unfoldingWord 26 - যীচুৱে পৰিচৰ্য্যা আৰম্ভ কৰা

രൂപരേഖ: Matthew 4:12-25; Mark 1-3; Luke 4
മൂലരേഖ (സ്ക്രിപ്റ്റ്) നമ്പർ: 1226
ഭാഷ: Assamese
പ്രേക്ഷകർ: General
ഉദ്ദേശം: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
അവസ്ഥ: Approved
മറ്റ് ഭാഷകളിലേക്ക് വിവർത്തനം ചെയ്യുന്നതിനും റെക്കോർഡുചെയ്യുന്നതിനുമുള്ള അടിസ്ഥാന മാർഗ്ഗനിർദ്ദേശങ്ങളാണ് സ്ക്രിപ്റ്റുകൾ. ഓരോ വ്യത്യസ്ത സംസ്കാരത്തിനും ഭാഷയ്ക്കും അവ മനസ്സിലാക്കാവുന്നതും പ്രസക്തവുമാക്കുന്നതിന് അവ ആവശ്യാനുസരണം പൊരുത്തപ്പെടുത്തണം. ഉപയോഗിച്ച ചില നിബന്ധനകൾക്കും ആശയങ്ങൾക്കും കൂടുതൽ വിശദീകരണം ആവശ്യമായി വന്നേക്കാം അല്ലെങ്കിൽ രൂപാന്തരപ്പെടുത്തുകയോ പൂർണ്ണമായും ഒഴിവാക്കുകയോ ചെയ്യാം.
മൂലരേഖ (സ്ക്രിപ്റ്റ്) ടെക്സ്റ്റ്

যীচুৱে চয়তানৰ পৰীক্ষাক প্ৰত্যাক্ষ্যান কৰাৰ পাচত, তেওঁ গালীল প্ৰদেশলৈ উলটি গল ৷ সেয়া তেওঁৰ বাসস্থান আছিল ৷ পবিত্ৰ আত্মাৰ দ্বাৰাই শক্তিৱন্ত হৈ যীচুৱে বিভিন্ন ঠাই সমূহ ভ্ৰমণ কৰিলে আৰু লোক সমূহক শিক্ষা প্ৰদান কৰিলে ৷ সকলোৱে তেওঁৰ বিষয়ে ভাল মন্তব্য দিলে৷

যীচু নাচৰৎ নগৰলৈ গল ৷ সেই গাৱঁতে তেওঁ লৰালি কালটো পাৰ কৰিছিল ৷ বিশ্ৰাম দিনৰ দিনা, তেওঁ উপাসনা কৰা স্থানলৈ গল ৷ তাত থকা পৰিচালক সকলে তেওঁক যিচয়া পুস্তকৰ এটি নুৰা পঢিবৰ বাবে আগবঢাই দিলে ৷ যীচুৱে সেই নুৰা মেলি তাৰ পৰা এটা অংশ লোক সকলৰ উদ্দেশ্যে পাঠ কৰিলে ৷

যীচুৱে পঢিলে, “প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে, বন্দীয়াৰৰ আগত মুক্তিৰ, আৰু অন্ধবিলাকৰ আগত পুনৰায় চকু পোৱাৰ কথা ঘোষণা কৰিবলৈ, চেপা-খোৱাবিলাকক মুকলি কৰিবলৈ আৰু প্ৰভুৰ গ্ৰহ্য বছৰ ঘোষণা কৰিবলৈ মোক পঠালে ৷”

ইয়াৰ পিছত যীচু বহিল ৷ সকলোৱে তেওঁলৈ চাই আছিল ৷ সকলোৱে জানিছিল যে তেওঁ শাস্ত্ৰৰ যি অংশটো পঢিলে তাত খ্ৰীষ্টৰ বিষয়ে কোৱা হৈছে ৷ যীচুৱে কলে, “মই যি অংশ তোমালোকৰ আগত পাঠ কৰিলো সেয়া এতিয়া সিদ্ধ হবলৈ ধৰিছে ৷” তাত থকা সকলোৱে বিস্ময় মানিলে ৷ তেওঁবিলাকে কলে, “এওঁ যোচেফৰ পুতেক নহয় নে ?”

ইয়াৰ পিছত যীচুৱে কলে, “এইটো সত্য যে নিজ নগৰৰ লোকে সেই ঠাইৰ লোক এজনক কেতিয়াও ভাৱবাদী বুলি গ্ৰহণ নকৰে ৷ এলিয়া সময়তো, ইস্ৰায়লত বহুতো বিধবা আছিল ৷ কিন্তু যেতিয়া তিনি বছৰ ছয় মাহ বৰষুন হোৱা নাছিল, তেতিয়াই ইস্ৰায়লৰ সেই বিধবা তিৰোতা সকলক সহায় কৰিবৰ বাবে ঈশ্বৰে এলিয়াক পঠোৱা নাছিল ৷ কিন্তু ইয়াৰ সলনি তেওঁ এখন বেলেগ দেশৰ বিধবা মহিলাক সহায় কৰিবৰ বাবেহে এলিয়াক পঠিয়াইছিল ৷ ”

যীচুৱে আৰু কলে, “ইলীচা ভাৱবাদীৰ সময়ত, ইস্ৰায়লৰ বহু লোকৰ ছালৰ ৰোগ হৈছিল ৷ কিন্তু ইলীচাই কাকো সুস্থ কৰা নাছিল ৷ তেওঁ ইস্ৰায়লৰ শত্ৰু দেশৰ নামান নামৰ এজন সৈন্য বিষয়াৰ ৰোগ সুস্থ কৰিছিল ৷ ” কিন্তু সেই সময়ত যীচুৰ কথা শুনি থকা লোক সকল ইহূদী আছিল ৷ সেয়েহে তেওঁবিলাক তেওঁৰ কথাত অতিশয় অসন্তুষ্ট হৈছিল ৷

নাচৰতৰ লোক সকলে যীচুক ধৰি উপাসনা ঠাইৰ পৰা বাহিৰ কৰি দিলে ৷ তেওঁবিলাকে তেওঁক নগৰৰ বাহিৰৰ যি পৰ্ব্বত তাৰ ওপৰৰ পৰা তলত পেলাই মাৰিবলৈ মনস্হ কৰিলে ৷ কিন্তু তেওঁ লোকবিলাকৰ মাজেদি গৈ নাচৰত নগৰৰ বাহিৰলৈ ওলাই গল ৷

তাৰ পিছত তেওঁ গালীৰ প্ৰদেশৰ মাজেদি গল আৰু এক বৃহৎ লোক তেওঁৰ কাষলৈ আহে ৷ তেওঁলোকে নিজৰ লগত অনেক ৰোগী আনিছিল ৷ তাৰে মাজৰ চকুৰে নেদেখা, খোজ কাঢিব নোৱাৰা, কাণেৰে শুনি নোপোৱা বা বোবা আদি লোক সকল আছিল আৰু যীচুৱে সেই সকলোকে সুস্থতা প্ৰদান কৰিলে ৷

ইয়াৰ ওপৰিও অশুচি আত্মাই পোৱা অনেক লোককো তেওঁবিলাকে যীচুৰ ওচৰলৈ আনিছিল ৷ যীচুৱে সেই অশুচি আত্মা সমূহক বাহিৰ হবৰ বাবে নিৰ্দেশ দিছিল আৰু সিবিলাক বাহিৰ হৈছিল ৷ সেই অশুচি আত্মা বিলাকে প্ৰায়ে চিঞৰী কৈছিল, “আপুনি ঈশ্বৰৰ পুত্ৰ হয়!” ইয়াৰ সাক্ষ্য পোৱা লোকবিলাক আচৰিত হৈছিল আৰু তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিছিল ৷

ইয়াৰ পিছত যীচুৱে বাৰজন লোকক মনোনীত কৰে যাক তেওঁ পাঁচনি বুলি অভিহিত কৰিছিল ৷ সেই পাঁচনি সকলে যীচুৰ লগত আছিল আৰু তেওঁৰ পৰা শিক্ষা লাভ কৰিছিল ৷