Välj ett språk

mic

Dela med sig

Dela länk

QR code for https://globalrecordings.net/script/7966

unfoldingWord 19 - ভাৱবাদী সকল

unfoldingWord 19 - ভাৱবাদী সকল

Översikt: 1 Kings 16-18; 2 Kings 5; Jeremiah 38

Skriptnummer: 1219

Språk: Assamese

Publik: General

Ändamål: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Status: Approved

Skript är grundläggande riktlinjer för översättning och inspelning till andra språk. De bör anpassas efter behov för att göra dem begripliga och relevanta för olika kulturer och språk. Vissa termer och begrepp som används kan behöva mer förklaring eller till och med ersättas eller utelämnas helt.

Manustext

ঈশ্বৰে ইস্ৰায়েল জাতিৰ বাবে বহু সময়তে ভাৱবাদী সকলক পঠিয়াইছিল। ভাৱবাদী সকলে ঈশ্বৰৰ পৰা বাৰ্তাবোৰ পাইছিল আৰু লোক সকলক তাক কৈছিল।

আহাব ৰজা যেতিয়া ইস্ৰায়েল ৰাজ্যৰ ৰজা আছিল সেই সময়ত এলিয়া এজন ভাৱবাদী আছিল। আহাব এজন দুষ্ট প্ৰকৃতিৰ লোক আছিল। তেওঁ লোক সকলক বাল দেৱতাৰ আগত প্ৰণিপাত কৰাবলৈ চেষ্টা কৰিছিল। সেয়েহে এলিয়া ভাৱবাদীয়ে আহাব ৰজাক কৈছিল যে এনেদৰে কৰিলে ঈশ্বৰে লোক সকলক শাস্তি দিব। এলিয়াই তেওঁক ক’লে, “ মই যেতিয়ালৈকে নকও তেতিয়ালৈকে ইস্ৰায়েল ৰাজ্যত বৰষুণ আৰু নিয়ৰ নপৰিব।” এই কথাই আহাব ৰজাক ক্ৰুধিত কৰি তুলিছিল তাৰে ফলস্বৰূপে তেওঁ এলিয়াক হত্যা কৰিব বিচাৰিছিল।

সেয়েহে এলিয়াক ঈশ্বৰে মৰুপ্ৰন্তত লুকাই থাকিবলৈ আৰু আহাবৰ ওচৰৰ পৰা পলাবলৈ কৈছিল। ঈশ্বৰে আদেশ নিদিয়ালৈকে এলিয়াই মৰুপ্ৰন্তত থাকিল। প্ৰতি ৰাতিপুৱা আৰু আবেলি পৰত চৰাইবোৰে তেওঁৰ বাবে পিঠা আৰু মাংস আনিছিল। সেই সময়ত আহাবৰ লোক সকলে এলিয়াক বিচাৰি য’তে ত’তে ফুৰিছিল কিন্তু সিহঁতে এলিচাক বিচাৰি পোৱা নাছিল।

সেই ঠাইত বহু দিন বৰষুণ নোহোৱাত তাতে থকা নদীৰ সুতিবোৰ শুকাই গৈছিল। সেয়েহে এলিয়াই ওচৰতে থকা আন এখন দেশলৈ গুচি গ’ল। সেই দেশত এগৰাকী দুখীয়া বিধৱা তিৰোতা বাস কৰিছিল। তেওঁৰ এটা পুত্ৰসন্তান আছিল। তেওঁলোকৰ খোৱা বস্তু প্ৰায় শেষ হৈছিল, কাৰন দেশত আকাল আকাল হৈছিল৷ তথাপিও, সেই মহিলা গৰাকীয়ে এলিয়াৰ শুশ্ৰূষা কৰিছিল, ঈশ্বৰে সেই বিধবাৰ সন্তান আৰু তেওঁৰ বাবেওঁ খাদ্য যোগাইছিল, যাতে তেওঁলোকৰ খাদ্য ৰখা পাত্ৰ আৰু তেল ৰখা পাত্ৰ কেতিয়াও শেষ নহয়। সেই আকালৰ সময়ত প্ৰতি দিনে তেওঁলোকৰ পান পাত্ৰ উপচি থাকিল। এলিয়াই সেই ঠাইতে কেইবা বছৰো থাকিল।

তিনি বছৰ ছমাহ মানৰ পিছত, ঈশ্বৰে এলিয়াক ক’লে যে পুণৰ বৰষুণ হ’বলৈ দিয়া। তেওঁ এলিয়াক ইস্ৰায়েল ৰাজ্যলৈ ঘূৰি গৈ আহাব ৰজাৰ সৈতে কথা হ’বলৈ ক’লে। সেয়েহে এলিয়াই আহাবৰ ওচৰলৈ গ’ল। আহাবে যেতিয়া তেওঁক দেখিলে, তেওঁ ক’লে, “ অমঙ্গলীয়া তুমি ইয়াত! তেতিয়া এলিয়াই তেওঁক উত্তৰ দি ক’লে, “ প্ৰকৃততে তুমিহে অমঙ্গলীয়া! তুমি যিহোৱাক ত্যাগ কৰিলা। তেৱেই সত্য ঈশ্বৰ, এনে স্থলত তুমি বাল দেৱতাৰ পুজা কৰিছা। এতিয়া তুমি ইস্ৰায়েলৰ সকলো লোককে কৰ্মিল পব্বতলৈ আনাগৈ।”

তাতে ইস্ৰায়েলৰ সকলো লোক কৰ্মিল পব্বতলৈ গ’ল। সেই ঠাইলৈ বাল দেৱতাৰ পুজক সকলো আহি একত্ৰিত হ’ল। সেই ঠাইত বাল দেৱতাৰ ৪৫০ জন ভাৱবাদী গোট খালে। সেই সময়ত এলিয়াই লোক সমূহক উদ্দেশি ক’লে, কিমান কাললৈকে মন সলনিকৰি থাকিবা? যদি যিহোৱাই প্ৰকৃত ঈশ্বৰ হয়, তেওঁক আৰাধানা কৰা! কিন্তু যদি বাল দেৱতাই ঈশ্বৰ হয় তেওঁক আৰাধানা কৰা!’’

এলিয়াই বালৰ ভাৱবাদী সকলক ক’লে, ‘‘ এটা দামুৰি বলি দিয়া আৰু তাক উৎসগ কৰিবলৈ যজ্ঞ বেদিৰ ওপৰত ৰাখা আৰু তাত জুই নিদিবা। পিছত আন এটা যজ্ঞ বেদিত ময়ো একেদৰে কৰিম । যদি ঈশ্বৰে সেই যজ্ঞ বেদিলৈ জুই পঠিয়াই, তেতিয়া তোমালোকে জানিবা তেৱেই প্ৰকৃত ঈশ্বৰ।” তাতে বালৰ ভাৱবাদী সকলে তেনে দৰেই কৰিলে কিন্তু সেই যজ্ঞ বেদিত জুই নজলিল।

সেই সময়ত বালৰ ভাৱবাদী সকলে বাল দেৱতাক প্ৰাৰ্থনা কৰিলে, “ আমাক শুনা, বাল!” গোটেই দিনতো তেওঁলোকে প্ৰাৰ্থনা কৰিলে আৰু চিঞৰিলে এনেকি নিজেক কটাৰিৰে কাটিলে, কিন্তু বাল দেৱতাই তেওঁলোকক উত্তৰ নিদিলে, আৰু তেওঁ কোনো ধৰণৰ জুই নপঠিয়ালে।

বালৰ ভাৱবাদী সকলে গোটেই দিনটোৱেই বাল দেৱতাক প্ৰাৰ্থনা কৰিলে। অৱশেষত তেওঁলোকে প্ৰাৰ্থনা সামৰিলে। তেতিয়া এলিয়া ভাৱবাদীয়ে ঈশ্বৰৰ নিমিত্তে বলদৰ মাংস যজ্ঞ বেদিৰ ওপৰত ৰাখিলে। তাৰ পিছত, তেওঁ লোক সমূহক ক’লে যে বাৰটা ডাঙৰ পাত্ৰৰে পানী ভৰাই সেই যজ্ঞ বেদিৰ মাংস, খৰি আৰু সেই যজ্ঞ বেদিৰ ওপৰে তলে ভিজাকৈ পানী পেলাওক যাতে সেই যজ্ঞ বেদি সম্পুণ পানীৰে তিতে।

তাৰ পিছত এলিয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে, “ যিহোৱা, আব্ৰাহাম, ইচাহাক আৰু যাকোবৰ ঈশ্বৰ, তুমি যে ঈশ্বৰ হয় আৰু মইযে তোমাৰ দাস সেই কথা আজি আমাক জনাওঁক। আপুনিয়ে যে প্ৰকৃত ঈশ্বৰ তাক এই লোক সকলে জানক ।”

তৎক্ষনাতে আকাশৰ পৰা জুই নামি আহিল। আৰু সেই জুয়ে সেই মাংস, খৰি আৰু শিল আৰু মাটি এনেকি যজ্ঞ বেদিৰ আশে পাশে যি পানী পৰি আছিল সেই পানীও জ্বলি শেষ হ’ল। ইয়াকে লোক সকলে যেতিয়া দেখিলে, তেওঁলোকে মাটিত শস্ৰাংগে পৰিলে আৰু ক’লে, “ যিহোৱাই ঈশ্বৰ! যিহোৱাই ঈশ্বৰ!”

তেতিয়া এলিয়াই ক’লে, “ এতিয়া বাল দেৱতাৰ এজনো ভাৱবাদীক পলাই সাৰিবলৈ নিদিবা!” তাতে লোক সকলে বাল দেৱতাৰ আতাই ভাৱবাদী ধৰিলে আৰু তেওঁলোকক সেই ঠাইৰ পৰা আতৰাই নি সকোলকে বধ কৰিলে৷

তাতে এলিয়াই আহাব ৰজাক ক’লে, “ এতিয়াই তোমাৰ ঘৰলৈ যোৱা, কিয়নো বৰষুণ আহিব।” তৎক্ষনাতে আকাশ কলা হ’ল আৰু অতিকৈ বৰষুণ হ’ল। যিহোৱাই সেই আকালৰ অন্ত পেলালে। এই কাযই তেওঁ যে প্ৰকৃততে সত্য ঈশ্বৰ তাক দেখুৱালে।

এলিয়াই যেতিয়া তেওঁৰ কাৰ্য্য শেষ কৰিলে, তেতিয়া ঈশ্বৰে এলিচা নামৰ এজন ভাৱবাদীক মনোনিত কৰিলে। ঈশ্বৰে এলিচাৰ যোগেদি বহুতো আচৰিত কৰ্মও কৰিলে। তাৰ মাজৰ এটা আচৰিত কৰ্ম নামানৰ লগত ঘটিল। তেওঁ বিপৰিত পক্ষ সৈন্যৰ সেনাধক্ষ্য আছিল, কিন্তু তেওঁৰ এক জটিল চালৰ ৰোগ আছিল। নামানে এলিচাৰ বিষয়ে শুনিবলৈ পাইছিল, সেয়েহে তেওঁ এলিচাৰ ওচৰলৈ আহিল আৰু তেওঁক সুস্থ কৰিবলৈ ক’লে। তেতিয়া এলিচাই তেওঁক যদ্দন নদীত সাত বাৰ বুৰ মাৰিবলৈ ক’লে।

তাকে শুনি নামান অতি ক্ৰুধিত হ’ল। তেওঁ সেই কাম কৰিবলৈ অস্বীকাৰ কৰিলে। কিন্তু পিছত তেওঁ নিজৰ মন সলনি কৰিলে। তেওঁ যদ্দন নদীলৈ গ’ল আৰু তাত তেওঁ সাত বাৰ বুৰ মাৰিলে আৰু যেতিয়াই তেওঁ শেষৰ বাৰ বুৰ মাৰি পানীৰ পৰা উঠি আহিল তেতিয়াই ঈশ্বৰে তেওঁক সুস্থতা দান কৰিলে।

ঈশ্বৰে তেনেদৰে ইস্ৰায়েল জাতিৰ নিমিত্তে বহুতো ভাৱবাদীক পঠিয়ালে। তেওঁলোকে আতায়ে এটা কথাই কৈ গ’ল সেই কথা আছিল দেৱতা পুজা নকৰিবা। তাৰ সলনি ইজনে সিজনক সমান জ্ঞান কৰা আৰু ইজনে সিজনৰ ওপৰত দয়া কৰা। ভাৱবাদী সকলে লোক সকলক বেয়া কাৰ্যয় কৰাৰ পৰা আতৰি থাকিবলৈ আৰু ঈশ্বৰৰ বাধ্য হ’বলৈ কৈ গ’ল। যদি লোক সকলে তাকে নকৰে তেনেহলে ঈশ্বৰে তেওঁলোকৰ বিচাৰ কৰিব আৰু তেওঁ লোক সমূহক শাস্তি বিহিব।

বহু সময়ত, মানুহে ঈশ্বৰৰ অবাধ্য হৈছিল। তেওঁলোকে প্ৰায়েই ভাৱবাদী সকলৰ কথাবোৰ গ্ৰহণ নকৰিলে আৰু এনেকি বহু জনক হত্যাও কৰিলে। এবাৰ তেওঁলোকে যিৰিমিয়া ভাৱবাদীক শুকান নাদীত পেলাইছিল আৰু তাতে তেওঁক মৰিবলৈ এৰি দিছিল। কিন্তু সেই ঠাইৰ ৰজাৰ মনত তেওঁৰ বাবে পুতৌ জন্মাৰ ফলস্বৰূপে তেওঁক যিৰিমিয়া ভাৱবাদীক তেওঁ মৃত্যু হোৱাৰ পূব্বেই তাৰ পৰা মানুহ পঠিয়াই উঠাই আনিলে।

যিদও মানুহ বিলাকে ভাৱবাদী সকলক বেয়া পাইছিল, তেনে অৱস্থাতো তেওঁলোকে অবিৰত ভাৱে ঈশ্বৰৰ হৈ কথাবোৰ কৈ আহিল । তেওঁলোকে যদি অনুতাপ নকৰে তেওঁলোকে ঈশ্বৰে ধ্বংশ কৰিব এনেবোৰ কথাৰে তেওঁলোকে মানুহবোৰক সাৱধান কৰিলে। তেওঁলোকে মানুহ বিলাকক এই কথাও বাৰে বাৰে কৈ থাকিল যে ঈশ্বৰে তেওঁ কৰা প্ৰতিজ্ঞা অনুসৰি তেওঁলোকৰ বাবে এজন মচিহ পঠিয়াব ।

Relaterad information

Livets ord - Ljudevangeliebudskap på tusentals språk som innehåller bibelbaserade budskap om frälsning och kristet liv.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons