unfoldingWord 34 - যীচুৱে আন আন কাহিনী সমূহ শিকোৱা
მონახაზი: Matthew 13:31-46; Mark 4:26-34; Luke 13:18-21;18:9-14
სკრიპტის ნომერი: 1234
Ენა: Assamese
აუდიტორია: General
მიზანი: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
სტატუსი: Approved
სკრიპტები არის ძირითადი სახელმძღვანელო სხვა ენებზე თარგმნისა და ჩაწერისთვის. ისინი საჭიროებისამებრ უნდა იყოს ადაპტირებული, რათა გასაგები და შესაბამისი იყოს თითოეული განსხვავებული კულტურისა და ენისთვის. ზოგიერთ ტერმინს და ცნებას შეიძლება დასჭირდეს მეტი ახსნა ან ჩანაცვლება ან მთლიანად გამოტოვება.
სკრიპტის ტექსტი
স্বৰ্গৰাজ্যৰ সম্বন্ধে যীচুৱে আন বহুতো কাহিনী কলে ৷ উদাহৰণ স্বৰূপে, তেওঁ কৈছিল, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা, যাক কোনো এজন মানুহে নিজৰ পথাৰত সিঁচিলে ৷ তোমালোকে জানা যে সৰিয়হ গুটি আটাই গুটিতকৈ সৰু ৷”
“কিন্তু যেতিয়া সি গজি বাঢে, ই বাগিচাৰ আটাই গছতকৈ ডাঙৰ হয়, য’ত চৰায়ে আহি তাৰ ডালত বাসকৰে ৷”
যীচুৱে আন এটা কাহিনী কলে, “যি খমিৰ এজনী তিৰোতাই লৈ, তিনি দোণ পিঠাগুড়িৰ মাজত আটাইখিনি নুফুলালৈকে ঢাকি থলে, তাৰ নিচিনা স্বৰ্গৰাজ্য ৷”
“স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা, তাক কোনো মানুহে দেখা পাই লুকুৱাই থয়৷ তাক অন্য কোনো মানুহে দেখা পাই পুনৰ মাটিত লুকুৱাই থয়, পাছে আনন্দেৰে গৈ, তেওঁৰ সৰ্ব্বস্ব বেচি, সেই পথাৰৰ কিনে ৷ ৷ ”
“স্বৰ্গৰাজ্য উত্তম মূল্যৰ মুকুতা দৰে ৷ যেতিয়া এজন মুকুতা বিচৰা সদাগৰে তাক পায়, তেতিয়াই তেওঁৰ সৰ্ব্বস্ব বেচি, তাক কিনে ৷”
এনে বহু লোক আছে যি সকলে ভাৱে যে তেওঁবিলাকে কৰা ভাল কৰ্ম্মৰ বাবে ঈশ্বৰে তেওঁবিলাকক গ্ৰহণ কৰিব ৷ এই লোক সকলে ভাল কাৰ্য্য নকৰা আন লোক সকলক হীন চকুৰে চায় ৷ সেয়েহে যীচুৱে তেওঁলোকৰ উদ্দেশ্যে এটি কাহিনী কলে, “দুজন মানুহ মন্দিৰলৈ প্ৰাৰ্থনা কৰিবৰ বাবে গল ৷ তাৰে মাজৰ এজন কৰতোলা, আৰু আন জন এজন ধৰ্ম্মীয় নেতা আছিল ৷”
“ধৰ্ম্মীয় নেতা জনে এই দৰে প্ৰাৰ্থনা কৰিলে, “হে ঈশ্বৰৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী নাইবা এই কৰতোলাৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ ৷”
“উদাহৰণ স্বৰূপে, মই সপ্তাহত দুবাৰকৈ লঘোণ দিও আৰু মোৰ আয়ৰ আৰু পোৱা বস্তৰ দশ ভাগৰ এভাগ দান কৰোঁ ৷ ”
“পাছে সেই কৰতোলা জন ধৰ্ম্মীয় নেতাজনৰ পৰা বহু আঁতৰত থিয় হৈ আছিল ৷ তেওঁ স্বৰ্গৰ ফালে চকুকে তুলিবলৈ সাহ নাপালে ৷ তাৰ সলনি, তেওঁ হিয়া ভুকুৱাই ভুকুৱাই প্ৰাৰ্থনা কৰি কলে, ‘হে ঈশ্বৰ পাপী যি মই, মোলৈ দয়া কৰা ৷”
তাতে যীচুৱে কলে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰে সেই কৰতোলা জনৰ নিবেদন শুনিলে আৰু তেওঁক ধাৰ্ম্মিক বুলি গণিত কৰিলে ৷ কিন্তু তেওঁ সেই ধাৰ্ম্মীয় নেতা জনৰ প্ৰাৰ্থনা গ্ৰহণ নকৰিলে ৷ নিজকে গৰ্ব কৰা সকলক ঈশ্বৰে সন্মান নজনায়, কিন্তু যি জনে নিজকে নম্ৰ কৰে তেওঁক মান দিয়ে৷”