unfoldingWord 06 - ঈশ্বৰে ইচাহাকৰ বাবে যোগান ধৰে
Kontūras: Genesis 24:1-25:26
Scenarijaus numeris: 1206
Kalba: Assamese
Publika: General
Tikslas: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Būsena: Approved
Scenarijai yra pagrindinės vertimo ir įrašymo į kitas kalbas gairės. Prireikus jie turėtų būti pritaikyti, kad būtų suprantami ir tinkami kiekvienai kultūrai ir kalbai. Kai kuriuos vartojamus terminus ir sąvokas gali prireikti daugiau paaiškinti arba jie gali būti pakeisti arba visiškai praleisti.
Scenarijaus tekstas
আব্ৰাহামে যেতিয়া বৃদ্ধ অৱস্থা পালে, তেতিয়া তেওঁৰ পুত্ৰ ইচাহাকে ডেকা হ’ল। তাতে আব্ৰাহামে তেওঁৰ দাস এজনক ইচাহাকৰ নিমিত্তে বিয়াৰ বাবে পাত্ৰী বিচাৰী তেওঁৰ পৰিয়ালসকল থকা ঠাইলৈ পিঠয়ালে।
বহু দুৰ যাত্ৰা কৰাৰ অন্তত যি ঠাইত আব্ৰাহামৰ পৰিয়ালসকল বাস কৰিছিল, ঈশ্বৰে আব্ৰাহামৰ দাসক ৰিবেকাৰ ওচৰলৈ পিঠয়ালে। তাই আব্ৰাহামৰ ককায়েকৰ নাতি আছিল।
ৰিবেকাই তেওঁৰ পৰিয়াল আৰু নিজৰ ঠাই এৰি ইচাহাকৰ ঘৰলৈ যাবলৈ মান্তি হ’ল। তাই ইচাহাকৰ ঘৰ আহি পোৱাৰ লগে লগেই ইচাহাকে তাইৰ সৈতে বিবাহ পাশত আৱদ্ধা হ’ল।
বহু সময়ৰ পাছত,আব্ৰাহামৰ মৃত্যু হ’ল। তাতে ঈশ্বৰে আব্ৰাহামৰ সন্তান ইচাহাকক আশীৰ্ব্বাদ কৰিলে। কিয়নো ঈশ্বৰে আব্ৰাহামৰ সৈতে এক নিয়ম স্থাপন কৰিছিল। সেই নিয়মত ঈশ্বৰে এইদৰে প্ৰতিজ্ঞা কৰিছিল আব্ৰাহমৰ অগনন বংশ হব৷ কিন্তু ইচাহাকৰ পত্নী ৰেবেকাই সন্তান হোৱা নাছিল৷
ইচাহাকে ৰিবেকাৰ বাবে প্ৰাৰ্থনা কৰিছিল, আৰু ঈশ্বৰে তাইৰ গৰ্ভত যঁজা সন্তানৰে আশীৰ্ব্বাদ কৰিলে। দুয়ো সন্তান যেতিয়া ৰিবেকাৰ গৰ্ভত আছিল সেই সময়ত তেওঁলোকে ইজনে সিজনক ঠেলা ঠেলি কৰিছিল, সেইহে ৰিবাকাই তেওঁৰ দৰাচলতে কি হৈছিল সেই কথা ঈশ্বৰক শুধিছিল।
ঈশ্বৰে ৰিবকাক ক’লে, “ তুমি দুজন সন্তান প্ৰশৱ কৰিবা। তেওঁৰ লোকৰ বংশ দুই ধৰণৰ জাতি হ’ব। কিন্তু তোমাৰ ডাঙৰ সন্তানৰ জাতিতোৱে সৰু সন্তানতোৰ জাতিতোৰ বাধ্য হ’ব।
যেতিয়া ৰিবেকাৰ সন্তান কেইটিৰ জন্ম হ’ল, ডাঙৰ সন্তানতো ৰঙা নোমাল হ’ল, আৰু তেওঁলোকে তেওঁৰ নাম এচৌ থলে। আৰু সৰু সন্তানতো এচৌৰ গোৰোহাত ধৰি ওলাল, আৰু তেওঁলোকে তেওঁৰ নাম যাকোব ৰাখিলে।