unfoldingWord 40 - যীচুক ক্ৰুচবিদ্ধ কৰা
План: Matthew 27:27-61; Mark 15:16-47; Luke 23:26-56; John 19:17-42
Нумар сцэнарыя: 1240
мова: Assamese
Аўдыторыя: General
Жанр: Bible Stories & Teac
Прызначэнне: Evangelism; Teaching
Біблейская цытата: Paraphrase
Статус: Approved
Скрыпты - гэта асноўныя рэкамендацыі для перакладу і запісу на іншыя мовы. Яны павінны быць адаптаваны па меры неабходнасці, каб зрабіць іх зразумелымі і актуальнымі для кожнай культуры і мовы. Некаторыя выкарыстаныя тэрміны і паняцці могуць мець патрэбу ў дадатковых тлумачэннях або нават быць замененымі або цалкам апушчанымі.
Тэкст сцэнара
সৈন্যবিলাকে যীচুক নিন্দা কৰাৰ পিছত, তেওঁবিলাকে তেওঁক ক্ৰুচবিদ্ধ কৰিবৰ বাবে লৈ গল৷ তেওঁক যি ডাল ক্ৰুচত ক্ৰুচবিদ্ধ কৰা হব সেই ক্ৰুচডাল নিজে তুলি নিবৰ বাবে বাধ্য কৰালে ৷
সৈন্যবিলাকে যীচুক গলগথা, অৰ্থাৎ মুৰৰ লাউখোলা নামেৰে এখন ঠাইলৈ আনিলে আৰু তাতে তেওঁবিলাকে তেওঁৰ হাতত আৰু ভৰিত গজাল মাৰি ক্ৰুচত ওলমাই দিয়ে ৷ কিন্তু যীচুৱে কলে, “পিতৃ, এওঁবিলাকক ক্ষমা কৰা কিয়নো এওঁবিলাকে কি কৰিছে তাক এওঁবিলাকে নিজে নাজানে ৷” তেওঁবিলাকে তেওঁক অপবাদ দিবৰ বাবে তেওঁৰ মূৰৰ ওপৰত “এই জনা যিহূদীবিলাকৰ ৰজা যীচু” এই বুলি লিখা এখন ফলক লগালে ৷ পীলাতে তেওঁবিলাকক সেই দৰেই লিখিবৰ বাবে কৈছিল ৷
ইয়াৰ পিছত সৈন্যবিলাকে তেওঁৰ পোচাকক লৈ চিঠী খেলিলে ৷ তেওঁবিলাকে যেতিয়া ইয়াক কৰিলে, ইয়াৰ দ্বাৰাই তেওঁলোকে “তেওঁলোকে নিজৰ মাজত চিঠী খেলি মোৰ কাপোৰ ভগাই লব” এই বুলি যি ভাৱবানী কৰা হৈছিল ইয়াকে সম্পূৰ্ণ কৰিলে ৷
সেই একে সময়তে সৈন্যবিলাকে দুজন ডকাইতকো ক্ৰুচত দিছিল ৷ সিঁহতক যীচুৰ দুয়ো কাষে ক্ৰুচত দিয়া হৈছিল ৷তাৰে এজনে যীচুক নিন্দা কৰিলে, কিন্তু আন জনে কলে, “তুমি ঈশ্বৰলৈ ভয় নকৰানে ? আমি হলে দণ্ডৰ যোগ্যপাত্ৰ, নিজ নিজ কৰ্ম্মৰ উচিত ফল পাইছোঁ, কিন্তু এই জনাই একো অনুচিত কৰ্ম্ম কৰা নাই ৷ ” তাতে তেওঁ যীচুক কলে, “অনুগ্ৰহ কৰি আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোক সুঁৱৰিব ৷” যীচুৱে তেওঁক উত্তৰ দি কলে, “আজিয়েই তুমি পৰমদেশত মোৰ সঙ্গী হবা ৷”
সেই সময়ত তাত থকা লোকসকল আৰু শাসনকৰ্ত্তা সকলেও যীচুক উপহাস কৰিলে ৷ তেওঁলোকে কলে, “তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে ক্ৰুচৰ পৰা নামা আৰু নিজকে ৰক্ষা কৰা !” তেহে আমি তোমাত বিশ্বাস কৰিম ৷
পাছে তেনে সময়তে গোটেই দেশৰ ওপৰতে আন্ধাৰ হল, যদিও তেতিয়া দিনৰ মাজ ভাগ হৈছিল হে ৷ তিনি ঘন্টা সময়ত সেই দেশক আন্ধাৰে আৱৰি ৰাখিলে ৷
তেনেতে যীচুৱে বৰ মাতেৰে ৰিঙিয়াই কলে, “সম্পূৰ্ণ হল! পিতৃ, মই মোৰ আত্মা তোমাৰ হাতত সমৰ্পণ কৰিছো ৷” তাৰ পিছত তেওঁ মূৰ তল কৰি প্ৰাণ ত্যাগ কৰে ৷ যেতিয়া তেওঁৰ মৃত্যু হয়, তাত এক ভুমিকম্প হল ৷ আৰু মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা ফাটি দুছিটা হল ৷
মৃত্যুৰ যোগেদি যীচুৱে লোক সমূহক ঈশ্বৰৰ কাষলৈ যাবৰ বাবে এক বাট মুকলি কৰি দিয়ে ৷ যীচুক পহৰা দি থকা সৈন্যবিলাকে যেতিয়া এই ঘটনা সমূহৰ সাক্ষী হয় তেতিয়া তেওঁলোকে কলে, “সঁচাই এই মানুহ নিৰ্দোষী ৷ এওঁ ঈশ্বৰৰ পুত্ৰ হয় ৷”
তাতে যোচেফ আৰু নীকদীম নামৰ দুজন যিহূদী পৰিচালক আছিল ৷ যীচু যে উদ্ধাৰকৰ্তা হয় এই কথা তেওঁলোকে বিশ্বাস কৰিছিল ৷ তেওঁলোকে পীলাতক যীচুৰ দেহটো বিচাৰিলে ৷ তেওঁলোকে তেওঁৰ দেহাতো শণ সুতাৰে মেৰিয়াই আৰু শিলত খন্দা এটা মৈদামত তেওঁক শুৱাই থলে ৷ ইয়াৰ পিছত তেওঁলোক দুজনে বৰ এচটা শিল বগৰাই দুৱাৰ মুখ বন্ধ কৰি দিয়ে ৷