unfoldingWord 25 - চয়তানে যীচুক পৰীক্ষা কৰা

គ្រោង: Matthew 4:1-11; Mark 1:12-13; Luke 4:1-13
លេខស្គ្រីប: 1225
ភាសា: Assamese
ទស្សនិកជន: General
គោលបំណង: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
ស្ថានភាព: Approved
ស្គ្រីបគឺជាគោលការណ៍ណែនាំជាមូលដ្ឋានសម្រាប់ការបកប្រែ និងការកត់ត្រាជាភាសាផ្សេង។ ពួកគេគួរតែត្រូវបានកែសម្រួលតាមការចាំបាច់ដើម្បីធ្វើឱ្យពួកគេអាចយល់បាន និងពាក់ព័ន្ធសម្រាប់វប្បធម៌ និងភាសាផ្សេងៗគ្នា។ ពាក្យ និងគោលគំនិតមួយចំនួនដែលប្រើអាចត្រូវការការពន្យល់បន្ថែម ឬសូម្បីតែត្រូវបានជំនួស ឬលុបចោលទាំងស្រុង។
អត្ថបទស្គ្រីប

যীচুৱে বাপ্তিস্ম পোৱাৰ পিছতেই, পবিত্ৰ আত্মাই তেওঁক মৰুপ্ৰান্তলৈ পৰিচালনা কৰি নিলে। যীচুৱে তাতে চল্লিশ দিন চল্লিশ ৰাতি কটালে। সেই সময়ত তেওঁ লঘোণ দি আছিল, সেই সময়তে চয়তানে তেওঁক পৰীক্ষা কৰিছিল।

প্ৰথমে চয়তানে যীচুক ক’লে, “ যদি তুমি প্ৰকৃততে ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহলে এই শিলবোৰক পিঠা হ’বলৈ আজ্ঞা দিয়া যাতে তুমি তাক খাব পাৰা।”

কিন্তু যীচুৱে চয়তানক ক’লে, ‘‘ শাস্ত্ৰত এইদৰে লিখা আছে মানুহ কেৱল পিঠাৰে নিজিয়ে কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্যৰেহে জীব।”

তেতিয়া চয়তানে যীচুক যিৰূচালেম মন্দিৰৰ কলচিৰ ওপৰলৈ লৈ গ’ল আৰু যীচুক ক’লে, “ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেনেহলে নিজকে তললৈ পেলাই দিয়া, কিয়নো শাস্ত্ৰত এইদৰে লিখা আছে, তেওঁ নিজৰ দুতবোৰক তোমাৰ অৰ্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে ডাঙি ধৰিব।

কিন্তু যীচুৱে তেওঁক উত্তৰ দি ক’লে, তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও লিখা আছে।’’

তাৰ পিছত চয়তানে যীচুক জগতৰ সকলো ৰাজ্যক দেখুৱালে । আৰু সেইবোৰ কিমান শক্তিশালী আৰু ঐশ্বৰ্য্যশালী তাকো দেখুৱালে, আৰু যীচুক ক’লে তুমি যদি মূৰ দুৱাঁই মোৰ উপাসনা কৰা, মই তোমাক এই সকলো দিম।

যীচুৱে তেওঁক উত্তৰ দি ক’লে, গুচি যা চয়তান! কিয়নো শাস্ত্ৰত এই বুলিও লিখা আছে, “ তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু তেওঁৰেই আৰাধানা কৰা।”

যীচুৱে চয়তানৰ ফান্দত নপৰিল, সেয়েহে চয়তান তাৰ পৰা গুচি গ’ল। তাতে স্বৰ্গৰ দূত বোৰে আহি তেওঁক শুশ্ৰূষা কৰিলে।