Тилди тандаңыз

mic

Бөлүшүү

Шилтемени бөлүшүү

QR code for https://globalrecordings.net/script/7957

unfoldingWord 10 - দহটা উৎপাত

unfoldingWord 10 - দহটা উৎপাত

Контур: Exodus 5-10

Скрипт номери: 1210

Тил: Assamese

Аудитория: General

Максат: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Статус: Approved

Скрипттер башка тилдерге которуу жана жазуу үчүн негизги көрсөтмөлөр болуп саналат. Ар бир маданият жана тил үчүн түшүнүктүү жана актуалдуу болушу үчүн алар зарыл болгон ылайыкташтырылышы керек. Колдонулган кээ бир терминдер жана түшүнүктөр көбүрөөк түшүндүрмөлөрдү талап кылышы мүмкүн, ал тургай алмаштырылышы же толук алынып салынышы мүмкүн.

Скрипт Текст

ঈশ্বৰে মোচি আৰু হাৰোনক ফৌৰণ যে আঁকোৰগোজ প্ৰবৃত্তিৰ লোক সেই বিষয়ে সাৱধান কৰিছিল। যেতিয়া তেওঁলোকে ফৌৰণৰ ওচৰলৈ গৈছিল, তেতিয়া তেওঁলোকে কলে, ‘‘ ইস্ৰায়েলৰ ঈশ্বৰে ইয়াকে কৈছে, ‘‘ মোৰ সমূহক ইয়াৰ পৰা যাবলৈ দিয়া।’’ কিন্তু ফৌৰণে তেওঁলোকৰ কথাত মান্তি নহ’ল। তাকে শুনি ফৌৰণে ইস্ৰায়েল লোক বিলাকক মুকিল কৰাৰ সলনি তেওঁলোকক বলপূৰ্ব্বক অধিক টান কামত খতোৱালে।

ফৌৰণে কিন্ত সেইদেৰ লোক সকলক মুকলি কৰাৰ কথাত অমান্তি হয়েই থাকিল, সেয়েহে, ঈশ্বৰে ইজিপ্তলৈ দশটা ভয়ানক মহামাৰী পিঠয়ালে। সেই মহামাৰীৰ যোগে ফৌৰণক দেখোৱালে যে ঈশ্বৰ ফৌৰনতকৈ আৰু ইজিপ্তৰ সকলো দেৱতাত কৈ অধিক শক্তিশালী৷

ঈশ্বৰে নীল নদীখনৰ পানী তেজলৈ ৰূপান্তৰিত কৰিল, এনে কৰা পিছতো ফৌৰণে ঈশ্বৰৰ লোক সকলক মুকিল নকৰিলে।

সেয়েহে ঈশ্বৰে গোটেই ইজিপ্তলৈ বেং পঠিয়ালে। ফৌৰণে সেই বেংবোৰ আতাৰাই পিঠায়াবলৈ মোচিক কাতৰোক্তি কৰিলে। তাতে সকলো বেং মৰি নাইকিয়া হ’ল, কিন্তু ফৌৰণে তেওঁৰ মন অধিক কঠিন কৰিলে আৰু ইস্ৰায়েল লোক সকলক যাবলৈ নিদিলে।

সেয়েহে ঈশ্বৰে ধুলি উকনি পঠিয়ালে। তাৰ পিঠত তেওঁ ডাঁহ মাখি পঠিয়ালে। তাতে ফৌৰণে মোচি আৰু হাৰোণক মাতি তেওঁলোকক সেই উৎপাত সমূহ আতৰাবলৈ কাকোতি কৰিলে, এইবাৰ এনে লাগিল ফৌৰণে লোক সকলক ইজিপ্তৰ পৰা যাবলৈ দিব। কিন্তু ফৌৰণে পুণৰ তেওঁৰ মন কঠিন কৰিলে আৰু লোক সকলক যাবলৈ দিবৰ বাবে অমান্তি হ’ল।

তাৰ পিছত, ঈশ্বৰে ইজিপ্তৰ লোক সকলৰ সকলো ঘৰচীয়া পশু বিলাকক মাহামাৰীত মাৰিলে। তেনে অৱস্থাতো ফৌৰণে নিজৰ মন কঠিন কিৰ ৰাখিল আৰু লোক সকলক যাবলৈ নিদিলে।

তাতে ঈশ্বৰে মোচিক ক’লে, ফৌৰণৰ সন্মোখতে আকাশলৈ চাই উৰোৱা। যেতিয়া তেওঁ সেই কাৰ্য কৰিলে, সেই সময়ৰ পৰাই ইজিপ্তৰ লোক সকলৰ গাত বিষাক্ত ফোৰা উলাল, কিন্তু সেই ফোৰা ইস্ৰায়েল লোক সকলৰ গাত নাছিল। ঈশ্বৰে ফৌৰণৰ মন কঠিন কৰালে আৰু ফৌৰণে পুণৰ লোক সকলক ইজিপ্তৰ পৰা উলাই যাবলৈ নিদিলে।

তাৰ পিছত, ঈশ্বৰে সকলো শষ্য আৰু ঘৰৰ বাহিৰত থকা লোক সকলক মাৰিবলৈ শিলাবৃষ্টি আনিলে। তাতে ফৌৰণে মোচি আৰু হাৰোনক মাতি তেওঁলোকক ক’লে, ‘‘ মই পাপ কৰিলো। তোমালোক এতিয়া ইজিপ্ত এৰি যাব পাৰা।’’ সেই কথা শুনি মোচিয়ে প্ৰাৰ্থনা কৰিলে আৰু আকাশৰ পৰা সেই শিলাবৃষ্টি নাহোৱা হ’ল।

কিন্তু ফৌৰণে পুণৰ পাপত পিতত হ’ল আৰু মন কঠিন কৰিলে। তেওঁ লোক সকলক যাবলৈ নিদিলে।

সেইবাবে এইবাৰ ঈশ্বৰে ইজিপ্তলৈ কাকতী ফৰিংবোৰ পিঠয়ালে। সেই ফৰিংবোৰে ইজিপ্তৰ সকলো শষ্যবোৰ খাই নি:শেষ কৰিলে যিবোৰ শিলাবৃষ্টিৰ মাৰিব পৰা নাছিল।

তাতে ঈশ্বৰে মিচৰলৈ তিনিদিনৰ বাবে ঘোৰ অন্ধাকাৰ পঠিয়ালে। এই অন্ধকাৰ ইমানেই গিভৰ আছিল যে, লোক সমূহে নিজৰ ঘৰৰ পৰা বাহিৰ ওলাবলৈ নোৱাৰিলে। কিন্ত যি ঠাইত ইস্ৰায়েল জাতি বাস কিৰছিল সেই ঠাইত পোহৰ আছিল।

এই ন টা উৎপাতৰ পিছতো, ফৌৰণে ইস্ৰায়েলৰ লোক সকলক মিচৰৰ পৰা ওলাই আহিবলৈ নিদিলে। যিহেতু ফৌৰণে কোনো কাৰণতে লোক সকলক মিচৰৰ পৰা পঠওৱাত মান্তি নহ’ল, তেনেত ঈশ্বৰ এটা শেষ মহামাৰী তেওঁলোকলৈ পঠিয়াবলৈ মনস্ত কৰিলে। এই উৎপাতোৱে হয়তো ফৌৰণৰ মন সলনী কৰিব।

Байланыштуу маалымат

Life Words - Куткарылуу жана Ыйсанын жолдоочуларынын жашоосу жөнүндө Ыйык Китепке негизделген кабарларды камтыган миңдеген тилдердеги аудио жакшы кабарлар.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons