Pilih Bahasa

mic

Kongsi

Kongsi pautan

QR code for https://globalrecordings.net/script/7950

unfoldingWord 03 - বানপানী

unfoldingWord 03 - বানপানী

Garis besar: Genesis 6-8

Nombor Skrip: 1203

Bahasa: Assamese

Tema: Eternal life (Salvation); Living as a Christian (Obedience); Sin and Satan (Judgement)

Penonton: General

Tujuan: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Status: Approved

Skrip ialah garis panduan asas untuk terjemahan dan rakaman ke dalam bahasa lain. Mereka harus disesuaikan mengikut keperluan untuk menjadikannya mudah difahami dan relevan untuk setiap budaya dan bahasa yang berbeza. Sesetengah istilah dan konsep yang digunakan mungkin memerlukan penjelasan lanjut atau bahkan diganti atau ditinggalkan sepenuhnya.

Teks Skrip

বহু দিনৰ পাছত, বহু লোকে এই জগতত বস বাস কৰিছিল। তেওঁলোক অতিশয় দুষ্ট আৰু সিংহাত্মক হৈ পৰিছিল। লোক সমূহ ক্ৰমান্নয়ে ইমানে বেয়া হ’ল যে ঈশ্বৰে গোটেই পৃথিৱীখন বৃহৎ বনপানীৰ দ্বাৰা ধংশ কৰিবলৈ মনস্ত কৰিলে।

কিন্তু ঈশ্বৰে নোহত সন্তুস্ত হ’ল। কিয়নো তেওঁ ধা্ৰ্ম্মীক লোক আছিল। তেওঁ দুষ্ট লোক সকলৰ লগত বস বাস কৰিছিল। ঈশ্বৰে নোহক ক’লে যে, তেওঁ এই পৃথিৱীত এক বৃহৎ বনপানী আনিব। সেয়েহে তেওঁ নোহক এখন ডাঙৰ জাহাজ বনাবলৈ আজ্ঞা কৰিলে।

ঈশ্বৰে নোহক ১৪০ মিটাৰ দৰ্ঘ্যৰ, ২৩ মিটাৰ বহল আৰু ১৩.৫ মিটাৰ উচ্ছতাৰ এখন জাহাজ বনাবলৈ আজ্ঞা দিলে। নোহ্ক এই জাহাজ খন কাঠেৰে, তিনিখলপীয়া, বহুতো কোঠা, এখন চাল আৰু এখন খিৰিকিৰে সৈতে নিৰ্ম্মান কৰিবলৈ ক’লে। এই জাহাজ খনে বানপানীৰ সময়ত, নোহ আৰু তেওঁৰ পৰিয়ালৰ লগতে প্ৰত্যক বিধৰ জন্তুৰ সুৰক্ষিত কৰিবলৈ।

নোহে ঈশ্বৰৰ বাধ্য হ’ল। ঈশ্বৰে কোৱাৰ দৰেই তেওঁ আৰু তেওঁৰ তিনজন পুত্ৰই লগ লাগি এই জাহাজ খন নিৰ্ম্মান কিৰলে। ইয়াক বনাওতে বহু বছৰৰ প্ৰয়োজন হ’ল, কিয়নো ই অতি ডাঙৰ আছিল। নোহে ভৱিষ্যতে হ’ব লগা এই বানপানীৰ বিষয়ে সেই সময়ৰ লোক সকলক কৈ সাৱধান কিৰিছিল আৰু লোক সমূহক ঈশ্বৰলৈ ঘূৰিবৈল কৈছিল, কিন্তু তেওঁলোকে তেওঁক বিশ্বাস নকৰিলে।

ঈশ্বৰে নোহ আৰু তেওঁৰ পৰিয়ালক সকলোৰে বাবে সৰহকৈ খোৱা বস্তু গোটাই ৰাখিবলৈ আজ্ঞা দিলে।যেতিয়া সকলো যুগুত হ’ল,তেতিয়া ঈশ্বৰে নোহক ক’লে এতিয়া তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ নিমিত্তে জাহাজত ওঠিবৰ সময় হ’ল। তেওঁলোক সৰ্ব্বমুঠ আঠজন আছিল।

ঈশ্বৰে সকলো বিধ জন্তু, চৰাই চিৰিকতি মতা আৰু মাইকীকৈ নোহৰ জাহাজলৈ পঠিয়ালে যাতে সেইবোৰ জলপ্লাৱনৰ সময়ত সুৰক্ষিত হয়।তাতে ঈশ্বৰে নিজেই সেই জাহাজৰ দুৱাৰ বন্ধ কিৰলে।

তেতিয়া বৰষুণ আৰম্ভ হ’ল আৰু পৃথিৱীৰ ওপৰত দিনে ৰাতিয়ে চিল্লশ দিন চল্লিশ ৰাতি মহাবৃষ্টি হ’ল।পৃথিৱীৰ ওপৰত জল প্ৰৱল হৈ অতিশয় ৰূপে বাঢ়িলত, গোটেই আকাশৰ তলত সমুদায় ওখ পৰ্ব্বতবোৰ তল গ’ল।

শুকান মাটিত থকা আতাই প্ৰাণী অৰ্থাৎ মানুহ, পশু, উৰগ জন্তু, আৰু সকলো আকাশৰ চৰাই লুপ্ত হৈ পৃথিৱীৰ পৰা উচন্ন হ’ল। কিন্তু জহাজৰ ভিতৰৰ সকলো প্ৰাণীৰে প্ৰাণ ৰক্ষা পৰিল।

বৰষুণ শেষ হোৱাৰ পাছত, জাহাজ খনে প্ৰায় পাঁচ মাহ উটি থকিল। এই সময়ত বৰষুণ লাহে লাহে কমি আহিবলৈ ল’লে।তেনেদৰে জাহাজ খন এদিন পৰ্ব্বতৰ টিঙত লাগিল, কিন্তু এনে অৱস্থাতো পৃথিৱীখন জলেৰে পৰিপুৰ্ণ হৈ আছিল।তিনিমাহৰ পাছত, পৰ্ব্বতৰ টিং বোৰ দেখা গ’ল।

আৰু চিল্লশ দিনৰ পাছত, নোহে পানী শুকালে লে নে নাই তাকে জানিবলৈ কাউৰি এজনি পিঠয়ালে।তাতে কাউৰি জনীয়ে কতো শুকান ঠাই নাপাই পুণৰ উভিত আহিল।

তাৰ পাছত নোহে এটা কপৌ চৰাই পঠিয়ালে। কিন্তু ইয়ো কোনো ধৰণৰ শুকান ঠাই বিচাৰি নাপাই পুণৰ নোহৰ ওচৰলৈ ঘূৰি আহিল। এসপ্তাহৰ পাছত নোহে পুণৰ কপৌ চৰাইটো পঠিয়ালে তাতে ই তাৰ ঠোতট জিত বৃক্ষৰ এটা নতুন পাত আনিলে! পানী ক্ৰমান্নয়ে কমি আহিল, আৰু গছ-বন বোৰ গজিবলৈ আৰম্ভ কৰিলে!

নোহে আৰু এক সপ্তাহ অপেক্ষা কৰাৰ পাছত তেওঁ পুণৰ কপৌ চৰাইটোক তৃতীয় বাৰলৈ পঠিয়ালে। এই বাৰ এই চৰাইটোৱে শুকান ঠাই পাই পুণৰ তেওঁৰ ওচৰলৈ উভতি নাহিল। কিয়নো পানী শুকাই পৰিল!

দুই মাহৰ পাছত ঈশ্বৰে নোহক ক’লে,“তুমি,তোমাৰ পৰিয়াল আৰু সকলো জন্তুৱে এতিয়া জাহাজৰ পৰা ওলাই যোৱা।তোমাৰ সন্তান আৰু নাতি-পুতিৰে গোটেই জগত পৰিপুৰ্ণ কৰা।”তাতে নোহ আৰু তেওঁৰ পিৰয়ালে জাহাজৰ পৰা নামিল।

পাছে নোহে জাহাজৰ পৰা নমাত, যিহোৱাৰ উদ্দেশে এটা যজ্ঞ বেদি নিৰ্ম্মান কৰি, সকলো শুচি পশুৰ আৰু সকলো শুচি পক্ষীৰ পৰাও কেইটামান লৈ সেই বেদিৰ ওপৰত সৎসৰ্গ কৰিলে। তাতে ঈশ্বেৰ তেওঁ আৰু তেওঁৰ পৰিয়ালত সন্তুস্ত হৈ তেওঁলোকক অনেক আশীৰ্ব্বাদ কৰিলে।

তাতে ঈশ্বৰে ক’লে,মানুহৰ কাৰণে মই ভুমিক কেতিয়াও শাও নিদিওঁ, বা জল প্লাৱনৰ দ্বাৰা ধ্বংশ নকৰো, কাৰণ মানুহৰ মনৰ কল্পনা সৰু কালৰে পৰা মন্দ।”

তাতে ঈশ্বৰে প্ৰথমবাৰলৈ প্ৰতিজ্ঞা স্বৰূপে মেঘ ধেনু স্থাপন কৰিলে। যেতিয়াই এই মেঘ ধেনু আকাশত ওলাই, ঈশ্বৰে তেওঁৰ সন্তান সকলৰ প্ৰতি কৰা প্ৰতিজ্ঞাৰ কথা স্মৰণ কৰে।

Maklumat berkaitan

Kata-kata Kehidupan - Mesej injil audio dalam beribu-ribu bahasa yang mengandungi mesej berasaskan Alkitab tentang keselamatan dan kehidupan Kristian.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons