unfoldingWord 01 - সৃষ্টিৰ পাতনি
Përvijimi: Genesis 1-2
Numri i skriptit: 1201
Gjuhe: Assamese
Tema: Bible timeline (Creation)
Audienca: General
Qëllimi: Evangelism; Teaching
Veçoritë: Bible Stories; Paraphrase Scripture
Statusi: Approved
Skriptet janë udhëzime bazë për përkthimin dhe regjistrimin në gjuhë të tjera. Ato duhet të përshtaten sipas nevojës për t'i bërë të kuptueshme dhe relevante për çdo kulturë dhe gjuhë të ndryshme. Disa terma dhe koncepte të përdorura mund të kenë nevojë për më shumë shpjegime ose edhe të zëvendësohen ose të hiqen plotësisht.
Teksti i skenarit
এইদৰেই আৰম্ভনিতে ঈশ্বৰে সকলোবোৰ সৃষ্টি কৰিলে। তেওঁ ছয়দিনৰ ভিতৰত আটাই বিশ্ব ব্ৰহ্মাণ্ড আৰু ইয়াত থকা সকলোবোৰ সৃষ্টি কৰিলে। ঈশ্বেৰ পৃথিৱী সৃষ্টি কৰাৰ পাছত আন্ধাৰ আৰু শূণ্য আছিল, কিয়না সেই সময়লৈকে তেওঁ একো বস্তুৰ সৃষ্টি কৰা নাছিল।তেনে সময়তো কিন্তু ঈশ্বৰৰ আত্মাই জল সমূহৰ ওপৰত উমাইছিল।
তাতে ঈশ্বেৰ ক’লে, “পোহৰ হওঁক!” তাতে পোহৰ হ’ল। তেতিয়া ঈশ্বৰে পোহৰক উত্তম দেখি পোহৰৰ নাম দিন থলে। ঈশ্বৰে আন্ধাৰক পোহৰৰ পৰা বেলেগ কৰিলে, আৰু তাৰ নাম ৰাতি থলে। ঈশ্বৰে সৃষ্টিৰ প্ৰথম দিনাই পোহৰ সৃষ্টি কৰিলে।
সৃষ্টিৰ দ্বিতীয় দিনা, “ঈশ্বৰে ক’লে জল সমূহৰ মাজত বিতান হওঁক।” তাতে জল সমূহৰ মাজত বিতান হ’ল। ঈশ্বৰে সেই বিতানাৰ নাম আকাশ থলে।
তৃতিয় দিনা, ঈশ্বৰে ক’লে, “জলসমূহ একে ঠাইেত আহি গোট খাওঁক আৰু শুকান স্হল ভাগ ওলাওক।” তেওঁ শুকান স্থল ভাগক “ভূমি” আৰু জলসমূহৰ নাম “সাগৰ” থলে।
তাতে ঈশ্বৰে কলে,“ ভূমিৰ ওপৰত নানা প্ৰকা্ৰৰ তৃণ আৰু গছ উৎপন্ন হওক” তাতে তেনেদৰেই হ’ল, ঈশ্বৰে যি যি সৃষ্টি কৰিলে এই আতাইবোৰক উত্তম দেখিলে৷
সৃষ্টিৰ চতুৰ্থ দিনা ঈশ্বৰে কলেঃ “আকাশত পোহৰ হওঁক ৷” তাতে সৃৰ্য্য, চন্দ্ৰ আৰু তৰা সমূহ আকাশত ওলাল ৷ ঈশ্বৰে সেই সমূহক পৃথিবীত পোহৰ দিবলৈ আৰু দিন আৰু ৰাতি, ঋতু আৰু বছৰ সমূহ চিহ্নত কৰিবৰ বাবে সৃষ্টি কৰিলে ৷ পাছে ঈশ্বৰে তেওঁৰ সৃষ্টিক উত্তম দেখিলে ৷
পঞ্চম দিনা, ঈশ্বৰে কলেঃ“পানীসমূহত জীৱিত প্ৰাণীৰে পৰিপূৰ্ণ হওঁক, আৰু আকাশত চৰাই সমূহ উৰক ৷” আৰু এই দৰে পানীৰ আৰু আকাশৰ সমূহ জীৱ তেওঁ সৃষ্টি কৰিলে ৷ ঈশ্বৰে ইয়াক উত্তম দেখিলে, আৰু সেই বিলাকক আশীৰ্বাদ কৰিলে ৷
সৃষ্টিৰ ষষ্ঠ দিনা ঈশ্বৰে কলে, “ভূমি্ত সকলো প্ৰকাৰৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ হওঁক !” আৰু ঈশ্বৰে কোৱাৰ দৰে এই সকলো হল ৷ কিছুমান ঘৰচীয়া জীৱ, কিছুমান মাটিত চোঁচৰা জন্তু আৰু কিছুমান বনৰীয়া জন্তু হল ৷ আৰু ঈশ্বৰে এই সকলোকে উত্তম দেখিলে ৷
ইয়াৰ পিছত ঈশ্বৰে কলে, “আমি আমাৰ প্ৰতিমূৰ্তিৰ দৰে মানুহ নিৰ্মাণ কৰোহঁক ৷ তেওঁলোকে গোটেই পৃথিবী আৰু ইয়াৰ জীৱ-জন্তু সমূহৰ ওপৰত শাসন কৰিব ৷”
তাতে ঈশ্বৰে কিছু মাটি ললে, আৰু মানুহৰ আকাৰ সৃষ্টি কৰিলে, আৰু তাৰ নাকত ফু দি জীৱন দান কৰিলে ৷ এই মানুহৰ নাম আদম আছিল ৷ ঈশ্বৰে আদমক থাকিবৰ বাবে এখন ডাঙৰ বাগিছা নিৰ্মাণ কৰিলে, আৰু সেই বাগিছা চোৱা-চিতাৰ দায়িত্ব দিলে ৷
বাগিছাৰ মাজ ভাগত, ঈশ্বৰে দুবিধ বিশেষ গছ ৰোপন কৰিলে, জীৱন বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষ ৷ ঈশ্বৰে আদমক জ্ঞান বৃক্ষৰ বাদে সকলো গছৰ ফল খাবৰ বাবে আজ্ঞা দিছিল ৷ যদিহে তেওঁ সেই গছত ফল খায় তেনে হলে তেওঁৰ মৃত্যু হব ৷
তাৰ পিছত ঈশ্বৰে কলে, “মানুহ অকলে থকা ভাল নহয় ৷” পাছে কোনো এটা জীৱ আদমৰ সহায়ক হবৰ যোগ্য নাছিল ৷
তাতে ঈশ্বৰে আদমৰ গভীৰ টোপনি আনিলে ৷ তাৰ পিছত ঈশ্বৰে আদমৰ এডাল কামিহাড় উলিয়ালে আৰু তাৰ পৰা তিৰোতা নিৰ্মাণ কৰি আদমৰ কাষলৈ আনিলে ৷
আৰু যেতিয়া আদমে তাইক দেখিলে, “আৱশেষত ! তাই মোৰ দৰেই !” তাইক নাৰী বুলি মতা হওঁক কিয়নো তাইক নৰৰ পৰা লোৱা হৈছে ৷ এই বাবে পুৰুষে মাক-বাপেকক ত্যাগ কৰি নিজ ভাৰ্য্যাৰ লগত এক হয় ৷
ঈশ্বৰে পুৰুষ আৰু মহিলাক নিজ প্ৰতিমূৰ্তিৰ দৰে নিৰ্মাণ কৰিলে ৷ তেওঁ তেওঁবিলাকক আশীৰ্বাদ কৰি কলে, “বহু বংশ হৈ পৃথিবীখন পৰিপূৰ্ণ কৰা !” তাতে ঈশ্বৰে দেখিলে যে তেওঁৰ সৃষ্টি অতি উত্তম হৈছে, আৰু তেওঁ অতিকে সন্তুষ্ট হল ৷ এই সকলো বিলাক সৃষ্টিৰ ষষ্ঠ দিনা হৈছিল ৷
যেতিয়া সপ্তম দিন আহিল, ঈশ্বৰে তেওঁৰ সৃষ্টিৰ সকলো কাৰ্য্য সম্পূৰ্ণ কৰিছিলে ৷ তেওঁ সপ্তম দিনক আশীৰ্বাদ কৰি সেই দিনক পবিত্ৰ কৰিলে, কিয়নো সেই দিনটোতে তেওঁ সৃষ্টিৰ সকলো কাৰ্য্য সমাপ্ত কৰিছিল ৷ এই দৰে ঈশ্বৰে গোটেই জগত আৰু ইয়াৰ সকলোকে সৃষ্টি কৰিলে ৷