Válasszon nyelvet

mic

Részvény

Hivatkozás megosztása

QR code for https://globalrecordings.net/script/7997

unfoldingWord 50 - যীচুৰ পুনৰআগমন

unfoldingWord 50 - যীচুৰ পুনৰআগমন

Áttekintés: Matthew 13:24-42; 22:13; 24:14; 28:18; John 4:35; 15:20; 16:33; 1 Thessalonians 4:13-5:11; James 1:12; Revelation 2:10; 20:10; 21-22

Szkript száma: 1250

Nyelv: Assamese

Közönség: General

Célja: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Állapot: Approved

A szkriptek alapvető irányelvek a más nyelvekre történő fordításhoz és rögzítéshez. Szükség szerint módosítani kell őket, hogy érthetőek és relevánsak legyenek az egyes kultúrák és nyelvek számára. Egyes használt kifejezések és fogalmak további magyarázatot igényelhetnek, vagy akár le is cserélhetők vagy teljesen kihagyhatók.

Szkript szövege

আজি পৰা প্ৰায় ২০০০ বছৰ ধৰি, গোটেই বিশ্বতে যীচু খ্ৰীষ্ট সম্বন্ধীয় শুভবাৰ্তা ঘোষণা কৰি অহা হৈছে ৷ মণ্ডলী বৃদ্ধি হৈ আহি আছে ৷ যীচুৱে পুনৰ এই পৃথিবীলৈ ঘুৰি অহাৰ প্ৰতিজ্ঞা কৰি গৈছিল ৷ যদিও আজিলৈকে তেওঁ অহা নাই, কিন্তু তেওঁ নিজৰ প্ৰতিজ্ঞা সম্পূৰ্ণ কৰিব ৷

আমি যীচুলৈ বুলি অপেক্ষা কৰি এই জগতত থকা সময়ত এক পবিত্ৰ আৰু ঈশ্বৰলৈ ভয়কাৰী জীৱন যাপন কৰাটো ঈশ্বৰে আমাৰ পৰা বিচাৰে ৷ আমি যেন তেওঁৰ ৰাজ্যৰ কথা আনৰ আগত ঘোষণা কৰো তাক ঈশ্বৰে বিচাৰে ৷ যীচু যেতিয়া এই পৃথিবীত জীয়াই আছিল তেতিয়া তেওঁ কৈছিল, “মোৰ শিষ্য সকলে ঈশ্বৰৰ ৰাজ্য সম্বন্ধীয় শুভবাৰ্তা গোটেই পৃথিবীতে প্ৰচাৰ কৰিব, আৰু তেতিয়াহে শেষ আহিব ৷”

আজিও বহুলোকে যীচুৰ বিষয়ে শুনিবলৈ পোৱা নাই ৷ যীচু স্বৰ্গলৈ উলটি যোৱাৰ আগেয়ে খ্ৰীষ্টিয় বিশ্বাসী সকলক তেওঁৰ বিষয়ে কেতিয়াও শুনি নোপোৱা সকলৰ আগত প্ৰচাৰ কৰিবলৈ কৈ গৈছিল ৷ তেওঁ কৈছিল, “যোৱা আৰু আটাই জাতিকে শিষ্য কৰা !” আৰু “পথাৰ শষ্যৰে পৰিপূৰ্ণ হৈ আছে !”

যীচুৱে লগতে কৈছিল, “প্ৰভুতকৈ দাস মহান নহয় ৷ এই পৃথিবীৰ ডাঙৰ ডাঙৰ লোক সকলে মোক ঘিণ কৰিলে, আৰু মোৰ কাৰণে তেওঁলোকে তোমালোককো ঘিণ কৰিব আৰু তাড়না কৰিব ৷ এই পৃথিবীত তোমালোকে তাড়না পাবা, কিন্তু নিশ্চয় হোৱা, কিয়নো এই জগতৰ শাসনকৰ্তা চয়তানক মই পৰাভূত কৰিলো ৷ তোমালোকে যদি শেষলৈকে মোলৈ বিশ্বাসী হৈ থাকা, তেনে হলে ঈশ্বৰে তোমালোকক ৰক্ষা কৰিব ! ”

এই জাগতৰ শেষ হলে মানুহবিলাকৰ কি হব তাক বুজাবৰ বাবে যীচুৱে তেওঁৰ শিষ্য সকলক এটি কাহিনী কৈছিল ৷ তেওঁ কলে, “এজন মানুহে ভাল গুটি তেওঁৰ পথাৰত সিঁচিলে ৷ তেওঁ যেতিয়া শুই আছিলে, তেতিয়া তেওঁৰ শত্ৰু আহি সেই ভাল গুটি সমূহৰ মাজত কিছুমান বনৰীয়া গছৰ গুটি সিঁচি দিয়ে, আৰু তাৰ পৰা আঁতৰি যায় ৷ ”

“যেতিয়া সেই গুটিৰ গজালি ওলাই, তেতিয়াই সেই গৰাকীৰ দাসে কয় যে, ‘প্ৰভু আপুনি পথাৰত ভাল গুটি সিঁচিছিল ৷ কিন্তু সেই বনৰীয়া গছৰ গজালি কৰা পৰা ওলাইছে ?’ মানুহজনে উত্তৰ দি কলে, ‘মোৰ শত্ৰু সকলেহে তাক সিঁচিছে ৷ এইয়া মোৰ কোনো এজন শত্ৰুৰ কাম হয় ৷ ’”

“সেই দাস সকলে নিজ প্ৰভুক উত্তৰ দি কলে, ‘আমি এই বন সমূহ উঘালি দিওঁ নেকি ? প্ৰভুৱে কলে, নালাগে ৷ তোমালোকে যদি তেনে কৰা তেনে হলে বেয়া লগত ধান সমূহও উঘালি আহিব ৷ শেষলৈকে অপেক্ষা কৰা ৷ ইয়াৰ পিছত শষ্য দাবৰ সময়লৈকে দুয়োকো একে লগে বাঢিবলৈ দিয়া ৷ পাছে দাবৰ সময়ত দুয়োকো পৃথক কৰি বনবোৰ গোটাই পুৰিবি, কিন্তু ধান মোৰ ভঁৰালত চপাই থবিহঁক ৷ ’”

শিষ্য সকলে সেই কাহিনীটোৰ অৰ্থ বুজি নাপালে, গতিকে তেলোকে যীচুক তাৰ অৰ্থ বুজাই দিবৰ বাবে কলে ৷ যীচুৱে কলে, ইয়াৰ অৰ্থ হৈছে, “যি মানুহে ভাল কঠিয়া সিঁচে সেই জন হৈছে মচীহ ৷ পথৰ খনৰ অৰ্থ হৈছে পৃথিবী ৷ ভাল কঠিয়া সমূহ হৈছে ঈশ্বৰৰ ৰাজ্যৰ লোক সকল ৷”

“বনৰীয়া বনে সেই সকল লোকক বুজাই যি সকল চয়তানৰ পক্ষত আছে ৷ মানুহৰ শত্ৰু, যিয়ে সেই বন সিঁচিলে, সেয়া হৈছে চয়তান ৷ ধান দোৱাৰ সময় হৈছে, জগতৰ শেষ সময়, আৰু সেই ধান দোৱা সকল হৈছে ঈশ্বৰৰ দূত সকল ৷”

“যেতিয়া জগত শেষ হব, তেতিয়া দূতে চয়তানৰ পক্ষৰ লোক সকলক এক গোট কৰিব ৷ দূতে তেওঁলোকক অতি ভয়ানক জুইত পেলাব ৷ তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু অতিশয় কষ্ট পাব ৷ পাছে যি সকল ধাৰ্ম্মিক, যীচুক অনুকৰণ কৰা লোক, তেওঁ লোক পিতৃ ঈশ্বৰৰ ৰাজ্যত সূৰ্য্যৰ পোহৰৰ দৰে জিলিকিব ৷”

যীচুৱে লগতে কৈছে যে পৃথিবীখন শেষ হোৱাৰ আগে আগে তেওঁ পুনৰায় আহিব ৷ তেওঁ যেনেকৈ উলটি গৈছিল তেনেকৈয়ে আহিব ৷ ইয়াৰ অৰ্থ হল, তেওঁ শৰীৰিক ভাৱে ডাৱৰৰ ওপৰেদি আহিব ৷ যেতিয়া যীচু উলটি আহিব, তেতিয়া তেওঁৰ নামত মৃত্যু হোৱা প্ৰতিজন খ্ৰীষ্টিয়ান লোক মৰাৰ পৰা জীয়াই উঠিব আৰু আকাশত তেওঁক লগ ধৰিব ৷

আৰু সেই সয়মলৈকে জীয়াই থকা খ্ৰীষ্টিয়ান সকলো আকাশলৈ উঠিব আৰু মৰাৰ পৰা জী উঠা সেই খ্ৰীষ্টিয়ান লোক সকলৰ লগ হব ৷ আৰু তেওঁবিলাক একেলগে যীচুৰ লগ হব ৷ ইয়াৰ পিছত, যীচুৱে সেই লোক সকলৰ লগত বাস কৰিব ৷ আৰু সদা কালৰ বাবে শান্তি প্ৰতিস্থা হব ৷

তেওঁত বিশ্বাস কৰা সকলোকে যীচুৱে একোটাকৈ মুকুত দিয়াৰ কথা প্ৰতিজ্ঞা কৰিছে ৷ তেওঁলোকে ঈশ্বৰৰ সৈতে সদাকালৰ বাবে বাস কৰিব ৷ তেওঁবিলাকে প্ৰকৃত শান্তি লাভ কৰিব ৷

পাছে যীচুত বিশ্বাস নকৰা সকলোকে ঈশ্বৰে শাস্তি বিহিব ৷ তেওঁ তেওঁবিলাকক নৰকত পেলাব ৷ তাত তেওঁৰ ক্ৰন্দন আৰু দাঁত কৰচনি হব, আৰু সদাকালৰ বাবে তেওঁবিলাকে যাতনা পাব ৷ কেতিয়াও শেষ নোহোৱা জুইয়ে তেওঁবিলাকক পুৰিব, আৰু পোক সমূহে সকলো সময়তে তেওঁলোকক খাই থাকিব ৷

যেতিয়া যীচু উলটি আহিব, তেতিয়া যীচুৱে চয়তান আৰু তাৰ ৰাজ্য সম্পূৰ্ণ ৰূপে ধংস কৰিব ৷ তেওঁ চয়তানক নৰকত পেলাব ৷ আৰু ঈশ্বৰৰ বিৰুদ্ধীতা কৰা সকলৰ সৈতে চয়তান সদাকালৰ বাবে তাত জ্বলি থাকিব ৷

যিহেতু আদম আৰু হৱা ঈশ্বৰৰ অবাধ্য হল আৰু পাপ এই জগতলৈ আহিলে, ঈশ্বৰে তাক শাও দিবলৈ আৰু ধংস কৰিবলৈ সিদ্ধান্ত ললে ৷ পাছে ঈশ্বৰে পুনৰ এক নিখূত নতুন স্বৰ্গ আৰু নতুন আকাশমণ্ডল নিৰ্মাণ কৰিব ৷

যীচু আৰু তেওঁৰ লোক সকল সেই নতুন পৃথিবীত বসবাস কৰিব, আৰু সদাকালৰ বাবে শাসন কৰিব ৷ তেওঁ সকলোৰে চকুৰ পৰা চকু পানী আঁতৰাই পেলাব ৷ কোনো লোক দূখিত নহব আৰু কষ্ট নাপাব ৷ তেওঁলোকে ক্ৰন্দন নকৰিব ৷ তাত ৰোগ বা মৃত্যু নাথাকিব ৷ আৰু কোনো পাপ তাত নাথাকিব ৷ যীচুৱে তেওঁৰ ৰাজ্য ধাৰ্ম্মিকতাৰে শাসন কৰিব আৰু তাত শান্তি থাকিব ৷ তেওঁ সদায়ে তেওঁৰ লোকৰ সকলৰ লগত থাকিব ৷

Kapcsolódó információ

Az Élet Szavai - Hangos evangéliumi üzenetek több ezer nyelven, amelyek Biblián alapuló üzeneteket tartalmaznak az üdvösségről és a keresztény életről.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?