एक भाषा निवडा

mic

शेअर करा

दुवा सामायिक करा

QR code for https://globalrecordings.net/script/as/1240

unfoldingWord 40 - যীচুক ক্ৰুচবিদ্ধ কৰা

unfoldingWord 40 - যীচুক ক্ৰুচবিদ্ধ কৰা

रुपरेषा: Matthew 27:27-61; Mark 15:16-47; Luke 23:26-56; John 19:17-42

स्क्रिप्ट क्रमांक: 1240

इंग्रजी: Assamese

प्रेक्षक: General

उद्देश: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

स्थिती: Approved

स्क्रिप्ट हे इतर भाषांमध्ये भाषांतर आणि रेकॉर्डिंगसाठी मूलभूत मार्गदर्शक तत्त्वे आहेत. प्रत्येक भिन्न संस्कृती आणि भाषेसाठी त्यांना समजण्यायोग्य आणि संबंधित बनविण्यासाठी ते आवश्यकतेनुसार स्वीकारले जावे. वापरलेल्या काही संज्ञा आणि संकल्पनांना अधिक स्पष्टीकरणाची आवश्यकता असू शकते किंवा अगदी बदलली किंवा पूर्णपणे वगळली जाऊ शकते.

स्क्रिप्ट मजकूर

সৈন্যবিলাকে যীচুক নিন্দা কৰাৰ পিছত, তেওঁবিলাকে তেওঁক ক্ৰুচবিদ্ধ কৰিবৰ বাবে লৈ গল৷ তেওঁক যি ডাল ক্ৰুচত ক্ৰুচবিদ্ধ কৰা হব সেই ক্ৰুচডাল নিজে তুলি নিবৰ বাবে বাধ্য কৰালে ৷

সৈন্যবিলাকে যীচুক গলগথা, অৰ্থাৎ মুৰৰ লাউখোলা নামেৰে এখন ঠাইলৈ আনিলে আৰু তাতে তেওঁবিলাকে তেওঁৰ হাতত আৰু ভৰিত গজাল মাৰি ক্ৰুচত ওলমাই দিয়ে ৷ কিন্তু যীচুৱে কলে, “পিতৃ, এওঁবিলাকক ক্ষমা কৰা কিয়নো এওঁবিলাকে কি কৰিছে তাক এওঁবিলাকে নিজে নাজানে ৷” তেওঁবিলাকে তেওঁক অপবাদ দিবৰ বাবে তেওঁৰ মূৰৰ ওপৰত “এই জনা যিহূদীবিলাকৰ ৰজা যীচু” এই বুলি লিখা এখন ফলক লগালে ৷ পীলাতে তেওঁবিলাকক সেই দৰেই লিখিবৰ বাবে কৈছিল ৷

ইয়াৰ পিছত সৈন্যবিলাকে তেওঁৰ পোচাকক লৈ চিঠী খেলিলে ৷ তেওঁবিলাকে যেতিয়া ইয়াক কৰিলে, ইয়াৰ দ্বাৰাই তেওঁলোকে “তেওঁলোকে নিজৰ মাজত চিঠী খেলি মোৰ কাপোৰ ভগাই লব” এই বুলি যি ভাৱবানী কৰা হৈছিল ইয়াকে সম্পূৰ্ণ কৰিলে ৷

সেই একে সময়তে সৈন্যবিলাকে দুজন ডকাইতকো ক্ৰুচত দিছিল ৷ সিঁহতক যীচুৰ দুয়ো কাষে ক্ৰুচত দিয়া হৈছিল ৷তাৰে এজনে যীচুক নিন্দা কৰিলে, কিন্তু আন জনে কলে, “তুমি ঈশ্বৰলৈ ভয় নকৰানে ? আমি হলে দণ্ডৰ যোগ্যপাত্ৰ, নিজ নিজ কৰ্ম্মৰ উচিত ফল পাইছোঁ, কিন্তু এই জনাই একো অনুচিত কৰ্ম্ম কৰা নাই ৷ ” তাতে তেওঁ যীচুক কলে, “অনুগ্ৰহ কৰি আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোক সুঁৱৰিব ৷” যীচুৱে তেওঁক উত্তৰ দি কলে, “আজিয়েই তুমি পৰমদেশত মোৰ সঙ্গী হবা ৷”

সেই সময়ত তাত থকা লোকসকল আৰু শাসনকৰ্ত্তা সকলেও যীচুক উপহাস কৰিলে ৷ তেওঁলোকে কলে, “তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে ক্ৰুচৰ পৰা নামা আৰু নিজকে ৰক্ষা কৰা !” তেহে আমি তোমাত বিশ্বাস কৰিম ৷

পাছে তেনে সময়তে গোটেই দেশৰ ওপৰতে আন্ধাৰ হল, যদিও তেতিয়া দিনৰ মাজ ভাগ হৈছিল হে ৷ তিনি ঘন্টা সময়ত সেই দেশক আন্ধাৰে আৱৰি ৰাখিলে ৷

তেনেতে যীচুৱে বৰ মাতেৰে ৰিঙিয়াই কলে, “সম্পূৰ্ণ হল! পিতৃ, মই মোৰ আত্মা তোমাৰ হাতত সমৰ্পণ কৰিছো ৷” তাৰ পিছত তেওঁ মূৰ তল কৰি প্ৰাণ ত্যাগ কৰে ৷ যেতিয়া তেওঁৰ মৃত্যু হয়, তাত এক ভুমিকম্প হল ৷ আৰু মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা ফাটি দুছিটা হল ৷

মৃত্যুৰ যোগেদি যীচুৱে লোক সমূহক ঈশ্বৰৰ কাষলৈ যাবৰ বাবে এক বাট মুকলি কৰি দিয়ে ৷ যীচুক পহৰা দি থকা সৈন্যবিলাকে যেতিয়া এই ঘটনা সমূহৰ সাক্ষী হয় তেতিয়া তেওঁলোকে কলে, “সঁচাই এই মানুহ নিৰ্দোষী ৷ এওঁ ঈশ্বৰৰ পুত্ৰ হয় ৷”

তাতে যোচেফ আৰু নীকদীম নামৰ দুজন যিহূদী পৰিচালক আছিল ৷ যীচু যে উদ্ধাৰকৰ্তা হয় এই কথা তেওঁলোকে বিশ্বাস কৰিছিল ৷ তেওঁলোকে পীলাতক যীচুৰ দেহটো বিচাৰিলে ৷ তেওঁলোকে তেওঁৰ দেহাতো শণ সুতাৰে মেৰিয়াই আৰু শিলত খন্দা এটা মৈদামত তেওঁক শুৱাই থলে ৷ ইয়াৰ পিছত তেওঁলোক দুজনে বৰ এচটা শিল বগৰাই দুৱাৰ মুখ বন্ধ কৰি দিয়ে ৷

संबंधित माहिती

Jivanche Vachan - हजारो भाषांमधील ऑडिओ सुवार्तिक संदेश ज्यामध्ये तारण आणि ख्रिश्चन जीवनाबद्दल बायबलवर आधारित संदेश आहेत.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?