unfoldingWord 29 - এজন নিৰ্দয় দাসৰ কাহিনী
![unfoldingWord 29 - এজন নিৰ্দয় দাসৰ কাহিনী](https://static.globalrecordings.net/300x200/z40_Mt_18_07.jpg)
रूपरेखा: Matthew 18:21-35
लिपि नम्बर: 1229
भाषा: Assamese
दर्शक: General
उद्देश्य: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
स्थिति: Approved
लिपिहरू अन्य भाषाहरूमा अनुवाद र रेकर्डिङका लागि आधारभूत दिशानिर्देशहरू हुन्। तिनीहरूलाई प्रत्येक फरक संस्कृति र भाषाको लागि बुझ्न योग्य र सान्दर्भिक बनाउन आवश्यक रूपमा अनुकूलित हुनुपर्छ। प्रयोग गरिएका केही सर्तहरू र अवधारणाहरूलाई थप व्याख्याको आवश्यकता हुन सक्छ वा पूर्ण रूपमा प्रतिस्थापन वा मेटाउन पनि सकिन्छ।
लिपि पाठ
![](https://static.globalrecordings.net/300x200/z40_Mt_18_01.jpg)
এদিনাখন পিতৰে যীচুক সুধিলে, “গুৰু, মোৰ ভায়ে মোৰ অহিতে কেইবাৰ অপৰাধ কৰিলে মই তেওঁক ক্ষমা কৰিম ? সাতবাৰলৈকে নে?” যীচুৱে উত্তৰ দি কলে, “সাতবাৰলৈকে বুলি মই তোমাক নকওঁ, কিন্তু সত্তৰ গুণ সাতবাৰলৈকে ৷” তাৰ মানে যীচুৱে কয় যে আমি সকলো সময়তে ক্ষমা কৰিব লাগে৷ তাৰ পচতে যীচুৱে এই কাহিনিটি কবলৈ ধৰিলে৷
![](https://static.globalrecordings.net/300x200/z40_Mt_18_02.jpg)
যীচুৱে কলে, “স্বৰ্গৰাজ্য লেখ-বুজ কৰিব খোজা এজন ৰজাৰ লগত তুলনা কৰিব পাৰি ৷ তেওঁ লেখ-বুজ কৰি জানিলে যে তেওঁৰ এজন দাসে তেওঁক দহ হাজাৰ ৰূপৰ ধৰুৱা হৈ আছে ৷”
![](https://static.globalrecordings.net/300x200/z40_Mt_18_04.jpg)
কিন্তু দাস জনে সেই ধাৰ পৰিশোধ কৰিব পৰা নাই, গতিকে ৰজাই তেওঁক কলে, “তোমাৰ লৰা তিৰোতা আদি সৰ্ব্বস্ব বেচি এই ধাৰ পৰিশোধ কৰা ৷”
![](https://static.globalrecordings.net/300x200/z40_Mt_18_05.jpg)
“তাতে সেই দাসে দণ্ডৱতে তেওঁক প্ৰণাম কৰি কলে, হে প্ৰভু, সহন কৰক, মই আটাইখিনি পৰিশোধ কৰিম ৷’ তেতিয়া সেই দাসৰ প্ৰভুৰ মৰম লাগিলত, তেওঁ তেওঁক মুক্ত কৰিলে, আৰু তেওঁৰ ধাৰো ক্ষমা কৰিলে ৷”
![](https://static.globalrecordings.net/300x200/z40_Mt_18_03.jpg)
“কিন্তু সেই দাসে বাহিৰলৈ গৈ, তেওঁৰ এশ আধলিৰ ধৰুৱা এজন সহদাসক পাই তেওঁক ধৰি, ডিঙিত টেপা দি কলে, ‘তোৰ পৰা মই পাবলগীয়াখিনি দে!’”
![](https://static.globalrecordings.net/300x200/z40_Mt_18_07.jpg)
“তাতে তেওঁৰ সহদাসে দণ্ডৱতে কাবৌ কৰি কলে, সহন কৰক, মই আপোনাক পৰিশোধ কৰিম ৷ ’ কিন্তু তেওঁ সন্মত নহৈ, দিব লগীয়াখিনি পৰিশোধ নকৰামানলৈকে, তেওঁক বন্দীশালত সুমুৱাই থলে ৷”
![](https://static.globalrecordings.net/300x200/z40_Mt_18_09.jpg)
“তাতে তেওঁৰ সহদাসবিলাকে এই ঘটনা দেখি, অতিশয় দুঃখিত হল ৷ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ গৈ, যি যি ঘটিল, সেই সকলোকে জনালে ৷”
![](https://static.globalrecordings.net/300x200/z40_Mt_18_10.jpg)
“তেতিয়া তেওঁৰ প্ৰভুৱে তেওঁক ওচৰলৈ মতাই কলে, হেৰ দুষ্ট দাস, তই মোক কাবৌ কৰাত, মই তোৰ সেই সকলো ধাৰ ক্ষমা কৰিলোঁ ৷ তেন্তে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে ? তেতিয়া ৰজাৰ এনে খং উঠিল যে দিব লগীয়া আটাইখিনি পৰিশোধ নকৰামানলৈকে. তেওঁক কাৰাগাৰত সমোৱাই থলে৷”
![](https://static.globalrecordings.net/300x200/z40_Mt_18_11.jpg)
তাৰ পিছত যীচুৱে কলে, “তোমালোক প্ৰতিজনে যদি নিজ নিজ ভায়েৰাক অন্তৰে সৈতে ক্ষমা নকৰা, তেন্তে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক সেইদৰে কৰিব ৷”