unfoldingWord 36 - অন্যৰূপ ধৰা

रूपरेखा: Matthew 17:1-9; Mark 9:2-8; Luke 9:28-36
लिपि नम्बर: 1236
भाषा: Assamese
दर्शक: General
उद्देश्य: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
स्थिति: Approved
लिपिहरू अन्य भाषाहरूमा अनुवाद र रेकर्डिङका लागि आधारभूत दिशानिर्देशहरू हुन्। तिनीहरूलाई प्रत्येक फरक संस्कृति र भाषाको लागि बुझ्न योग्य र सान्दर्भिक बनाउन आवश्यक रूपमा अनुकूलित हुनुपर्छ। प्रयोग गरिएका केही सर्तहरू र अवधारणाहरूलाई थप व्याख्याको आवश्यकता हुन सक्छ वा पूर्ण रूपमा प्रतिस्थापन वा मेटाउन पनि सकिन्छ।
लिपि पाठ

এদিনাখন, যীচুৱে তেওঁৰ তিনিজন শিষ্য, পিতৰ, যাকোব আৰু যোহনক লগত ললে ৷(যোহন নামৰ শিষ্যজন যীচুক বাপ্তিস্ম দিয়া ব্যক্তি জন নহয় ৷) তেওঁলোকে প্ৰাৰ্থনা কৰিবৰ বাবে পৰ্ব্বতৰ ওপৰলৈ গল৷

যীচুৱে প্ৰাৰ্থনা কৰি থকাৰ সময়ত, তেওঁৰ মূখ সূৰ্য্যৰ দৰে উজ্বল হৈ পৰে ৷ তেওঁ পৰিধান কৰি থকা পোচাক পোহৰৰ দৰে চকমকাই ইমান বগা হল যে তেনে বগা পৃথিবীৰ কোনো ব্যক্তিয়ে কৰিব নোৱাৰে ৷

তাৰ পিছত তাত মোচি আৰু এলিয়া ভাববাদীৰ আবিৰ্ভাৱ ঘটে ৷ এই কেইজন ব্যক্তি বহু শ শ বছৰ আগেয়ে এই পৃথিবীত জীয়াই আছিল ৷ তেওঁবিলাকে যীচুৰ সৈতে তেওঁৰ মৃত্যুৰ বিষয়ে কথা পাতিলে, কিয়নো অতি সোনকালে তেওঁ যিৰূচালেমত তেওঁৰ মৃত্যু হব৷

আৰু যেতিয়া মোচি আৰু এলিয়াই যীচুৰে সৈতে কথা হৈ আছিল, পিতৰে যীচুক কলে, “আমাৰ ইয়াত থকা ভাল ৷ আমি তিনিটা পজা সাজোহঁক, এটা আপোনাৰ বাবে, এটা মোচিৰ বাবে আৰু আনটো এলিয়াৰ বাবে ৷” কিন্তু পিতৰে কি কৈ আছিল তাক তেওঁ নিজে জনা নাছিল ৷

আৰু পিতৰে যেতিয়া কথা কৈ আছিল, এক উজ্বল মেঘ আহি তেওঁবিলাকক ঘেৰি ধৰিলে ৷ তাৰ পিছত মেঘৰ মাজৰ পৰা এটা বাণী হল, “এওঁ মোৰ পুত্ৰ যাক মই প্ৰেম কৰোঁ ৷ মই তেওঁত পৰম সন্তুষ্ট৷ তেওঁৰ কথা শুনা ৷” সেই তিনিজন শিষ্যই অতিশয় ভয় খালে আৰু মাটিত উবুৰি খাই পৰিল ৷

তাৰ পিছত যীচুৱে তেওঁবিলাকক স্পৰ্শ কৰিলে আৰু কলে, “ভয় নকৰিবা, উঠা ৷” যেতিয়া তেওঁবিলাকে চাৰিও ফালে চালে, তাত যীচুৰ বাদে কাকো দেখা নাপালে ৷

যীচু আৰু তেওঁৰ তিনিজন শিষ্য পৰ্ব্বতৰ পৰা নামি আহিল ৷ তাৰ পিছত যীচুৱে তেওঁলোকক কলে, “এই বিষয়ে তোমালোকে কাকো একো নকবা ৷ মই অতি সোনকালে মৰিম আৰু পুনৰায় জীয়াই উঠিম ৷ তাৰ পিছত তোমালোকে লোকসকলক কব পাৰিবা ৷”