Pilih Basa

mic

Dibagik ke

Nduduhake link

QR code for https://globalrecordings.net/script/7975

unfoldingWord 28 - এজন ধনী ডেকা শাসনকৰ্ত্তা

unfoldingWord 28 - এজন ধনী ডেকা শাসনকৰ্ত্তা

Njelaske nganggo bentuk garis: Matthew 19:16-30; Mark 10:17-31; Luke 18:18-30

Nomer Catetan: 1228

Basa: Assamese

Pamirsa: General

Tujuane: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Status: Approved

Catetan minangka pedoman dhasar kanggo nerjemahake lan ngrekam menyang basa liya. Iki kudu dicocogake yen perlu supaya bisa dingerteni lan cocog kanggo saben budaya lan basa sing beda. Sawetara istilah lan konsep sing digunakake mbutuhake panjelasan luwih akeh utawa malah diganti utawa diilangi.

Teks catetan

এদিনাখন, ধনী ডেকা শাসনকৰ্ত্তাই যীচুৰ কাষলৈ আহি সুধিলে, “হে সৎগুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম ? তাতে যীচুৱে কলে, মোক সৎ কিয় বুলিছা ? এজনা, অৰ্থাৎ ঈশ্বৰত বাজে, সৎ কোনো নাই ৷ কিন্তু যদি তুমি অনন্ত জীৱনৰ অধিকাৰী হবলৈ ইচ্ছা কৰিছা তেনে ঈশ্বৰৰ আজ্ঞা পালন কৰা ৷”

তেওঁ সুধিলে, “মই কোনটো আজ্ঞা পালন কৰিব লাগিব ? ” যীচুৱে উত্তৰ দি কলে, “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰা, আৰু ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা ৷”

তাতে সেই ডেকা শাসনকৰ্ত্তা জনে কলে, “মই সৰু কালৰে এই সকলো পালন কৰি আহিছো ৷ ইয়াৰ উপৰিও মই আৰু কি কৰিব লাগিব ?” যীচুৱে তেওঁলৈ চালে আৰু মৰম উপজিল ৷

যীচুৱে উত্তৰ দি কলে, “তুমি অনন্ত জীৱনৰ অধিকাৰী হবলৈ যদি ইচ্ছা কৰিছা তেনে হলে যোৱা আৰু তোমাৰ আটাই সম্পত্তি বেচি দৰিদ্ৰলোকক বিলাই দিয়া তেহে স্বৰ্গত তোমাৰ ধন হব ৷ ইয়াৰ পিছত আহা, মোৰ পাছে পাছে চলাহি ৷”

তাতে সেই ডেকা শাসনকৰ্তা জনে যেতিয়া যীচুৱে কোৱা কথা শুনিলে, তেতিয়া তেওঁ দুঃখিত হল, কিয়নো তেওঁ বৰ ধনী আছিল ৷ তাতে তেওঁ যীচুৰ কাষৰ পৰা আঁতৰি গল৷

তাৰ পিছত যীচুৱে তেওঁৰ শিষ্য কেইজনক কলে, “ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোলাতো অতি কঠিন ! হয়, কিয়নো ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজীৰ বিন্ধাইদি ঊট সৰকি যোৱাই উজু ৷”

যীচুৱে কোৱা সেই কথা সমূহ যেতিয়া শিষ্যবিলাকে শুনিলে তেতিয়া তেওঁলোক আচৰতি হল ৷ তেওঁ লোকে সুধিলে,“তেন্তে কোনে পৰিত্ৰাণ পাব পাৰে ?”

যীচুৱে শিষ্য সকললৈ চালে আৰু কলে, “যিবোৰ কথা মানুহৰ অসাধ্য, সেইবোৰ ঈশ্বৰৰ সাধ্য ৷”

পিতৰে যীচুক কলে, “আমি নিজৰ সকলোকে এৰি, আপোনাৰ পাছে পাছে আহিলোঁ ৷ আমি কি পুৰস্কাৰ লাভ কৰিম ?”

যীচুৱে উত্তৰ দি কলে, “ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে যি কোনোৱে ঘৰ, বা তিৰোতা, বা ভায়েকবিলাক বা মাক-বাপেক, বা সন্তানবিলাক এৰে, ইহকালত তাৰ অধিক গুণ, আৰু পৰকালত অনন্ত জীৱন নাপাব, এনে কোনো নাই ৷”

Informasi sing gegandhengan

Tembung Urip - Pesen Injil audio ing ewonan basa ngemot pesen adhedhasar Alkitab babagan kaslametan lan urip Kristen.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons