unfoldingWord 50 - যীচুৰ পুনৰআগমন

unfoldingWord 50 - যীচুৰ পুনৰআগমন

Esquema: Matthew 13:24-42; 22:13; 24:14; 28:18; John 4:35; 15:20; 16:33; 1 Thessalonians 4:13-5:11; James 1:12; Revelation 2:10; 20:10; 21-22

Número de guión: 1250

Idioma: Assamese

Audiencia: General

Tipo: Bible Stories & Teac

Propósito: Evangelism; Teaching

Citación Biblica: Paraphrase

Estado: Approved

Los guiones son pautas básicas para la traducción y grabación a otros idiomas. Deben adaptarse según sea necesario para que sean comprendidas y relevantes para cada cultura e idioma diferentes. Algunos términos y conceptos utilizados pueden necesitar más explicación o incluso ser reemplazados o omitidos por completo.

Guión de texto

আজি পৰা প্ৰায় ২০০০ বছৰ ধৰি, গোটেই বিশ্বতে যীচু খ্ৰীষ্ট সম্বন্ধীয় শুভবাৰ্তা ঘোষণা কৰি অহা হৈছে ৷ মণ্ডলী বৃদ্ধি হৈ আহি আছে ৷ যীচুৱে পুনৰ এই পৃথিবীলৈ ঘুৰি অহাৰ প্ৰতিজ্ঞা কৰি গৈছিল ৷ যদিও আজিলৈকে তেওঁ অহা নাই, কিন্তু তেওঁ নিজৰ প্ৰতিজ্ঞা সম্পূৰ্ণ কৰিব ৷

আমি যীচুলৈ বুলি অপেক্ষা কৰি এই জগতত থকা সময়ত এক পবিত্ৰ আৰু ঈশ্বৰলৈ ভয়কাৰী জীৱন যাপন কৰাটো ঈশ্বৰে আমাৰ পৰা বিচাৰে ৷ আমি যেন তেওঁৰ ৰাজ্যৰ কথা আনৰ আগত ঘোষণা কৰো তাক ঈশ্বৰে বিচাৰে ৷ যীচু যেতিয়া এই পৃথিবীত জীয়াই আছিল তেতিয়া তেওঁ কৈছিল, “মোৰ শিষ্য সকলে ঈশ্বৰৰ ৰাজ্য সম্বন্ধীয় শুভবাৰ্তা গোটেই পৃথিবীতে প্ৰচাৰ কৰিব, আৰু তেতিয়াহে শেষ আহিব ৷”

আজিও বহুলোকে যীচুৰ বিষয়ে শুনিবলৈ পোৱা নাই ৷ যীচু স্বৰ্গলৈ উলটি যোৱাৰ আগেয়ে খ্ৰীষ্টিয় বিশ্বাসী সকলক তেওঁৰ বিষয়ে কেতিয়াও শুনি নোপোৱা সকলৰ আগত প্ৰচাৰ কৰিবলৈ কৈ গৈছিল ৷ তেওঁ কৈছিল, “যোৱা আৰু আটাই জাতিকে শিষ্য কৰা !” আৰু “পথাৰ শষ্যৰে পৰিপূৰ্ণ হৈ আছে !”

যীচুৱে লগতে কৈছিল, “প্ৰভুতকৈ দাস মহান নহয় ৷ এই পৃথিবীৰ ডাঙৰ ডাঙৰ লোক সকলে মোক ঘিণ কৰিলে, আৰু মোৰ কাৰণে তেওঁলোকে তোমালোককো ঘিণ কৰিব আৰু তাড়না কৰিব ৷ এই পৃথিবীত তোমালোকে তাড়না পাবা, কিন্তু নিশ্চয় হোৱা, কিয়নো এই জগতৰ শাসনকৰ্তা চয়তানক মই পৰাভূত কৰিলো ৷ তোমালোকে যদি শেষলৈকে মোলৈ বিশ্বাসী হৈ থাকা, তেনে হলে ঈশ্বৰে তোমালোকক ৰক্ষা কৰিব ! ”

এই জাগতৰ শেষ হলে মানুহবিলাকৰ কি হব তাক বুজাবৰ বাবে যীচুৱে তেওঁৰ শিষ্য সকলক এটি কাহিনী কৈছিল ৷ তেওঁ কলে, “এজন মানুহে ভাল গুটি তেওঁৰ পথাৰত সিঁচিলে ৷ তেওঁ যেতিয়া শুই আছিলে, তেতিয়া তেওঁৰ শত্ৰু আহি সেই ভাল গুটি সমূহৰ মাজত কিছুমান বনৰীয়া গছৰ গুটি সিঁচি দিয়ে, আৰু তাৰ পৰা আঁতৰি যায় ৷ ”

“যেতিয়া সেই গুটিৰ গজালি ওলাই, তেতিয়াই সেই গৰাকীৰ দাসে কয় যে, ‘প্ৰভু আপুনি পথাৰত ভাল গুটি সিঁচিছিল ৷ কিন্তু সেই বনৰীয়া গছৰ গজালি কৰা পৰা ওলাইছে ?’ মানুহজনে উত্তৰ দি কলে, ‘মোৰ শত্ৰু সকলেহে তাক সিঁচিছে ৷ এইয়া মোৰ কোনো এজন শত্ৰুৰ কাম হয় ৷ ’”

“সেই দাস সকলে নিজ প্ৰভুক উত্তৰ দি কলে, ‘আমি এই বন সমূহ উঘালি দিওঁ নেকি ? প্ৰভুৱে কলে, নালাগে ৷ তোমালোকে যদি তেনে কৰা তেনে হলে বেয়া লগত ধান সমূহও উঘালি আহিব ৷ শেষলৈকে অপেক্ষা কৰা ৷ ইয়াৰ পিছত শষ্য দাবৰ সময়লৈকে দুয়োকো একে লগে বাঢিবলৈ দিয়া ৷ পাছে দাবৰ সময়ত দুয়োকো পৃথক কৰি বনবোৰ গোটাই পুৰিবি, কিন্তু ধান মোৰ ভঁৰালত চপাই থবিহঁক ৷ ’”

শিষ্য সকলে সেই কাহিনীটোৰ অৰ্থ বুজি নাপালে, গতিকে তেলোকে যীচুক তাৰ অৰ্থ বুজাই দিবৰ বাবে কলে ৷ যীচুৱে কলে, ইয়াৰ অৰ্থ হৈছে, “যি মানুহে ভাল কঠিয়া সিঁচে সেই জন হৈছে মচীহ ৷ পথৰ খনৰ অৰ্থ হৈছে পৃথিবী ৷ ভাল কঠিয়া সমূহ হৈছে ঈশ্বৰৰ ৰাজ্যৰ লোক সকল ৷”

“বনৰীয়া বনে সেই সকল লোকক বুজাই যি সকল চয়তানৰ পক্ষত আছে ৷ মানুহৰ শত্ৰু, যিয়ে সেই বন সিঁচিলে, সেয়া হৈছে চয়তান ৷ ধান দোৱাৰ সময় হৈছে, জগতৰ শেষ সময়, আৰু সেই ধান দোৱা সকল হৈছে ঈশ্বৰৰ দূত সকল ৷”

“যেতিয়া জগত শেষ হব, তেতিয়া দূতে চয়তানৰ পক্ষৰ লোক সকলক এক গোট কৰিব ৷ দূতে তেওঁলোকক অতি ভয়ানক জুইত পেলাব ৷ তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু অতিশয় কষ্ট পাব ৷ পাছে যি সকল ধাৰ্ম্মিক, যীচুক অনুকৰণ কৰা লোক, তেওঁ লোক পিতৃ ঈশ্বৰৰ ৰাজ্যত সূৰ্য্যৰ পোহৰৰ দৰে জিলিকিব ৷”

যীচুৱে লগতে কৈছে যে পৃথিবীখন শেষ হোৱাৰ আগে আগে তেওঁ পুনৰায় আহিব ৷ তেওঁ যেনেকৈ উলটি গৈছিল তেনেকৈয়ে আহিব ৷ ইয়াৰ অৰ্থ হল, তেওঁ শৰীৰিক ভাৱে ডাৱৰৰ ওপৰেদি আহিব ৷ যেতিয়া যীচু উলটি আহিব, তেতিয়া তেওঁৰ নামত মৃত্যু হোৱা প্ৰতিজন খ্ৰীষ্টিয়ান লোক মৰাৰ পৰা জীয়াই উঠিব আৰু আকাশত তেওঁক লগ ধৰিব ৷

আৰু সেই সয়মলৈকে জীয়াই থকা খ্ৰীষ্টিয়ান সকলো আকাশলৈ উঠিব আৰু মৰাৰ পৰা জী উঠা সেই খ্ৰীষ্টিয়ান লোক সকলৰ লগ হব ৷ আৰু তেওঁবিলাক একেলগে যীচুৰ লগ হব ৷ ইয়াৰ পিছত, যীচুৱে সেই লোক সকলৰ লগত বাস কৰিব ৷ আৰু সদা কালৰ বাবে শান্তি প্ৰতিস্থা হব ৷

তেওঁত বিশ্বাস কৰা সকলোকে যীচুৱে একোটাকৈ মুকুত দিয়াৰ কথা প্ৰতিজ্ঞা কৰিছে ৷ তেওঁলোকে ঈশ্বৰৰ সৈতে সদাকালৰ বাবে বাস কৰিব ৷ তেওঁবিলাকে প্ৰকৃত শান্তি লাভ কৰিব ৷

পাছে যীচুত বিশ্বাস নকৰা সকলোকে ঈশ্বৰে শাস্তি বিহিব ৷ তেওঁ তেওঁবিলাকক নৰকত পেলাব ৷ তাত তেওঁৰ ক্ৰন্দন আৰু দাঁত কৰচনি হব, আৰু সদাকালৰ বাবে তেওঁবিলাকে যাতনা পাব ৷ কেতিয়াও শেষ নোহোৱা জুইয়ে তেওঁবিলাকক পুৰিব, আৰু পোক সমূহে সকলো সময়তে তেওঁলোকক খাই থাকিব ৷

যেতিয়া যীচু উলটি আহিব, তেতিয়া যীচুৱে চয়তান আৰু তাৰ ৰাজ্য সম্পূৰ্ণ ৰূপে ধংস কৰিব ৷ তেওঁ চয়তানক নৰকত পেলাব ৷ আৰু ঈশ্বৰৰ বিৰুদ্ধীতা কৰা সকলৰ সৈতে চয়তান সদাকালৰ বাবে তাত জ্বলি থাকিব ৷

যিহেতু আদম আৰু হৱা ঈশ্বৰৰ অবাধ্য হল আৰু পাপ এই জগতলৈ আহিলে, ঈশ্বৰে তাক শাও দিবলৈ আৰু ধংস কৰিবলৈ সিদ্ধান্ত ললে ৷ পাছে ঈশ্বৰে পুনৰ এক নিখূত নতুন স্বৰ্গ আৰু নতুন আকাশমণ্ডল নিৰ্মাণ কৰিব ৷

যীচু আৰু তেওঁৰ লোক সকল সেই নতুন পৃথিবীত বসবাস কৰিব, আৰু সদাকালৰ বাবে শাসন কৰিব ৷ তেওঁ সকলোৰে চকুৰ পৰা চকু পানী আঁতৰাই পেলাব ৷ কোনো লোক দূখিত নহব আৰু কষ্ট নাপাব ৷ তেওঁলোকে ক্ৰন্দন নকৰিব ৷ তাত ৰোগ বা মৃত্যু নাথাকিব ৷ আৰু কোনো পাপ তাত নাথাকিব ৷ যীচুৱে তেওঁৰ ৰাজ্য ধাৰ্ম্মিকতাৰে শাসন কৰিব আৰু তাত শান্তি থাকিব ৷ তেওঁ সদায়ে তেওঁৰ লোকৰ সকলৰ লগত থাকিব ৷

Información relacionada

Palabras de Vida - GRN tiene mensajes audios en miles de idiomas que contienen mensajes basados en la Biblia acerca de la salvación y la vida cristiana.

Descargas gratis - Aquí puede encontrar los guiones principales de GRN en varios idiomas y también imágenes y otros materiales relacionados. Todos están disponibles para descargar.

Librería de audio de GRN - Material evangelistico y de enseñanza adecuado a las necesidades y a la cultura en variedad de stilos y formatos

Copyright and Licensing - GRN shares it's audio, video and written scripts under Creative Commons

Choosing the right audio or video format - What audio and video file formats are available from GRN, and which one is best to use?