unfoldingWord 35 - এজন মৰমীয়াল পিতৃৰ কাহিনী
![unfoldingWord 35 - এজন মৰমীয়াল পিতৃৰ কাহিনী](https://static.globalrecordings.net/300x200/z42_Lk_15_06.jpg)
Преглед: Luke 15
Број на скрипта: 1235
Јазик: Assamese
Публиката: General
Жанр: Bible Stories & Teac
Цел: Evangelism; Teaching
Библиски цитат: Paraphrase
Статус: Approved
Скриптите се основни упатства за превод и снимање на други јазици. Тие треба да се приспособат по потреба за да бидат разбирливи и релевантни за секоја различна култура и јазик. На некои употребени термини и концепти може да им треба повеќе објаснување или дури да бидат заменети или целосно испуштени.
Текст на скрипта
![](https://static.globalrecordings.net/300x200/z42_Lk_18_06.jpg)
এদিন, যীচুৰ শিক্ষা শুনিবৰ বাবে বহু লোক গোট খাইছিল ৷ এই সকলৰ মাজত কৰতোলা আৰু লগতে মোচিৰ বিধান নমনা লোকো আছিল ৷
![](https://static.globalrecordings.net/300x200/z42_Lk_15_01.jpg)
কিছুমান ধৰ্ম্মীয় লোকে যীচুক এই সকলৰ লগত বন্ধুৰ দৰে কথা পাতি থকা দেখিবলৈ পালে ৷ তাকে দেখি তেওঁবিলাকে ইজনে সিজনক কবলৈ ধৰিলে যে তেওঁ ভুল কৰিছে ৷তাকে শুনি যীচুৱে তেওঁলোকক এই কাহিনীটো কলে।
![](https://static.globalrecordings.net/300x200/z42_Lk_15_02.jpg)
“এজন মানুহৰ দুজন পুতেক আছিল ৷ সৰু লৰাটোৱে বাপেকক কলে, ‘দেউতা, মোৰ ভাগৰ সম্পতিৰ যি ভাগ এতিয়াই মোক দিয়ক ! তাতে বাপেকে দুই পুতেকৰ মাজত সম্পতি ভগাই দিলে ৷’”
![](https://static.globalrecordings.net/300x200/z42_Lk_15_03.jpg)
“তাতে সেই সৰু লৰাই তাৰ গোটেই সম্পতিৰ ভাগ লৈ দূৰ দেশলৈ গুচি গল আৰু অপকৰ্মৰ দ্বাৰা নিজৰ ধন অপব্যয় কৰিলে৷”
![](https://static.globalrecordings.net/300x200/z42_Lk_15_04.jpg)
“ইয়াৰ পিছত, সেই সৰু লৰাজন থকা ঠাইত বৰ আকালে দেখা দিলে, আৰু আহাৰ কিনিবলৈ তাৰ হাতত ধন নোহোৱা হল ৷ তাতে সেই সময়ত গাহৰি দানা দিয়াৰ বাদে কোনো কাম বিচাৰি নাপাই তাকে কৰিবলৈ বাধ্য হয় ৷ তাতে তাৰ অৱস্থা ইমানেই বেয়া হল যে সি গাহৰিয়ে খোৱা দানা খাবৰ পৰিস্থিতিত পৰিল ৷”
![](https://static.globalrecordings.net/300x200/z42_Lk_15_05.jpg)
“অৱশেষত, সেই সৰু পুতেকে নিজকে কলে, ‘এইয়া মই কি কৰি আছো ? মোৰ পিতৃৰ সকলো চাকৰে খাবলৈ যথেষ্ট আহাৰ আছে, আৰু মই ইয়াত ভোকতে মৰিছো ৷ মই মোৰ পিতৃৰ ঘৰলৈ উলটি যাওঁ আৰু মোকো তেওঁৰ এজন চাকৰৰ দৰে ৰাখিবৰ বাবে ক’ম ৷’”
![](https://static.globalrecordings.net/300x200/z42_Lk_15_06.jpg)
“তাতে সেই সৰু পুতেকে নিজৰ পিতৃৰ ঘৰলৈ বুলি উলটি গল ৷ কিন্তু সি দূৰৈত থাকোঁতেই, তাৰ বাপেকে তাক দেখিলে আৰু তাৰ প্ৰতি মৰম জন্মিলে ৷ তেওঁ লৰি গ’ল আৰু নিজৰ পুতেকক সাৱটি ধৰিলে আৰু চুমা খালে ৷”
![](https://static.globalrecordings.net/300x200/z42_Lk_15_07.jpg)
“পুতেকে কলে, ‘দেউতা, মই ঈশ্বৰৰ আৰু আপোনাৰ অহিতে পাপ কৰিলো ৷ মই আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ ৷’”
![](https://static.globalrecordings.net/300x200/z42_Lk_15_08.jpg)
“পাছে তাৰ দেউতাকে এজন চাকৰক মাতি কলে, ‘সোনকালে যোৱা আৰু আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি মোৰ লৰাক পিন্ধোৱা ! ইয়াৰ হাতত আঙঠি আৰু ভৰিত জোতা পিন্ধোৱা ৷ আৰু ইায়াৰ পিছত পোহতোলা দামুৰিটো আনি মাৰা আৰু আমি ভোজন কৰি, ৰং কৰোঁহঁক, কিয়নো সি মৰিছিল, এতিয়া জী উঠিল! সি হেৰাইছিল, কিন্তু আমি তাক বিচাৰি পালো !’”
![](https://static.globalrecordings.net/300x200/z42_Lk_15_09.jpg)
“তাতে তেওঁলোকে আনন্দ কৰিব ধৰিলে ৷ পাছে অলপ সময়ৰ পাছত সেই ডাঙৰ পুতেক পথাৰৰ পৰা আহি ঘৰৰ কাষ পালে ৷ সি ঘৰৰ ওচৰ পাই বাজনা আৰু নচাৰ শব্দ শুনি কি হৈছে বুলি ভাবিব ধৰিলে ৷”
![](https://static.globalrecordings.net/300x200/z42_Lk_15_10.jpg)
“পাছে যেতিয়া ডাঙৰ পুতেকে জানিব পাৰিলে যে তাৰ ভায়েক ঘৰলৈ উলটি আহিছে আৰু সেয়েহে এনে দৰে আনন্দ উল্লাস কৰা হৈছে, তেতিয়া তাৰ অতিশয় খং উঠে আৰু ঘৰৰ ভিতৰলৈ নগল ৷ তেওঁৰ বাপেকে ওলাই আহি তাক বিনয় কৰি ভিতৰলৈ যাবৰ বাবে বুজালে, কিন্তু সি মান্তি নহল ৷”
![](https://static.globalrecordings.net/300x200/z42_Lk_15_11.jpg)
“ডাঙৰ পুতেকে বাপেকক কলে, ‘মই ইমান বছৰ আপোনাৰ সেৱা কৰিলো ! মই কেতিয়াও আপোনাৰ অবাধ্য হোৱা নাই, কিন্তু তথাপিও আপুনি মোক মোৰ বন্ধু বিলাকৰ লগত ৰং কৰিবলৈ এটা সৰু ছাগলীও মাৰি খাবৰ বাবে নিদিলে ৷ কিন্তু আপোনাৰ এই সন্তানে আপোনাৰ সম্পতিৰ ভাগ অপকৰ্ম্মৰে অপচয় কৰিলে ৷ আৰু সি যেতিয়া উলটি আহিলে, তাৰ কাৰণে আপুনি উত্তম দামুৰীটো উললস কৰিবৰ অৰ্থে মৰিলে !’”
![](https://static.globalrecordings.net/300x200/z42_Lk_15_12.jpg)
“বাপেকে উত্তৰ দি কলে, ‘মোৰ বোপাই, তুমি সদায়ে মোৰ লগত আছা, আৰু মোৰ যি সেই সকলো বিলাক তোমাৰেই ৷ কিন্তু আমি আনন্দ কৰা উচিত, কিয়নো তোমাৰ যি ভায়েৰা মৰিছিল, সি এতিয়া জীৱিত ৷ সি হেৰাইছিল, কিন্তু এতিয়া আমি তাক বিচাৰি পালো !’”