unfoldingWord 24 - যোহনে যীচুক বাপ্তিস্ম দিয়া
ರೂಪರೇಖೆಯನ್ನು: Matthew 3; Mark 1; Luke 3; John 1:15-37
ಸ್ಕ್ರಿಪ್ಟ್ ಸಂಖ್ಯೆ: 1224
ಭಾಷೆ: Assamese
ಪ್ರೇಕ್ಷಕರು: General
ಪ್ರಕಾರ: Bible Stories & Teac
ಉದ್ದೇಶ: Evangelism; Teaching
ಬೈಬಲ್ ಉಲ್ಲೇಖ: Paraphrase
ಸ್ಥಿತಿ: Approved
ಸ್ಕ್ರಿಪ್ಟ್ಗಳು ಇತರ ಭಾಷೆಗಳಿಗೆ ಅನುವಾದ ಮತ್ತು ರೆಕಾರ್ಡಿಂಗ್ಗೆ ಮೂಲ ಮಾರ್ಗಸೂಚಿಗಳಾಗಿವೆ. ಪ್ರತಿಯೊಂದು ವಿಭಿನ್ನ ಸಂಸ್ಕೃತಿ ಮತ್ತು ಭಾಷೆಗೆ ಅರ್ಥವಾಗುವಂತೆ ಮತ್ತು ಪ್ರಸ್ತುತವಾಗುವಂತೆ ಅವುಗಳನ್ನು ಅಗತ್ಯವಿರುವಂತೆ ಅಳವಡಿಸಿಕೊಳ್ಳಬೇಕು. ಬಳಸಿದ ಕೆಲವು ನಿಯಮಗಳು ಮತ್ತು ಪರಿಕಲ್ಪನೆಗಳಿಗೆ ಹೆಚ್ಚಿನ ವಿವರಣೆ ಬೇಕಾಗಬಹುದು ಅಥವಾ ಬದಲಾಯಿಸಬಹುದು ಅಥವಾ ಸಂಪೂರ್ಣವಾಗಿ ಬಿಟ್ಟುಬಿಡಬಹುದು.
ಸ್ಕ್ರಿಪ್ಟ್ ಪಠ್ಯ
যোহন, অথাৎ জখৰীয়া আৰু এলিজাবেথৰ পুত্ৰ, ক্ৰমাত ডাঙৰ হ’ল আৰু এজন ভাৱবাদী হ’ল। তেওঁ মৰুপ্ৰান্ত থাকিবলৈ ললে আৰু বনৰীয়া মৌ আৰু কছোৱা ফৰিং খাই জীয়াই থাকিল আৰু ঊটৰ চালৰ বস্ত্ৰ পৰিধান কৰিলে।
বহু লোকে মৰুপ্ৰান্তলৈ আহি যোহনৰ ঘোষনা বোৰ শুনিলে। তেওঁ তেওঁলোকক ঈশ্বৰৰ বাক্যবোৰ ক’লে, মন পালটোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”
লোক সকলে যেতিয়া যোহনৰ কথাবোৰ শুনিলে, বহু লোকে তেওঁলোকৰ পাপৰ পৰা মন পালটালে, বহু ধম্মীয় নেতা সকলেও যোহনক চাবলৈ আহিল, কিন্তু তেওঁলোকে অনুতাপ নকিৰলে আৰু পাপ স্বীকাৰ নকিৰলে।
যোহনে ধম্মীয় নেতা সকলক এনেদেৰে কৈছিল, ‘‘ হে সৰ্পৰ বংশধৰ সকল মন পালটন কৰাৰ দ্বাৰাই নিজৰ নিজৰ স্বভাৱ সলনি কৰা। কিয়নো ঈশ্বৰে যি গছৰ ফল নধৰে থাক কাটি পোলাব , আৰু সেইবোৰক জুইত পেলাব।” যোহনে ভাৱবাদী সকলৰ বাক্যক সিদ্ধ কৰিলে। , মই অতি সোনাকলে মোৰ বাৰ্ত্তাবাহক জনক তোমাৰ আগে আগে পঠাম, যি জনে তোমালোকৰ নিমিত্তে পথ যুগুট কৰিব।”
কিছুমান ধম্মীয় নেতাই যোহনক প্ৰশ্ন কৰিছিল যে তেৱেই সেই আহিব লগীয়া মচিহ নে? তেতিয়া যোহনে ক’লে, “ মই মচিহ নহয়, কিন্তু তেওঁ মোৰ পাছত আহি আছে মই তেওঁৰ পাদুকা ববলৈও যোগ্য নহও।”
তাৰ পিছ দিনা, যীচুৱে যোহনৰ ওচৰলৈ আহি বাপ্তিস্ম গ্ৰহণ কৰিলে। যোহনে যেতিয়া তেওঁক দেখা পালে, তেওঁ ক’লে, “ চোৱা! এই জনেই ঈশ্বৰৰ মেৰ যি এই জগতৰ পাপাবোৰক আতৰাব ।’’
যোহনে যীতুক ক’লে, ‘‘ মইহে আপোনাৰ দ্বাৰা বাপ্তিস্ম লোৱা উচিত।” কিন্তু যীচুৱে ক’লে, “ এতিয়া এনেকৈয়ে হ’বলৈ দিয়া, কিয়নো সকলো ধাম্মিকতা আমি এইদৰে পূৰ্ণ কৰা উচিত।” তেতিয়া যোহনে যীচুক বাপ্তাইজিত কৰিলে।
যীচুৱে বাপ্তিস্ম গ্ৰহণ কৰি অহাৰ পিছত, ঈশ্বৰৰ আত্মাই কপৌ দৰে নামি আহি তেওঁৰ ওপৰত পৰিল । সেই সময়তে ঈশ্বৰে স্বৰ্গৰ পৰা এটা শব্দৰে এই কথা ক’লে, “ চোৱা, এও মোৰ প্ৰিয় পুত্ৰ এওঁত মই পৰম সন্তুষ্ট ।”
ঈশ্বৰে যোহনক ক’লে, “ পবিত্ৰ আত্মাই নামি আহি তুমি বাপ্তিস্ম দিয়া এজনৰ ওপৰত থাকিব। সেই জনেই ঈশ্বৰৰ পুত্ৰ।” কেৱল এজনেই ঈশ্বৰ আছে । যেতিয়া যোহনে যীচুক বাপ্তিস্ম দিছিল , তেওঁ পিতৃ ঈশ্বৰৰ মাত শুনিবলৈ পাইছিল, ঈশ্বৰৰ পুত্ৰক দেখিবলৈ পাইছিল, যি জন আছিল যীচু খ্ৰীষ্ট আৰু তেওঁ পবিত্ৰ আত্মাকো দেখিবলৈ পালে ।