unfoldingWord 08 - ঈশ্বৰে যোচেফ আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰা

unfoldingWord 08 - ঈশ্বৰে যোচেফ আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰা

சுருக்கமான வருணனை: Genesis 37-50

உரையின் எண்: 1208

மொழி: Assamese

சபையினர்: General

பகுப்பு: Bible Stories & Teac

செயல்நோக்கம்: Evangelism; Teaching

வேதாகம மேற்கோள்: Paraphrase

நிலை: Approved

இந்த விரிவுரைக்குறிப்பு பிறமொழிகளின் மொழிபெயர்ப்பிற்கும் மற்றும் பதிவு செய்வதற்கும் அடிப்படை வழிகாட்டி ஆகும். பல்வேறு கலாச்சாரங்களுக்கும் மொழிகளுக்கும் பொருத்தமானதாக ஒவ்வொரு பகுதியும் ஏற்ற விதத்தில் இது பயன்படுத்தப்படவேண்டும்.சில விதிமுறைகளுக்கும் கோட்பாடுகளுக்கும் ஒரு விரிவான விளக்கம் தேவைப்படலாம் அல்லது வேறுபட்ட கலாச்சாரங்களில் இவை தவிர்க்கப்படலாம்.

உரையின் எழுத்து வடிவம்

বহু বছৰৰ পাছত, যি সময়ত যাকোব এজন বৃদ্ধ লোকত পৰিণত হ’ল, তেনে অৱস্থাত তেওঁ তেওঁৰ প্ৰিয় পুত্ৰ যোচেফক ককায়েক হতক চাবলৈ মেৰ বিলাক চৰোৱা ঠাইলৈ পিঠয়ালে।

যোচেফৰ ককায়েক কেইজনে তেওঁক ঘৃণা কৰিছিল কিয়নো তেওঁলোকৰ পিতৃ যাকোবে যোচেফক অতিকৈ প্ৰেম কৰিছিল আৰু একে সময়তে যোচেফে তেওঁলোকৰ ওপৰত শাসক হোৱাৰ এটা সপোন দেখিছিল। যোচেফ যেতিয়া তেওঁলোকৰ ওচৰলৈ আহিছিল তেওঁলোকে তেওঁক অপহৰণ কৰি দাস হিচাপে কিছুমান দাস বেপাৰীক বিক্ৰি কৰি দিলে।

যোচেফৰ ককায়েক হ’তে ঘৰলৈ ঘূৰি অহাৰ সময়ত , তেওঁলোকে যোচেফৰ কাপোৰ ফালি ছাগলীৰ তেজত বুৰালে । তাতে তেওঁলোকে সেই কাপোৰ খন তেওঁৰ বাবেকক দেখুৱালে আৰু তেওঁলোকৰ বাপেকে ভাবিলে যে যোচেফক বনৰীয়া জন্তুৱে আক্ৰমন কিৰ মাৰিলে । যাকোব বৰ দুখী হল৷

দাস বেপাৰী সকলে যোচেফক মিচৰলৈ লৈ গ’ল । মিচৰ এখন শক্তিশালী ৰাষ্ট্ৰ আছিল আৰু নীল নদীৰ কাষত অৱস্থিত আছিল। দাস বেপাৰী সকলে যোচেফক দাস হিচাপে এজন ধনি চৰকাৰি বিষয়া এজনক বেচিলেগৈ । যোচেফে ভলদৰে তেওঁৰ গৰাকিৰ পৰিচৰ্য্যা কৰিলে আৰু ঈশ্বৰেওঁ যোচেফক আশীৰ্ব্বাদ কৰিলে৷

তেওঁৰ মালিকৰ ভাৰ্য্যাই যোচেফৰ সৈতে শয়ন কৰিবলৈ চেষ্টা কিৰছিল, কিন্তু যোচেফে তাইৰ সৈতে মান্তি নহল আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ নকৰিলে। তাতে তাই যোচেফক মিছা অভিযোগ দি জেললৈ প্ৰেৰণ কৰিলে। তেনে অৱস্থাতো যোচেফে ঈশ্বৰৰ বিশ্বাসী হৈ থাকিল, আৰু ঈশ্বৰে তেওঁৰ আশীৰ্বাদ কৰিলে ।

দুই বছৰৰ পিছত, তেতিয়াওঁ যোচেফে জেলতে আছিল, যদিওঁ তেওঁৰ কোনো দোষ নাছিল। এদিনাখন, ফৌৰণে, যাক মিচৰীয়া সকলে ৰজা বুলি মাতিছিল , তেওঁ দুটা সপোন দেখিছিল , আৰু সেই সপোন কেইটাই তেওঁক অতিকৈ আমনি কৰিছিল। তেওঁৰ কোনো এজন উপদেষ্টাইও এই সপোন কেইটাৰ ফলিতা দিব পৰা নাছিল।

ঈশ্বৰে যোচেফক সপোনাৰ ফলিতা কবৰ বাবে বৰ দিছিল , তাতে ফৌৰণে যোচেফক বন্দীশালৰ পৰা মাতি পঠালে। তাতে যোচেফে তেওঁৰ সপোনৰ অৰ্থ তেওঁৰ আগত কলে আৰু ইয়াকো কলে যে, ‘‘ ঈশ্বৰে সেই দেশলৈ সাতবছৰলৈ সু্ন্দৰ শষ্য দান কৰিব , তাৰ পিছতেই সাত বছৰ ধৰি সেই দেশত আকাল হ’ব।

ফৌৰণে সেই ফলিতা পাই যোচেফত অতি সন্তুস্ট হ’ল আৰু তেওঁক ইজিপ্তৰ দ্বীতিয় জন শক্তিসালী মানুহ হিচাপে নিয়োগ কৰিলে।

যোচেফে লোক সমূহক সুন্দৰ শষ্য হোৱাৰ সাত বছৰ কালত বহু দিনৰ বাবে খাদ্য সামগ্ৰী সঞ্চয় কৰি ৰাখিবলৈ কৈছিল। যেতিয়া দেশত সাত বছৰ কাল আকাল হ’ল তেনে অৱস্থাত তেওঁ আন লোক সকলক খাদ্য সামগ্ৰী সমূহ বিক্ৰি কৰিলে আৰু তেওঁ লোকৰ বাবে যাথেষ্ট খাদ্য মজুত থাকিল।

সেই আকাল অতিকৈ ভয়ানক আছিল আৰু কেৱল মিচৰেই নহয়, কিন্তু ই যাকোব আৰু তেওঁৰ পৰিয়ালে বাস কৰা কানান দেশতো বিয়পি পৰিল।

সেয়েহে যাকোবে তেওঁৰ সকলোতকৈ ডাঙৰ পু্ত্ৰ সকলক ইজিপ্তলৈ খাদ্য ক্ৰয় কৰিবলৈ পিঠয়ালে। যেতিয়া যোচেফে তেওঁৰ ককায়েক বিলাকৰ সন্মূখত খাদ্য বিক্ৰি কৰিবলৈ থিয় দি আছিল তেওঁলোকে যোচেফক চিনি নাপালে। কিন্তু যোচেফে তেওঁলোকক চিনি পালে।

তেওঁৰ ককায়েক সকল পৰিবৰ্তণ হ’ল নে নাই তাক পৰিক্ষা কৰি জনাৰ পাছত, যোচেফে তেওঁলোকক ক’লে, ‘‘ মই তোমালোকৰ ভাই, যোচেফ! ভয় নকৰিবা। তোমালোকে মোৰ হানি হোৱাৰ উদ্দেশে দাস হিচাপে বিক্ৰি কৰিছিলা , কিন্তু তোমালোকে যিহকে মোৰ বাবে বেয়া কৰিলা ঈশ্বৰে মোৰ বাবে তাকে উত্তম কৰিলে! আহা আৰু ইজিপ্তত বাস কৰাহি, যাতে মই তোমাক আৰু তোমাৰ পৰিয়ালক যোগান ধৰিব পাৰো।

যেতিয়া যোচেফৰ ককায়েক সকলে নিজ ঘৰলৈ উলতি গ’ল, তেওঁলোকে সকলো কথা বাপেকক বৰ্ণাই কলে যে, যোচেফ জীৱিত আছে, সেই কথা শুনি যাকোবে অতিশয় আনন্দিত হ’ল।

যিদও যাকোব বৃদ্ধ হৈছিল, তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে ইজিপ্তলৈ গ’ল, আৰু তেওঁলোকে তাত বস-বাস কৰিলে। যাকোবৰ মৃত্যুৰ আগত, তেওঁ প্ৰতিজন সন্তানক আশীৰ্বাদ কৰিলে।

যিটো নিয়মৰ প্ৰতিজ্ঞা ঈশ্বৰে আব্ৰাহামক দিছিল সেই নিয়ম ইচাহাকলৈ আহিল, তাৰ পিছত যাকোবলৈ আৰু তাৰ পিছত যাকোবৰ বাৰ জন পুতেকলৈ আৰু তেওঁলোকৰ পৰিয়ালবোৰলৈ। সেই বাৰ জনৰ পৰাই ইস্ৰায়েল বাৰটা ফৈদৰ উৎপতি হ’ল।

தொடர்புடைய தகவல்கள்

ஜீவனுள்ள வார்த்தைகள் - இரட்சிப்பை பற்றியும் கிறிஸ்தவ ஜீவியத்தை பற்றியும் GRN ஆயிரக்கணக்கான மொழிகளில் வேதாகம செய்திகளை ஆடியோவில் சுவிஷேச செய்திகளாக கொண்டுள்ளது.

இலவச பதிவிறக்கங்கள் - இங்கே நீங்கள் GRN இன் முதன்மையான செய்தி உரைகளை பற்பலமொழிகளில், படங்கள் இன்னும் தொடர்புடைய உபகரணங்களையும் பதிவிறக்கம் செய்ய கிடைக்கிறது.

GRN இன் ஆடியோ நூலகம் - சுவிஷேஷத்திற்கும் வேதாகம அடிப்படை போதனைகளுக்கும் தேவையான உபகரணப் பொருட்கள் மக்களின் தேவைக்கும் கலாச்சாரத்திற்கும் பாணிகளுக்கும் ஏற்ற விதத்தில் பல்வேறு வடிவமைப்புகளில் அமைந்துள்ளது.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares it's audio, video and written scripts under Creative Commons