unfoldingWord 44 - পিতৰ আৰু যোহনে এজন ভিক্ষাৰীক সুস্থ কৰা
Pääpiirteet: Acts 3-4:22
Käsikirjoituksen numero: 1244
Kieli: Assamese
Yleisö: General
Tarkoitus: Evangelism; Teaching
Features: Bible Stories; Paraphrase Scripture
Tila: Approved
Käsikirjoitukset ovat perusohjeita muille kielille kääntämiseen ja tallentamiseen. Niitä tulee mukauttaa tarpeen mukaan, jotta ne olisivat ymmärrettäviä ja merkityksellisiä kullekin kulttuurille ja kielelle. Jotkut käytetyt termit ja käsitteet saattavat vaatia lisäselvitystä tai jopa korvata tai jättää kokonaan pois.
Käsikirjoitusteksti
এদিনাখন পিতৰ আৰু যোহন মন্দিৰলৈ গৈছিল ৷ এজন খোৰা মানুহ দুৱাৰৰ মূখত বহি ভিক্ষা বিচাৰি আছিল ৷
তেতিয়া পিতৰে সেই খোৰা মানুহ জনলৈ চালে আৰু কলে, “মোৰ ৰূপ বা সোণ নাই, কিন্তু যি আছে, তাকে তোমাক দিওঁ, যীচুৰ নামেৰে খোজ কাঢি ফুৰা !”
তেতিয়াই, ঈশ্বৰে সেই খোৰা মানুহজনক সুস্থ কৰিলে ৷ সি খোজ কাঢিলে আৰু জপিয়াব ধৰিলে, আৰু ঈশ্বৰৰ প্ৰশংসা কৰিলে ৷ তাতে মন্দিৰৰ বাৰাণ্ডাত থকা লোক সকলে অতিশয় বিস্ময় মানিলে ৷
সেই সময়ত সুস্থতা লাভ কৰা ব্যক্তি জনক চাবৰ বাবে এদল লোক আহিলে ৷ পিতৰে তেওঁলোকক কলে, “এই মানুহজন সুস্থ হৈছে, কিন্তু ইয়াত আচৰিত নহবা ৷ আমি নিজৰ শক্তিৰে বা আমাৰ ভক্তিৰ দ্বাৰাই তেওঁ সুস্থ হোৱা নাই ৷” কিন্তু, যীচুৱে তেওঁৰ শক্তিৰ দ্বাৰাই এই মানুহজনক সুস্থ কৰিলে কাৰণ আমি তেওঁত বিশ্বাস কৰোঁ ৷”
“তোমালোকেই যীচুক ৰোমান শাসনকৰ্তাৰ হাতত মৃত্যু হবৰ বাবে শোধাই দিছিলা ৷ যি জনে সকলোকে জীৱন দিয়ে তেওঁকে তোমালোকে বধ কৰিলা ৷ কিন্তু ঈশ্বৰে তেওঁক জীয়াই তুলিলে ৷ মই জানিছো, তোমালোকৰ শাসনকৰ্ত্তাসকলে আৰু তোমালোকে নুবুজিয়েই সেই কৰ্ম্ম কৰিলা ৷ কিন্তু ঈশ্বৰে তেওঁৰ দুখভোগৰ কথা ভাববাদী সকলৰ মুখেৰে আগেয়ে কোৱাইছিল, তাক এই দৰে সিদ্ধ কৰিলে ৷ ”
যেতিয়া মন্দিৰৰ পৰিচালক সকলে পিতৰ আৰু যোহনে কথা শুনিলে তেতিয়া তেওঁবিলাকে অতিশয় বিৰক্তি পালে ৷ সেয়েহে তেওঁলোকে তেওঁলোক দুজনক বন্দী কৰি কাৰাগাৰত ৰাখি থলে ৷ পাছে পিতৰৰ কথাত বহু লোকে বিশ্বাস কৰিলে ৷ যীচুক বিশ্বাস কৰা লোকৰ সংখ্যা তেতিয়া প্ৰায় পাঁচ হাজাৰমান হল ৷
পিছদিনা, যিহূদী পৰিচালক সকলে পিতৰ আৰু যোহনক মহা পুৰোহিত আৰু আন ধৰ্ম্মীয় নেতা সকলৰ আগলৈ আনিলে ৷ তেওঁলোকে সেই খোৰা ব্যক্তি জনকো আনিলে ৷ তেওঁলোকে পিতৰ আৰু যোহনক সুধিলে, “কাৰ শক্তিৰ দ্বাৰাই তোমালোকে এই খোৰা ব্যক্তি জনক সুস্থ কৰিলা ?”
পিতৰে উত্তৰ দি কলে, “তোমালোকৰ আগত থিয় হৈ থকা এই ব্যক্তিজন মচীহ, যীচু খ্ৰীষ্টৰ শক্তিৰ দ্বাৰাই সুস্থ হৈছে ৷ তোমালোকে যীচুক ক্ৰুচত দিলা, কিন্তু ঈশ্বৰে তেওঁক পুনৰায় জীয়াই তুলিলে ! তোমালোকে তেওঁক অগ্ৰাস্য কৰিলা, কিন্তু যীচুৰ শক্তিৰ বিনে আন কতো পৰিত্ৰাণ নাই !”
পিতৰ আৰু যোহনৰ এনে সাহ দেখি তেওঁবিলাকে বিস্ময় মানিলে ৷ তেওঁলোকে, তেওঁলোকক অশিক্ষিত সাধাৰণ লোক বুলি ভাবিছিল ৷ তাৰ পিছত তেওঁলোকৰ মনত পৰিল যে এই মানুহ কেইজন যীচুৰ লগত আছিল ৷ গতিকে তেওঁলোকে তেওঁলোকক কলে, “তোমালোকে যদি যীচুৰ কথা আৰু ঘোষণা কৰা তেনে হলে কঠোৰ শাস্তিৰ সন্মূখিন হবা ৷” এই দৰে ভয় দেখুৱাই তেওঁবিলাকে পিতৰ আৰু যোহনক যাবলৈ দিয়ে ৷