Выберите язык

unfoldingWord 24 - যোহনে যীচুক বাপ্তিস্ম দিয়া

unfoldingWord 24 - যোহনে যীচুক বাপ্তিস্ম দিয়া

План-конспект: Matthew 3; Mark 1; Luke 3; John 1:15-37

Номер текста: 1224

Язык: Assamese

Aудитория: General

Цель: Evangelism; Teaching

Функции: Bible Stories; Paraphrase Scripture

статус: Approved

Сценарии - это основные инструкции по переводу и записи на другие языки. Их следует при необходимости адаптировать, чтобы сделать понятными и актуальными для каждой культуры и языка. Некоторые используемые термины и концепции могут нуждаться в дополнительном пояснении или даже полностью замещаться или опускаться.

Текст программы

যোহন, অথাৎ জখৰীয়া আৰু এলিজাবেথৰ পুত্ৰ, ক্ৰমাত ডাঙৰ হ’ল আৰু এজন ভাৱবাদী হ’ল। তেওঁ মৰুপ্ৰান্ত থাকিবলৈ ললে আৰু বনৰীয়া মৌ আৰু কছোৱা ফৰিং খাই জীয়াই থাকিল আৰু ঊটৰ চালৰ বস্ত্ৰ পৰিধান কৰিলে।

বহু লোকে মৰুপ্ৰান্তলৈ আহি যোহনৰ ঘোষনা বোৰ শুনিলে। তেওঁ তেওঁলোকক ঈশ্বৰৰ বাক্যবোৰ ক’লে, মন পালটোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”

লোক সকলে যেতিয়া যোহনৰ কথাবোৰ শুনিলে, বহু লোকে তেওঁলোকৰ পাপৰ পৰা মন পালটালে, বহু ধম্মীয় নেতা সকলেও যোহনক চাবলৈ আহিল, কিন্তু তেওঁলোকে অনুতাপ নকিৰলে আৰু পাপ স্বীকাৰ নকিৰলে।

যোহনে ধম্মীয় নেতা সকলক এনেদেৰে কৈছিল, ‘‘ হে সৰ্পৰ বংশধৰ সকল মন পালটন কৰাৰ দ্বাৰাই নিজৰ নিজৰ স্বভাৱ সলনি কৰা। কিয়নো ঈশ্বৰে যি গছৰ ফল নধৰে থাক কাটি পোলাব , আৰু সেইবোৰক জুইত পেলাব।” যোহনে ভাৱবাদী সকলৰ বাক্যক সিদ্ধ কৰিলে। , মই অতি সোনাকলে মোৰ বাৰ্ত্তাবাহক জনক তোমাৰ আগে আগে পঠাম, যি জনে তোমালোকৰ নিমিত্তে পথ যুগুট কৰিব।”

কিছুমান ধম্মীয় নেতাই যোহনক প্ৰশ্ন কৰিছিল যে তেৱেই সেই আহিব লগীয়া মচিহ নে? তেতিয়া যোহনে ক’লে, “ মই মচিহ নহয়, কিন্তু তেওঁ মোৰ পাছত আহি আছে মই তেওঁৰ পাদুকা ববলৈও যোগ্য নহও।”

তাৰ পিছ দিনা, যীচুৱে যোহনৰ ওচৰলৈ আহি বাপ্তিস্ম গ্ৰহণ কৰিলে। যোহনে যেতিয়া তেওঁক দেখা পালে, তেওঁ ক’লে, “ চোৱা! এই জনেই ঈশ্বৰৰ মেৰ যি এই জগতৰ পাপাবোৰক আতৰাব ।’’

যোহনে যীতুক ক’লে, ‘‘ মইহে আপোনাৰ দ্বাৰা বাপ্তিস্ম লোৱা উচিত।” কিন্তু যীচুৱে ক’লে, “ এতিয়া এনেকৈয়ে হ’বলৈ দিয়া, কিয়নো সকলো ধাম্মিকতা আমি এইদৰে পূৰ্ণ কৰা উচিত।” তেতিয়া যোহনে যীচুক বাপ্তাইজিত কৰিলে।

যীচুৱে বাপ্তিস্ম গ্ৰহণ কৰি অহাৰ পিছত, ঈশ্বৰৰ আত্মাই কপৌ দৰে নামি আহি তেওঁৰ ওপৰত পৰিল । সেই সময়তে ঈশ্বৰে স্বৰ্গৰ পৰা এটা শব্দৰে এই কথা ক’লে, “ চোৱা, এও মোৰ প্ৰিয় পুত্ৰ এওঁত মই পৰম সন্তুষ্ট ।”

ঈশ্বৰে যোহনক ক’লে, “ পবিত্ৰ আত্মাই নামি আহি তুমি বাপ্তিস্ম দিয়া এজনৰ ওপৰত থাকিব। সেই জনেই ঈশ্বৰৰ পুত্ৰ।” কেৱল এজনেই ঈশ্বৰ আছে । যেতিয়া যোহনে যীচুক বাপ্তিস্ম দিছিল , তেওঁ পিতৃ ঈশ্বৰৰ মাত শুনিবলৈ পাইছিল, ঈশ্বৰৰ পুত্ৰক দেখিবলৈ পাইছিল, যি জন আছিল যীচু খ্ৰীষ্ট আৰু তেওঁ পবিত্ৰ আত্মাকো দেখিবলৈ পালে ।

Схожая информация

Слова Жизни - Аудиопослания Евангелия на тысячах языков, содержащие библейские послания о спасении и христианской жизни.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Поделиться

Logo Baidu Teiba Logo Blogger Logo Bluesky Logo Facebook Logo Line Logo LinkedIn Logo OK Logo Pinterest Logo Qzone Logo Reddit Logo Telegram Logo Threads Logo Tumblr Logo Viber Logo VK Logo Weibo Logo WhatsApp Logo X e-mail Эл.почта

Поделиться ссылкой