unfoldingWord 47 - ফিলিপীত পৌল আৰু চীল
Obrys: Acts 16:11-40
Číslo skriptu: 1247
Jazyk: Assamese
publikum: General
Účel: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Postavenie: Approved
Skripty sú základnými usmerneniami pre preklad a nahrávanie do iných jazykov. Mali by byť podľa potreby prispôsobené, aby boli zrozumiteľné a relevantné pre každú odlišnú kultúru a jazyk. Niektoré použité termíny a koncepty môžu vyžadovať podrobnejšie vysvetlenie alebo môžu byť dokonca nahradené alebo úplne vynechané.
Text skriptu
চৌলে যিহেতু ৰোমীয়া নগৰ সমূহ ভ্ৰমণ কৰিছিল, সেয়েহে তেওঁ ৰোমীয়া নাম, “পৌল” ৰাখিলে ৷ এদিনাখন, পৌল আৰু তেওঁৰ বন্ধু চীল ফিলিপীয়া নগৰত যীচু খ্ৰীষ্ট সম্বন্ধীয় শুভবাৰ্তা প্ৰচাৰ কৰিবৰ বাবে যায় ৷ তেওঁলোকে নদীৰ কাষত প্ৰাৰ্থনাত মানুহ গোট খোৱা এটুকুৰা ঠাইলৈ গল ৷ তাতে তেওঁলোকে লুদিয়া নামেৰে এগৰাকী বণিক তিৰোতাক লগ পায় ৷ তাই ঈশ্বৰক প্ৰেম আৰু ভক্তি কৰিছিল ৷
ঈশ্বৰে লুদিয়াক যীচু খ্ৰীষ্ট সম্বন্ধীয় বাৰ্তাত বিশ্বাস কৰিবৰ বাবে সমৰ্থবান কৰিলে ৷ পৌল আৰু চীলে তাই আৰু তাইৰ পৰিয়ালক বাপ্তিস্ম প্ৰদান কৰিলে ৷ তাই পৌল আৰু চীলক নিজৰ ঘৰত থাকিবৰ বাবে নিমন্ত্ৰণ কৰিলে, তাতে তেওঁবিলাকে তাত থাকিলে ৷
পৌল আৰু চীলে যিহূদী লোকে প্ৰাৰ্থনাৰ বাবে গোট খোৱা ঠাইত গৈ মানুহবিলাকক লগ ধৰে ৷ এই দৰে তেওঁলোক যেতিয়া তালৈ খোজ কাঢ়ি যায়, তেতিয়া বেয়া আত্মা থকা এজনী ছোৱালীয়ে তেওঁলোকক অনুকৰণ কৰে ৷ আৰু তাই সেই বেয়া আত্মাৰ সহায়ত মানুহবিলাৰ উদ্দেশ্যে ভবিষ্যত বাণী কৰে, আৰু এই দৰে তাই তাইৰ গৰাকীৰ বাবে বহু ধন উপাৰ্জান কৰি দিয়ে ৷
সেই ছোৱালী জনীয়ে তেওঁলোকৰ পাছে পাছে খোজ কাঢ়ি ৰিঙিয়াই ৰিঙিয়াই কৈ গৈ থাকে, “এই মানুবিলাকে সৰ্ব্বোপৰি ঈশ্বৰৰ দাস হৈ, তোমালোকৰ আগত পৰিত্ৰাণৰ পথ জনাইছে !” আৰু সকলো সময়তে তাই তেনেদৰে ৰিঙিয়াই থকাত পৌলে আমনি পালে ৷
অৱশেষত, যেতিয়া একে দৰে আন এদিন তাই ৰিঙিয়াবলৈ ধৰিলে, পৌলে তাইৰ ফালে ঘুৰিলে আৰু তাইৰ ভিতৰত থকা সেই বেয়া আত্মাক কলে, “যীচুৰ নামত তোক আজ্ঞা দিছোঁ তাইৰ পৰা বাহিৰ ওলা ৷” লগে লগে সেই বেয়া আত্মা তাইৰ পৰা ওলাল ৷
তাতে তাইৰ গৰাকীয়ে সেই কথা জানি অতিশয় ক্ৰুধিত হল ! তেওঁলোকে উপলব্ধি কৰিলে যে এতিয়া আৰু সেই ছোৱালী জনীয়ে মানুহৰ ভবিষ্যতৰ কথা জনাব নোৱাৰিব ৷ ইয়াৰ অৰ্থ হল, মানুহবিলাকৰ পৰা তেওঁবিলাকে ধন লাভ কৰিব নোৱাৰিব ৷
সেয়েহে সেই ছোৱালী জনীৰ গৰাকীয়ে পৌল আৰু চীলক শাসনকৰ্তাসকলৰ ওচৰলৈ ধৰি লৈ গল৷ তেওঁলোকে পৌল আৰু চীলক কোবালে আৰু কাৰাগাৰত বন্দী কৰি থলে ৷
তেওঁলোকে পৌল আৰু চীলক কাৰাগাৰৰ আটাইতকৈ সুৰক্ষিত স্থানত বন্দী কৰি ৰাখিলে ৷ তেওঁলোকৰ ভৰিত শিকলি লগাই কাঠত বন্ধি ৰাখিলে ৷ পাছে মাজ নিশা, পৌল আৰু চীলে ঈশ্বৰৰ প্ৰশংসা কৰি গীত গাই আছিল ৷
হঠাৎ, বৰ ভুমিকম্প হল ! কাৰাগাৰৰ সকলো দুৱাৰ মুকলি হল, আৰু বন্দী সকলৰ শিকলিৰ বান্ধ সমূহ খুলি গল৷
তাতে কাৰাগাৰৰ দাৰোগা সাৰ পালে ৷ তেওঁ কাৰাগাৰৰ দুৱাৰ সমূহ মুকলি হোৱা দেখিলে ৷ তেওঁ ভাবিলে যে কাৰাগাৰৰ সকলো বন্দী পলাই গৈছে ৷ তাতে ৰোমান শাসনকৰ্তা সকলে তেওঁক বধ কৰিব বুলি ভয় খাই নিজকে বধ কৰিবৰ বাবে সাজু হল ! পাছে পৌলে তেওঁক দেখি চিঞৰী কলে, “ৰ’বা, নিজৰ অনিষ্ট নকৰিবা ৷ আমি সকলো ইয়াতে আছো ৷”
তেতিয়া সেই দাৰোগাই কঁপি কঁপি পৌল আৰু চীলৰ কাষলৈ আহি সুধিলে, “পৰিত্ৰাণ পাবলৈ মই কি কৰিব লাগিব ?” পৌলে উত্তৰ দি কলে, “প্ৰভু যীচুত বিশ্বাস কৰা, তাতে তুমি আৰু তোমাৰ পৰিয়ালে ৰক্ষা পাবা ৷” ইয়াৰ পিছত সেই দাৰোগাই পৌল আৰু চীলক নিজৰ ঘৰলৈ লৈ যায় আৰু তেওঁবিলাকৰ আঘাতৰ ঘা ধুৱালে ৷ পৌলে সেই ঘৰৰ সকলোৰে আগত শুভাবাৰ্তা ঘোষণা কৰিলে ৷
সেই দাৰোগা আৰু তেওঁৰ গোটেই পৰিয়ালে যীচুত বিশ্বাস কৰিলে, গতিকে পৌল আৰু চীলে তেওঁলোকক বাপ্তিস্ম প্ৰদান কৰিলে ৷ সেই দাৰোগাই পৌল আৰু চীলক আহাৰ খাবলৈ দিলে আৰু তেওঁবিলাকে একে লগে উল্লাস কৰিলে ৷
ইয়াৰ পিছ দিনা ফিলিপীৰ শাসনকৰ্তা সকলে পৌল আৰু চীলক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে আৰু তেওঁলোকক ফিলিপী ত্যাগ কৰিবৰ বাবে নিৰ্দেশ দিয়ে ৷ পৌল আৰু চীলে লুদিয়া আৰু কেইজন মান বন্ধুক লগ কৰি সেই নগৰ ত্যাগ কৰে ৷ এই দৰে যীচু খ্ৰীষ্টৰ সম্বন্ধীয় শুভবাৰ্তা প্ৰচাৰ হবলৈ ধৰিলে আৰু মণ্ডলী বৃদ্ধি হৈ গৈ থাকিল ৷
পৌল আৰু আন আন খ্ৰীষ্টিয় নেতা সকলে বহু বিলাক নগৰ পৰিদৰ্শণ কৰিলে ৷ তেওঁবিলাকে সেই ঠাই সমূহত যীচু খ্ৰীষ্ট সম্বন্ধী শুভবাৰ্তা প্ৰচাৰ কৰিলে ৷ তেওঁলোকে মণ্ডলীৰ পৰিচালক সকলক উৎসাহিত কৰিবৰ বাবে অনেক পত্ৰ সমূহও লিখিলে ৷ ইয়াৰে কিছু পত্ৰ বাইবেলৰ অংশ হ’ল ৷