Válasszon nyelvet

mic

Részvény

Hivatkozás megosztása

QR code for https://globalrecordings.net/script/7973

unfoldingWord 26 - যীচুৱে পৰিচৰ্য্যা আৰম্ভ কৰা

unfoldingWord 26 - যীচুৱে পৰিচৰ্য্যা আৰম্ভ কৰা

Áttekintés: Matthew 4:12-25; Mark 1-3; Luke 4

Szkript száma: 1226

Nyelv: Assamese

Közönség: General

Célja: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Állapot: Approved

A szkriptek alapvető irányelvek a más nyelvekre történő fordításhoz és rögzítéshez. Szükség szerint módosítani kell őket, hogy érthetőek és relevánsak legyenek az egyes kultúrák és nyelvek számára. Egyes használt kifejezések és fogalmak további magyarázatot igényelhetnek, vagy akár le is cserélhetők vagy teljesen kihagyhatók.

Szkript szövege

যীচুৱে চয়তানৰ পৰীক্ষাক প্ৰত্যাক্ষ্যান কৰাৰ পাচত, তেওঁ গালীল প্ৰদেশলৈ উলটি গল ৷ সেয়া তেওঁৰ বাসস্থান আছিল ৷ পবিত্ৰ আত্মাৰ দ্বাৰাই শক্তিৱন্ত হৈ যীচুৱে বিভিন্ন ঠাই সমূহ ভ্ৰমণ কৰিলে আৰু লোক সমূহক শিক্ষা প্ৰদান কৰিলে ৷ সকলোৱে তেওঁৰ বিষয়ে ভাল মন্তব্য দিলে৷

যীচু নাচৰৎ নগৰলৈ গল ৷ সেই গাৱঁতে তেওঁ লৰালি কালটো পাৰ কৰিছিল ৷ বিশ্ৰাম দিনৰ দিনা, তেওঁ উপাসনা কৰা স্থানলৈ গল ৷ তাত থকা পৰিচালক সকলে তেওঁক যিচয়া পুস্তকৰ এটি নুৰা পঢিবৰ বাবে আগবঢাই দিলে ৷ যীচুৱে সেই নুৰা মেলি তাৰ পৰা এটা অংশ লোক সকলৰ উদ্দেশ্যে পাঠ কৰিলে ৷

যীচুৱে পঢিলে, “প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে, বন্দীয়াৰৰ আগত মুক্তিৰ, আৰু অন্ধবিলাকৰ আগত পুনৰায় চকু পোৱাৰ কথা ঘোষণা কৰিবলৈ, চেপা-খোৱাবিলাকক মুকলি কৰিবলৈ আৰু প্ৰভুৰ গ্ৰহ্য বছৰ ঘোষণা কৰিবলৈ মোক পঠালে ৷”

ইয়াৰ পিছত যীচু বহিল ৷ সকলোৱে তেওঁলৈ চাই আছিল ৷ সকলোৱে জানিছিল যে তেওঁ শাস্ত্ৰৰ যি অংশটো পঢিলে তাত খ্ৰীষ্টৰ বিষয়ে কোৱা হৈছে ৷ যীচুৱে কলে, “মই যি অংশ তোমালোকৰ আগত পাঠ কৰিলো সেয়া এতিয়া সিদ্ধ হবলৈ ধৰিছে ৷” তাত থকা সকলোৱে বিস্ময় মানিলে ৷ তেওঁবিলাকে কলে, “এওঁ যোচেফৰ পুতেক নহয় নে ?”

ইয়াৰ পিছত যীচুৱে কলে, “এইটো সত্য যে নিজ নগৰৰ লোকে সেই ঠাইৰ লোক এজনক কেতিয়াও ভাৱবাদী বুলি গ্ৰহণ নকৰে ৷ এলিয়া সময়তো, ইস্ৰায়লত বহুতো বিধবা আছিল ৷ কিন্তু যেতিয়া তিনি বছৰ ছয় মাহ বৰষুন হোৱা নাছিল, তেতিয়াই ইস্ৰায়লৰ সেই বিধবা তিৰোতা সকলক সহায় কৰিবৰ বাবে ঈশ্বৰে এলিয়াক পঠোৱা নাছিল ৷ কিন্তু ইয়াৰ সলনি তেওঁ এখন বেলেগ দেশৰ বিধবা মহিলাক সহায় কৰিবৰ বাবেহে এলিয়াক পঠিয়াইছিল ৷ ”

যীচুৱে আৰু কলে, “ইলীচা ভাৱবাদীৰ সময়ত, ইস্ৰায়লৰ বহু লোকৰ ছালৰ ৰোগ হৈছিল ৷ কিন্তু ইলীচাই কাকো সুস্থ কৰা নাছিল ৷ তেওঁ ইস্ৰায়লৰ শত্ৰু দেশৰ নামান নামৰ এজন সৈন্য বিষয়াৰ ৰোগ সুস্থ কৰিছিল ৷ ” কিন্তু সেই সময়ত যীচুৰ কথা শুনি থকা লোক সকল ইহূদী আছিল ৷ সেয়েহে তেওঁবিলাক তেওঁৰ কথাত অতিশয় অসন্তুষ্ট হৈছিল ৷

নাচৰতৰ লোক সকলে যীচুক ধৰি উপাসনা ঠাইৰ পৰা বাহিৰ কৰি দিলে ৷ তেওঁবিলাকে তেওঁক নগৰৰ বাহিৰৰ যি পৰ্ব্বত তাৰ ওপৰৰ পৰা তলত পেলাই মাৰিবলৈ মনস্হ কৰিলে ৷ কিন্তু তেওঁ লোকবিলাকৰ মাজেদি গৈ নাচৰত নগৰৰ বাহিৰলৈ ওলাই গল ৷

তাৰ পিছত তেওঁ গালীৰ প্ৰদেশৰ মাজেদি গল আৰু এক বৃহৎ লোক তেওঁৰ কাষলৈ আহে ৷ তেওঁলোকে নিজৰ লগত অনেক ৰোগী আনিছিল ৷ তাৰে মাজৰ চকুৰে নেদেখা, খোজ কাঢিব নোৱাৰা, কাণেৰে শুনি নোপোৱা বা বোবা আদি লোক সকল আছিল আৰু যীচুৱে সেই সকলোকে সুস্থতা প্ৰদান কৰিলে ৷

ইয়াৰ ওপৰিও অশুচি আত্মাই পোৱা অনেক লোককো তেওঁবিলাকে যীচুৰ ওচৰলৈ আনিছিল ৷ যীচুৱে সেই অশুচি আত্মা সমূহক বাহিৰ হবৰ বাবে নিৰ্দেশ দিছিল আৰু সিবিলাক বাহিৰ হৈছিল ৷ সেই অশুচি আত্মা বিলাকে প্ৰায়ে চিঞৰী কৈছিল, “আপুনি ঈশ্বৰৰ পুত্ৰ হয়!” ইয়াৰ সাক্ষ্য পোৱা লোকবিলাক আচৰিত হৈছিল আৰু তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিছিল ৷

ইয়াৰ পিছত যীচুৱে বাৰজন লোকক মনোনীত কৰে যাক তেওঁ পাঁচনি বুলি অভিহিত কৰিছিল ৷ সেই পাঁচনি সকলে যীচুৰ লগত আছিল আৰু তেওঁৰ পৰা শিক্ষা লাভ কৰিছিল ৷

Kapcsolódó információ

Az Élet Szavai - Hangos evangéliumi üzenetek több ezer nyelven, amelyek Biblián alapuló üzeneteket tartalmaznak az üdvösségről és a keresztény életről.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons