בחר שפה

mic

שתף

שתף קישור

QR code for https://globalrecordings.net/script/7956

unfoldingWord 09 - ঈশ্বৰে মোচিক আহ্বান কৰা

unfoldingWord 09 - ঈশ্বৰে মোচিক আহ্বান কৰা

מתווה: Exodus 1-4

מספר תסריט: 1209

שפה: Assamese

קהל: General

מַטָרָה: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

סטָטוּס: Approved

סקריפטים הם קווים מנחים בסיסיים לתרגום והקלטה לשפות אחרות. יש להתאים אותם לפי הצורך כדי להפוך אותם למובנים ורלוונטיים לכל תרבות ושפה אחרת. מונחים ומושגים מסוימים שבהם נעשה שימוש עשויים להזדקק להסבר נוסף או אפילו להחלפה או להשמיט לחלוטין.

טקסט תסריט

যোচেফৰ মৃত্যুৰ পিছত, তেওঁৰ সকলো পৰিয়ালে ইজিপ্তত থাকিবলৈ ল’লে। তেওঁলোকে তাত বহু বছৰ বস-বাস কৰিল আৰু তেওঁলোকৰ বহুতো সন্তান সন্ততি হ’ল। তেওঁলোকক ইস্ৰায়েলিয়া বুলি মতা হ’ল।

বহু বছৰ পাছত, ইস্ৰায়েলিয়া লোক সকলৰ সংখ্যা ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিল। সেই সময়লৈকে ইজিপ্তৰ লোক সকলেও যোচেফৰ উপকাৰবোৰ পাহৰিলে। তেওঁলোকে ইস্ৰায়েলিয়াবোৰৰ সংখ্যা বৃদ্ধি পোৱা দেখি শংকিত হৈ পৰিল। সেয়েহে, সেই সময়ৰ শাসনকৰ্ত্তা ফৌৰণে ইস্ৰায়েলিয়া সকলক ইজিপ্তৰ দাস বনালে৷

ইজিপ্তৰ লোক সকলে বল প্ৰয়োগ কৰি ইস্ৰায়েলিয়া সকলক, বহু অত্তালিকা আৰু নগৰবোৰ নিমান কৰা কাৰ্য্যত ব্যৱহাৰ কৰিলে। সেই কঠোৰ কামবোৰে তেওঁলোকক দুৰদশা গ্ৰস্ত কৰি পোলালে, কিন্তু ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিলে আৰু তেওঁলোকে অনেক সন্তান সন্ততি লাভ কৰিলে।

ফৌৰণে ইস্ৰায়েলিয়াবোৰৰ বহুতো সন্তান- সন্ততি হোৱা দেখি, তেওঁৰ লোক সকলক ইস্ৰায়েলিয়াবোৰৰ লৰা সন্তানবোৰক নীল নদীত পেলাই মাৰিবলৈ আদেশ দিলে।

এক নিশ্চিত ইস্ৰায়েলিয়া মহিলা এগৰাকীয়ে এটা লৰা সন্তান জন্ম দিলে। তেওঁ আৰু তেওঁৰ স্বামীয়ে সেই লৰাটোক যিমান দিন পাৰে সিমান দিনলৈকে লুকুৱাই ৰাখিলে।

যেতিয়া সেই সন্তানটিৰ পিতৃ মাতৃয়ে তাক আৰু লুকুৱাবলৈ অসমৰ্থ হৈ পৰিল, তেতিয়া তেওঁলোকে পানীত ওপঙি থাকিব পৰা এটা পাচিত ভৰাই তাক নীল নদীৰ কাষত নলনীত থলেগৈ, যাতে সেই সন্তানটোৱে ৰক্ষা পায়। আৰু তাৰ ডাঙৰ বায়েকে তাক দূৰৈৰ পৰা মনে মনে চাই থাকিল।

সেই সময়ত ফৌৰণৰ এগৰাকী জীয়েকে নদীত উটি অহা সেই পাচি দেখা পাই তাক চালে আৰু যেতিয়া তাই সেই পাচিটোৰ ভিতৰত এটা শিশু দেখা পালে, তাই তাক নিজৰ কৰিবলৈ লৈ গ’ল। তাই তাক লালন পালন কৰিবলৈ এগৰাকী ইস্ৰায়েলিয়া মহিলাক ৰাখিলে আৰু এই কথা নাজানিলে যে সেই গৰাকীয়েই প্ৰকৃততে শিশুটিৰ মাক আছিল। সেই সৰু শিশুটি যেতিয়াই মাকৰ পিয়াহ নোখেৱাকৈ থাকিব পৰা বয়স হ’ল সেই সময়ত সেই ধাত্ৰী গৰাকীয়ে তাক ফৌৰণৰ জীয়েকক ওভটাই দিলে, তাই তাৰ নাম মোচি থলে।

এদিনাখন, মোচি যেতিয়া ডাঙৰ হ’ল, তেওঁ দেখিলে যে এগৰাকী ইজিপ্ত দেশৰ ব্যক্তিয়ে এজন ইস্ৰায়েলিয়া ব্যক্তিক মাৰি আছে। সেই সময়ত মোচিয়ে সেই ইস্ৰায়েলিয়া ব্যক্তিজনক ৰক্ষা কৰিলে।

মোচিয়ে কোনো লোকে তেওঁক দেখা নাই বুলি ভাবি, তেওঁ সেই ইজিপ্তৰ ব্যক্তি জনক হত্যা কৰিলে আৰু তাক পুতি ৰাখিলে। কিন্তু তেনে অৱস্থাতো মোচক সেই কৰ্ম কৰা এজন লোকে দেখা পালে।

অৱশেষত মোচিৰ সেই কৰ্মৰ বিষয়ে ফৌৰণেও জানিব পাৰিলে। তেওঁ মোচিক মাৰিবলৈ চেষ্টা কৰিলে, কিন্তু মোচিয়ে তাকে জানি ইজিপ্তৰ পৰা পলাই গ’ল। ফৌৰণৰ সৈন্য বিলাকে মোচিক বিচাৰি উলিয়াব নোৱাৰিলে।

মোচিয়ে ইজিপ্তৰ পৰা বহু দূৰৈলৈ গৈ মৰুপ্ৰান্তত মেৰছগ ৰখীয়া হ’ল। তেওঁ সেই ঠাইৰ এগৰাকী মহিলাক বিয়া কৰালে আৰু তেওঁলোকৰ দুজন সন্তান হ’ল।

মোচিয়ে তেওঁৰ শহুৰেৰ ঘৰৰ মেৰবোৰৰ ৰখীয়া কাম কৰিলে। এদিনাখন, তেওঁ এজোপা গছ জলি থকা দেখা পালে, কিন্তু সেই গছজোপা জলি ভস্ম হোৱা নছিল। তেওঁ সেই গছজোপাৰ ওচৰৰ পৰা চাবলৈ গ’ল। যেতিয়া তেওঁ সেই ঠাইৰ অতি ওচৰ পালেগৈ, ঈশ্বৰে তেওঁক ক’লে, ‘‘ মোচি, তোমাৰ ভৰিৰ পাদুকা খোলা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা সেই ঠাই পবিত্ৰ।’’

ঈশ্বৰে আৰু ক’লে, ‘‘ মই মোৰ লোক সকলক অনেক যাতনা পোৱা দেখা পালো। মই তোমাক ফৌৰণৰ ওচৰলৈ পঠিয়াম যাতে তুমি ইস্ৰায়েলিয়া সকলক ইজিপ্ত দেশৰ বন্দি অৱস্থাৰ পৰা ঘূৰাই আনিব পাৰা। মই তেওঁলোকক কানান দেশ দিম, যি ঠাইৰ বিষয়ে মই আব্ৰাহাম, ইচাহাক আৰু যাকোবক প্ৰতিজ্ঞা কৰিছিলো।

মোচিয়ে সুধিলে, ‘‘ মোক কোনে পঠিয়ালে এই বুলি মানুহে যদি মোক সোধে মই কি উত্তৰ দিম? ’’ ঈশ্বৰে ক’লে, ‘‘ মই আছোঁ জনা”। ‘তেওঁলোকক কবা ময়েই সেইজন, যি জনে তোমাক পঠিয়ালে। ‘ তেওঁলোকক ইয়াকো ক’বা যে, মই যিহোৱা, তোমালোকৰ ওপৰ পিতৃ আব্ৰাহাম, ইচাহাক আৰু যাকোবৰ ঈশ্বৰ। এইটো মোৰ নাম মই সব্বকালৰ ঈশ্বৰ।’’

মোচিয়ে ফৌৰণৰ ওচৰলৈ যাবলৈ ভয় কৰিলে কিয়নো তেওঁ ভালদৰে কথা ক’ব নোৱাৰিছিল, সেয়েহে ঈশ্বৰে মোচিক সহায় কৰিবলৈ মোচিৰ ভায়েক এজনক পঠিয়ালে।

מידע קשור

Words of Life - Audio gospel messages in thousands of languages containing Bible-based messages about salvation and Christian living.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons