোৱা দেখি্লে, তেওঁলোকে ঈশ্বৰক বিশ্বাস কৰিলে৷ মোচি প্ৰকৃততে এজন ঈশ্বৰৰ পৰা অহা ভাৱবাদী বুলিও নিশ্বস কৰিলে।

সেই সময়ত ইস্ৰায়েল লোক সকলে ঈশ্বৰৰ পৰা ৰক্ষা পাই আনন্দ আৰু উল্লাস কৰিলে। তেওঁলোকে এতিয়া কেৱল ঈশ্বৰক আৰাধানা কৰিবলৈ আৰু তেওঁৰ বাধ্য হৈ চলিবলৈ মুক্ত হ’ল। ইস্ৰায়েল ঈশ্বৰৰ স্তুতি কৰি বহু গীত গালে কিয়নো তেওলোকে মুক্তি লাভ কৰিলে আৰু ঈশ্বৰে তেওঁলোকক ইজিপ্তৰ সৈন্যবিলাকৰ পৰাও ৰক্ষা কৰাৰ কাৰনে ঈশ্বৰৰ স্ত্ততি কৰিলে।

ইস্ৰায়েল জাতিয়ে কিদৰে ইজিপ্তৰ পৰা ৰক্ষা পালে তাক সদায় স্মৰণ কৰি প্ৰতি বছৰে উৎসৱ পালন কৰিবলৈ ঈশ্বৰে তেওঁলোকক আজ্ঞা দিলে। এই উৎসৱক নিস্তাৰ পৰ্ব্ব নাম দিয়া হ’ল। এই পৰ্বটোত তেওঁলোকে এটা হৃষ্ঠ পুষ্ঠ মেৰ বলি দি, তাক পুৰি, খমিৰ নোহোৱা পিঠাৰ সৈতে ভোজন কৰিব লাগিছিল।

İlgili bilgi

Hayat Sözleri - Kurtuluş ve Hıristiyan yaşamı hakkında İncil temelli mesajlar içeren binlerce dilde sesli İncil mesajları.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons