unfoldingWord 15 - প্ৰতিজ্ঞাৰ দেশ

План-конспект: Joshua 1-24
Номер текста: 1215
Язык: Assamese
Aудитория: General
Цель: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
статус: Approved
Сценарии - это основные инструкции по переводу и записи на другие языки. Их следует при необходимости адаптировать, чтобы сделать понятными и актуальными для каждой культуры и языка. Некоторые используемые термины и концепции могут нуждаться в дополнительном пояснении или даже полностью замещаться или опускаться.
Текст программы

অৱশেষত ইস্ৰায়েল জাতিয়ে প্ৰতিজ্ঞাৰ ঠাই অৰ্থাৎ কনানত সোমাবলৈ পালে ৷ সেই দেশত যিৰীহো নামৰ এক ঠাই আছিল ৷ সেই ঠাই শক্তিশালী দেৱালেৰে আৱৰি থোৱা আছিল ৷ যিহোচূৱাই সেই ঠাইলৈ দুজন চোৰাংচোৱা পঠিয়ালে ৷ সেই নগৰতে ৰাহাব নামৰ এজনী বেশ্যা আছিল ৷ তাই সেই চোৰাংচোৱা কেইজনক লুকুৱাই ৰাখিছিল আৰু পিছত পলাই যাবৰ বাবে সুবিধা কৰি দিছিল ৷ তাই ঈশ্বৰত বিশ্বাস কৰাৰ বাবে এই কাৰ্য্য কৰিছিল ৷ তাতে সেই চোৰাংচোৱা কেইজনে ইস্ৰায়েলে সেই ঠাই ধংস কৰাৰ সময়ত তাই আৰু তাইৰ পৰিয়ালক ৰক্ষা কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল ৷

ইস্ৰায়েলি সকলে প্ৰতিজ্ঞাৰ দেশত সোমাবৰ বাবে যৰ্দন নদী পাৰ হল ৷ ঈশ্বৰে যিহোচূৱাক কলে, “পুৰোহিত সকলক আগে আগে যাবলৈ দিয়া ৷” আৰু পুৰোহিত সকলে যেতিয়া যৰ্দন নদীত ভৰি দিলে, তেতিয়াই যৰ্দন নদীৰ পানীৰ সোঁত বোৱা বন্ধ হয় আৰু যাৰ বাবে ইস্ৰায়েলি সকল সহজতে নদী পাৰ হবৰ বাবে সুবিধা হয় ৷

মানুহবিলাকে যৰ্দন নদী পাৰ কৰাৰ পিছত ঈশ্বৰে যিহোচূৱাক কলে যে যিৰীহো নগৰ আক্ৰমন কৰিব লাগিব, যদিও তাৰ মানুহবিলাক অতিশয় শক্তিশালী আছিল ৷ আৰু তেওঁ কলে যে তেওঁৰ পুৰোহিত আৰু সৈন্য সকলে ছয়দিনৰ বাবে, প্ৰতিদিনে সেই নগৰৰ চাৰিও কাষে ঘুৰিব লাগিব ৷ তাতে সেই পুৰোহিত আৰু সৈন্য সকলে সেই দৰে কৰিলে ৷

আৰু সাত দিনৰ দিনা, সেই ইস্ৰায়েলি সকলে সেই নগৰৰ চাৰিওঁফালে সাত বাৰ ঘুৰিলে ৷ আৰু তেওঁবিলাকে সাতবাৰ সেই নগৰৰ চাৰিওফালে ঘুৰাৰ পাছত, পুৰোহিত সকলে তূৰী বজালে আৰু সৈন্য সকলে চিঞৰ মাৰিলে ৷

তাতে সেই যিৰীহো নগৰৰ দেৱাল ভাঙি পৰিলে ! তাতে ইস্ৰায়েলি সকলে ঈশ্বৰৰ কোৱাৰ দৰে সেই নগৰৰ সকলোবিলাক ধংস কৰিলে ৷ পাছে তেওঁবিলাকে ৰহাব আৰু তাইৰ পৰিয়ালক ৰক্ষা কৰিলে, কিয়নো তেওঁবিলাকে ইস্ৰায়েলি সকলক সহায় কৰিছিল ৷ তাতে কনান দেশত বাস কৰা লোকসকলে যেতিয়া যিৰীহো নগৰ ধংস হোৱাৰ কথা জানিলে, তেতিয়া ইস্ৰায়েলি সকলে তেওঁবিলাকক আক্ৰমন কৰিব বুলি ভয় কৰিলে ৷

ইস্ৰায়েলি সকলে কনান দেশত বাস কৰা কোনো গোষ্ঠিৰ লগত মিত্ৰতা নকৰিবৰ বাবে ঈশ্বৰে আজ্ঞা কৰিলে ৷ পাছে কনান দেশৰ এটা গোটে গিবিয়োনীয়াবিলাকে, ছল কৰি যিহোচূৱাক কলে যে তেওঁবিলাক কনানৰ পৰা বহু দূৰত বাস কৰে ৷ তেওঁবিলাকে যিহোচূৱাৰ লগত মিত্ৰতা কৰিবৰ বাবে আহ্বান জনালে ৷ যিহোচূৱা আৰু তেওঁৰ আন আন পৰিচালক সকলে সেই সম্বন্ধে ঈশ্বৰৰ সৈতে আলোচনা নকৰিলে ৷ তাৰ সলনি, তেওঁবিলাকে গিবিয়োনীয়াবিলাকৰ সৈতে শান্তি সম্বন্ধ কৰিলে ৷

তিনি দিনৰ পিছত, ইস্ৰায়েলি সকলে জানিব পাৰিলে যে গিবিয়োনীয়াবিলাক কনানত বাস কৰে ৷ তেওঁবিলাকক যে গিবিয়োনীয়াবিলাকে ছল কৰিলে তাক জানিব পাৰি তেওঁবিলাকক ক্ৰোধিত হল ৷ পাছে তেওঁবিলাকে তেওঁবিলাকৰ সৈতে যি শান্তি চুক্তি কৰিছিল তাক ঈশ্বৰক সাক্ষী কৰি কৰাৰ বাবে সেয়া ভঙ্গ নকৰিলে ৷ তাৰ কিছু সময়ৰ পিছত, কনানৰ আন এক দলৰ ৰজা, ইমোৰীয়া সকলে, গিবিয়োনীয়া সকলে ইস্ৰায়েলৰ সৈতে শান্তি চুক্তি কৰা বুলি জানিলে, গতিকে তেওঁলোকেও বিশাল সৈন্য গোটাই গিডিয়োনক আক্ৰমণ কৰিলে ৷ তাতে গিবিয়োনীয়াবিলাকে ইয়াক জানি যিহোচূৱালৈ সহায় বিচাৰি বাৰ্তা পঠিয়ালে ৷

তাতে যিহোচূৱাই ইস্ৰায়েলি সৈন্য সকলক গোটাই গিবিয়োনীয়াবিলাকৰ কাষলৈ বুলি গোটেই ৰাতি যাত্ৰা কৰিলে ৷ অতি ৰাতি পুৱাতে তেওঁবিলাকে ইমোৰীয়া বিলাকক আচৰিত কৰি সিহঁতক আক্ৰমন কৰিলে ৷

সেই দিনা ঈশ্বৰে ইস্ৰয়েল সকলৰ হৈ যুদ্ধ কৰিলে ৷ তেওঁ ইমোৰীয়া বিলাকৰ ওপৰত মহাশিলা বৰষাই সিহঁতক মাৰিলে ৷

ইস্ৰায়েল সকল যাতে যুদ্ধত জয়ী হবৰ বাবে যথেষ্ট সময় পায় তাৰ বাবে ঈশ্বৰে সূৰ্য্যক একে ঠাইতে স্থিৰ কৰি ৰাখিলে যেতিয়ালৈকে ইমোৰীয়া বিলাক পৰাস্ত নহয় ৷ সেই দিনাখন, ইস্ৰায়েলৰ বাবে ঈশ্বৰে এক ডাঙৰ বিজয় আনিলে ৷

ঈশ্বৰে সেই সৈন্য সকলক পৰাস্ত কৰাৰ পিছত, কনানৰ আন আন গোট সমূহে ইস্ৰায়েলক আক্ৰমন কৰিবৰ বাব এক গোট হয় ৷ যিহোচূৱা আৰু ইস্ৰায়েলি সকলে তেওঁবিলাকক আক্ৰমন কৰিলে আৰু পৰাস্ত কৰিলে ৷

এই যুদ্ধ সমূহৰ পিছত, ঈশ্বৰে ইস্ৰায়েলৰ প্ৰতিটো গোষ্ঠিকে প্ৰতিজ্ঞা দেশৰ এটি এটি অংশ দান কৰিলে ৷ তাৰ পিছত ঈশ্বৰে তেওঁবিলাকৰ সীমাত শান্তি স্থাপন কৰিলে ৷

যেতিয়া যিহোচূৱা বয়সত বৃদ্ধি পাই আহিল, তেতিয়া তেওঁ ইস্ৰায়েলৰ সকলোকে মাতিলে ৷ তাৰ পিছত তেওঁ তেওঁবিলাকক সোঁৱৰায় দিয়ে যে তেওঁবিলাকে ঈশ্বৰে চীনয় পৰ্বতত দিয়া নিয়ম মানি চলিব বুলি প্ৰতিজ্ঞা কৰিছিল ৷ তাতে লোক সমূহেত সেই প্ৰতিজ্ঞা মানি চলিব বুলি পুনৰায় প্ৰতিজ্ঞা কৰে ৷